ETV Bharat / bharat

দিল্লীত কাৰখানাত গেছ চিলিণ্ডাৰ বিস্ফোৰণ

author img

By

Published : Mar 28, 2021, 2:13 PM IST

ৰবিবাৰে নতুন দিল্লীৰ দয়া বস্তি অঞ্চলৰ এটা কুলাৰ নিৰ্মাণ কাৰখানাত গেছ চিলিণ্ডাৰ বিস্ফোৰণ ৷ আহত 8 গৰাকীকৈ কৰ্মচাৰী ৷

দিল্লীত কাৰখানাত গেছ চিলিণ্ডাৰ বিস্ফোৰণ
দিল্লীত কাৰখানাত গেছ চিলিণ্ডাৰ বিস্ফোৰণ

নেচনেল ডেস্ক,28 মাৰ্চ: ৰবিবাৰে নতুন দিল্লীৰ দয়া বস্তি অঞ্চলৰ এটা কুলাৰ নিৰ্মাণ কাৰখানাত গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত আঠ গৰাকীকৈ ব্যক্তি আহত হৈছে । অগ্নি সেৱা কেন্দ্ৰৰ বিষয়া যশপালে সংবাদ মাধ্যমক জনোৱা মতে, কাৰখানাৰ যন্ত্ৰই গেছ চিলিণ্ডাৰত চাপ দিয়াৰ ফলত বিস্ফোৰণ হয় গেছ ভৰ্তি চিলিণ্ডাৰ ।

দিল্লীত কাৰখানাত গেছ চিলিণ্ডাৰ বিস্ফোৰণ

বিস্ফোৰণৰ ফলত কাৰখানাটোৰ কিছু পৰিমাণে ক্ষতিসাধন হয় ৷ অগ্নি নিৰ্বাপক বাহিনীয়ে এক ঘণ্টাৰ পিছত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ আহতসকলক ততাতৈয়াকৈ নিকটৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ সূত্ৰ অনুসৰি, দয়া বস্তিত অবৈধভাৱে শ শ কাৰখানা চলোৱা হৈ থকা হৈছে ৷ য'ত চিলিণ্ডাৰৰ সৈতে বহুতো জ্বলনশীল সামগ্ৰী ব্যৱহাৰ কৰা হয় । ইফালে, বিস্ফোৰণৰ কাৰণ নিশ্চিত কৰিবলৈ দিল্লীৰ অপৰাধ শাখা আৰু স্থানীয় আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়কঃ দেওবাৰে সম্প্ৰচাৰ হ’ব প্ৰধানমন্ত্ৰীৰ মন কি বাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.