ETV Bharat / bharat

Delhi CM house attack : দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসগৃহ আক্ৰমণত জড়িত ৮ জনক গ্ৰেপ্তাৰ

author img

By

Published : Mar 31, 2022, 1:06 PM IST

দিল্লীৰ চিভিল লাইনছত থকা অৰবিন্দ কেজৰিৱালৰ বাসগৃহত বিজেপি কৰ্মীৰ আক্ৰমণ (BJP workers attack residence of Arvind Kejriwal)। 'দ্য কাশ্মীৰ ফাইলছ' ছবিখনক লৈ মুখ্যমন্ত্ৰী কেজৰিৱালে কৰা মন্তব্যৰ বিৰুদ্ধে এই আক্ৰমণ । ঘটনাত জড়িত ৮ জনক গ্ৰেপ্তাৰ । বাকীসকলক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত ।

Delhi CM house attack
অৰবিন্দ কেজৰিৱালৰ বাসগৃহত বিজেপি কৰ্মীৰ আক্ৰমণ

নেশ্যনেল ডেস্ক,৩১ মাৰ্চ : শেহতীয়াকৈ 'দ্য কাশ্মীৰ ফাইলছ' ছবিখনক লৈ বিধানসভাত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৰা মন্তব্যক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে (Delhi CM speech on The Kashmir Files)। মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বিজেপিৰ সমৰ্থকসকলে বিভিন্ন স্থানত প্ৰতিবাদ কৰাও দেখা গৈছে । বুধবাৰে চিভিল লাইনছত থকা অৰবিন্দ কেজৰিৱালৰ বাসগৃহত আক্ৰমণো কৰে একাংশ বিজেপি কৰ্মীয়ে (BJP workers attack residence of Arvind Kejriwal)। উক্ত ঘটনাৰ সৈতে জড়িত ৫ জনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে ।

উত্তৰ জিলাৰ উপ-আৰক্ষী আয়ুক্ত সাগৰ সিং কালচিয়ে জনোৱা মতে বুধবাৰে চিভিল লাইনছত থকা মুখ্যমন্ত্ৰীৰ বাসগৃহৰ বাহিৰত বিজেপি যুৱ মৰ্চাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ১৫০ ৰ পৰা ২০০ প্ৰতিবাদকাৰী মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰা কিছু দূৰত্বত সমবেত হয় । দুপৰীয়া প্ৰায় ১ মান বজাত একাংশ প্ৰতিবাদকাৰীয়ে মুখ্যমন্ত্ৰীৰ বাসগৃহৰ বাহিৰত থকা বেৰিকেড ভাঙি ভিতৰলৈ প্ৰৱেশ কৰে ।

প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্ল'গান দিয়ে । কেৱল এয়াই নহয় মুখ্যমন্ত্ৰীৰ ঘৰৰ বাহিৰত থকা গেটত ৰঙৰ এটা বাকচ দলিয়াই । গেটত ৰঙা ৰং সানি দিয়ে । তাত নিৰাপত্তাৰ বাবে স্থাপন কৰা এটা বুম বেৰিয়াৰ ক্ষতিগ্ৰস্ত কৰে আৰু চিচিটিভি কেমেৰাও ভাঙি পেলায় । লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

Delhi CM house attack
অৰবিন্দ কেজৰিৱালৰ বাসগৃহত বিজেপি কৰ্মীৰ আক্ৰমণ

এই ঘটনাই ইতিমধ্যে ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে । আম আদমি পাৰ্টিৰ অভিযোগ বিজেপিৰ সমৰ্থকসকলে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক হত্যাৰ চেষ্টা কৰিছিল । ঘটনাটোৰ সন্দৰ্ভত বুধবাৰে সন্ধিয়া চিভিল লাইনচ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰা হৈছে ।

প্ৰাথমিক তদন্তৰ পাছত ৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে (Five arrested involved in Delhi CM's house attack)। আন অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । সূত্ৰৰ পৰা জানিব পৰা মতে আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক প্ৰতিবাদৰ বাবে অনুমতি দিয়া নাছিল । কিন্তু বে-আইনীভাৱে তেওঁলোকে প্ৰতিবাদ কৰিছিল আৰু মুখ্যমন্ত্ৰীৰ বাসগৃহত আক্ৰমণ কৰিছিল ।

লগতে পঢ়ক :Mob lynching incident in Tripura : ঘটনা সন্দৰ্ভত দুজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.