ETV Bharat / bharat

ইডিৰ বিষয়াক আক্ৰমণৰ ঘটনা তদন্ত কৰিবলৈ কলকাতাত উপস্থিত ই ডিৰ মুৰব্বী ৰাহুল নবীন

author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 11:36 AM IST

Updated : Jan 9, 2024, 12:30 PM IST

ED director Rahul Naveen arrived in kolkata : কলকাতাত উপস্থিত ইডিৰ মুৰব্বী ৰাহুল নবীন ৷ শুকুৰবাৰে ইডিৰ বিষয়াক আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত তদন্ত কৰিবলৈ ইডিৰ মুৰব্বীগৰাকী কলকাতাত উপস্থিত ৷

ED director Rahul Naveen arrived in kolkata
ইডিৰ বিষয়াক আক্ৰমণৰ ঘটনা তদন্ত কৰিব লৈ কলকাতাত উপস্থিত ই ডিৰ মুৰব্বী ৰাহুল নবীন

নিউজ ডেস্ক, 9 জানুৱাৰী : মঙলবাৰে পুৱা কলকাতাত উপস্থিত প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিৰ মুৰব্বী ৰাহুল নবীন ৷ উল্লেখ্য যে, 5 জানুৱাৰীত ৰেচন বিতৰণত হোৱা কেলংকাৰীৰ সন্দৰ্ভত তদন্ত কৰিবলৈ সন্দেশখালীৰ বনগাঁৱত উপস্থিত হোৱা ই ডিৰ বিষয়াৰ বাহনত আক্ৰমণ কৰিছিল তৃণমূলৰ একাংশ কৰ্মীয়ে ৷ উক্ত ঘটনাত আহত হৈছিল তিনিজনকৈ ইডিৰ বিষয়া ৷ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ নেতা শ্বাহজাহান শ্বেখৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে ৷

কলকাতাৰ ইডি কাৰ্যালয়ে দিল্লীস্থিত ইডিৰ মুখ্য কাৰ্যালয়ক উক্ত ঘটনাৰ সন্দৰ্ভত অৱগত কৰিছিল ৷ সেয়ে মঙলবাৰে পুৱা 11 বজাত ৰাহুল নবীনে কলকতাৰ ইডিৰ বিষয়াসকলৰ সৈতে এক আলোচনাত মিলিত হ’ব ৷ 11 বজাৰ পৰা চি জি অ' কমপ্লেক্সত অনুষ্ঠিত হ’বলগীয়া বৈঠকত উপস্থিত থকিব বিশেষ সঞ্চালক সুভাষ আগৰৱাল, অতিৰিক্ত সঞ্চালক বিনোদ শৰ্মা আৰু ৰেচন বিতৰণ দুৰ্নীতিৰ গোচৰৰ তদন্তকাৰী বিষয়াসকল ৷

অভিযোগ অনুসৰি, ৰেচন বিতৰণ কেলেংকাৰীৰ সন্দৰ্ভত শুকুৰবাৰে সন্দেশখালি 1 নং ব্লকৰ তৃণমূল কংগ্ৰেছৰ সভাপতি শ্বাহজাহান শ্বেখৰ বাসগৃহলৈ গৈছিল ইডিৰ বিষয়াসকল ৷ তেনে সময়তে শ্বাহজাহানৰ নেতৃত্বত শতাধিক ৰাইজে তদন্তকাৰী বিষয়াক আক্ৰমণ কৰিছিল ৷ ৰাইজৰ আক্ৰমণত কেইবাজনো তদন্তকাৰী বিষয়াই মূৰত আঘাত পাইছিল ৷ ইফালে তদন্তকাৰী বিষয়াক সুৰক্ষা দিয়া চি আৰ পি এফক উত্তেজিত ৰাইজে আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ লগতে ভাগি চূৰ্ণ-বিচূৰ্ণ কৰিছিল চি আৰ পি এফৰ বাহনো ৷ তাৰ পিচতো নেতাজনক গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে ৷

সেয়ে পৰৱৰ্তী সময়ত ইডিয়ে কি দৰে তদন্ত প্ৰক্ৰিয়াত আগবাঢ়ি যাব সেই লৈ আজিৰ বৈঠকত আলোচনা কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ৰাজস্থানৰ কৰণপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ ৰূপেন্দ্ৰ সিং কুন্নাৰৰ জয়লাভ

Last Updated : Jan 9, 2024, 12:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.