ETV Bharat / bharat

বংগত ইডি দলৰ ওপৰত আক্ৰমণ; ডিজিপিক তলৱ ৰাজ্যপালৰ

author img

By ANI

Published : Jan 6, 2024, 10:19 AM IST

বংগত ইডি দলৰ ওপৰত আক্ৰমণ; ডিজিপিক তলৱ ৰাজ্যপালৰ
বংগত ইডি দলৰ ওপৰত আক্ৰমণ; ডিজিপিক তলৱ ৰাজ্যপালৰ

WB Governor on ED Attack : পশ্চিমবংগৰ ৰাজ্যপালে উত্তৰ ২৪ পৰগণা জিলাত ইডি দলৰ সদস্যসকলৰ ওপৰত হোৱা আক্ৰমণক 'ভয়ংকৰ' বুলি অভিহিত কৰে । ৰাজ্যপালে ঘটনা সন্দৰ্ভত গৃহ সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানকো তলৱ কৰে ।

নিউজ ডেস্ক, ৬ জানুৱাৰী : পশ্চিমবংগৰ ৰাজ্যপাল চিভি আনন্দ বসুৱে শুকুৰবাৰে কলকাতাৰ এখন চিকিৎসালয়ত কৰ্তব্যৰত অৱস্থাত আক্ৰমণৰ সন্মুখীন হোৱা প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) বিষয়াসকলক সাক্ষাৎ কৰে ।

উল্লেখ্য যে বৃহস্পতিবাৰে পশ্চিমবংগৰ উত্তৰ ২৪ পৰগণাৰ সন্দেশখালি গাঁৱত ইডি বিষয়াসকলৰ ওপৰত এক আক্ৰমণৰ ঘটনা সংঘটিত হয় । এই ঘটনাত তেওঁলোকৰ বাহনসমূহো ক্ষতিগ্ৰস্ত হয় । ইডিৰ দলটোৱে শাসকীয় তৃণমূল কংগ্ৰেছৰ ব্লক পৰ্যায়ৰ নেতাৰ বাসগৃহত অভিযান চলাবলৈ চেষ্টা কৰাৰ সময়তে এই ঘটমাটো সংঘটিত হয় । ৰেচন কেলেংকাৰীৰ অভিযোগৰ গোচৰৰ সৈতে সম্পৰ্কিত এক ঘটনাত ইডিয়ে অভিযান চলাবলৈ গৈছিল । পৰৱৰ্তী সময়ত আঘাতপ্ৰাপ্ত বিষয়াসকলক কলকাতাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

ইয়াৰ পূৰ্বে শুকুৰবাৰে পশ্চিমবংগৰ ৰাজ্যপালে উত্তৰ ২৪ পৰগণা জিলাত ইডি দলৰ সদস্যসকলৰ ওপৰত হোৱা আক্ৰমণক 'ভয়ংকৰ' বুলি অভিহিত কৰে । ৰাজ্যপালে ঘটনা সন্দৰ্ভত গৃহ সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানকো তলৱ কৰে ।

আনহাতে, সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত বসুৱে লগতে কয় যে গণতন্ত্ৰত বৰ্বৰতা আৰু উপদ্ৰৱ বন্ধ কৰাটো এখন সভ্য চৰকাৰৰ কৰ্তব্য । "এয়া এক ভয়ংকৰ ঘটনা । এইটো উদ্বেগজনক আৰু শোচনীয় । গণতন্ত্ৰত বৰ্বৰতা আৰু উপদ্ৰৱ বন্ধ কৰাটো এখন সভ্য চৰকাৰৰ কৰ্তব্য । যদি এখন চৰকাৰ ইয়াৰ মৌলিক কৰ্তব্য পালনত বিফল হয়, তেন্তে ভাৰতৰ সংবিধানে ইয়াৰ পথ ল'ব । মই উপযুক্ত পদক্ষেপৰ বাবে মোৰ সকলো সাংবিধানিক বিকল্প সংৰক্ষিত ৰাখিছোঁ । এই প্ৰাক-নিৰ্বাচনী হিংসাৰ আগতীয়া সমাপ্তি হ'ব লাগে আৰু এইটো সেই উদ্দেশ্যৰে আৰম্ভণি ।" তেওঁ কয় ।

উল্লেখ্য যে ইডিয়ে বনগাঁও পৌৰসভাৰ প্ৰাক্তন অধ্যক্ষ শংকৰ আধ্যা আৰু তৃণমূল নেতা শ্বেখ শ্বাহজাহানৰ ঘৰত তথাকথিত ৰেচন কেলেংকাৰীৰ গোচৰৰ সন্দৰ্ভত অভিযান চলাই আছিল । শ্বেখ শ্বাহজাহান উত্তৰ ২৪ পৰগণা জিলা পৰিষদৰ মীন পালন আৰু পশু সম্পদ বিষয়া আৰু লগতে সন্দেশখালি ১ৰ ব্লক সভাপতি ।

ইফালে ঘটনা সন্দৰ্ভত অভিযানকাৰী ইডি দলৰ এজন সদস্যই কয়, "ঘটনাস্থলীলৈ আঠজন লোক আহিছিল । আমি তিনিজন ঘটনাস্থলীৰ পৰা আঁতৰি গৈছিলোঁ... তেওঁলোকে আমাক আক্ৰমণ কৰিছিল ।" অৱশ্যে তৃণমূলৰ সাংসদ শান্তানু সেনে অভিযোগ কৰে যে কেন্দ্ৰীয় এজেঞ্চীটোৰ বিষয়াসকলে স্থানীয় লোকসকলক 'উত্তেজিত' কৰিছিল । যাৰ ফলত ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল । "কেন্দ্ৰীয় বাহিনীৰ দ্বাৰা পৰিবেষ্টিত কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ বিষয়াসকলে স্থানীয় লোকসকলক উত্তেজিত কৰিছিল । যাৰ বাবে তেওঁলোকে তাৰ প্ৰত্যুত্তৰ দিয়ে ।" তেওঁ কয় ।

লগতে পঢ়ক :বিজেপিৰ বিৰুদ্ধে সমগ্ৰ দেশত 400 লোকসভা আসনত যুঁজিব ইণ্ডি মিত্ৰজোঁটে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.