ED detained Sanjay Raut: শিৱসেনাৰ নেতা সঞ্জয় ৰাউটক আটক ইডিৰ

author img

By

Published : Jul 31, 2022, 8:08 PM IST

ED officials detain Shiv Sena Sanjay Raut

মুম্বাইৰ এটা বস্তিৰ পুনৰ উন্নয়ন আৰু লেনদেনৰ অনিয়মৰ অভিযোগত শিৱসেনাৰ নেতাগৰাকীৰ ঘৰত দেওবাৰে ইডিৰ এটা দলে অভিযান চলায় ৷ এই অভিযানৰ পাছতেই ইডিয়ে শিৱসেনাৰ নেতা সঞ্জয় ৰাউটক আটক কৰে(ED detains Sanjay Raut after raiding his residence) ৷ ইয়াৰ পূৰ্বে ইডিয়ে ৰাউটলৈ দুবাৰকৈ চমন জাৰি কৰিছিল যদিও বিভিন্ন উজুহাতত তেওঁ ইডিৰ সন্মুখত উপস্থিত হোৱাৰ পৰা বিৰত আছিল ৷

নিউজ ডেস্ক, 31 জুলাই : ভূমি কেলেংকাৰী গোচৰত জড়িত থকাৰ অভিযোগত শিৱসেনাৰ নেতা তথা সাংসদ সঞ্জয় ৰাউটক (Shiv Sena leader Sanjay Raut) দেওবাৰে প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে আটক কৰে । ইডিয়ে ৰাউটক প্ৰায় ন ঘণ্টা ধৰি জেৰা চলোৱাৰ পাছত তেওঁক জিম্মাত লয় । সাংসদগৰাকীৰ ঘৰৰ বাহিৰত কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে । ৰাউটৰ সমৰ্থকসকলৰ শ্ল'গানৰ মাজতে ইডিৰ দলে তেওঁক লৈ যায় (ED detains Sanjay Raut after raiding his residence) । ইডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছত ৰাউটে কয়, "মই না হাৰিম বা না দল এৰি যাম’’ ।

  • #WATCH | Mumbai: Earlier visuals of Shiv Sena leader Sanjay Raut when he was taken to the ED office after being detained by ED officials from his residence pic.twitter.com/nZrWKecNeI

    — ANI (@ANI) July 31, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

শিৱসেনাৰ সাংসদ গৰাকীয়ে ইডিৰ কাৰ্যক ষড়যন্ত্ৰ বুলি উল্লেখ কৰে । তেওঁ কয়, "মোৰ বিৰুদ্ধে মিছা অভিযোগ অনা হৈছে ৷ মানুহক মাৰপিট কৰি মিছা প্ৰমাণ সৃষ্টি কৰা হৈছে । এয়া কেৱল মহাৰাষ্ট্ৰ আৰু শিৱসেনাক দুৰ্বল কৰাৰ বাবে, কিন্তু মহাৰাষ্ট্ৰ আৰু শিৱসেনা দুৰ্বল নহয় । সঞ্জয় ৰাউটে কেতিয়াও হাৰ নামানে আৰু দল এৰি নাযায়" বুলি তেওঁ উল্লেখ কৰে ।

ED officials detain Shiv Sena Sanjay Raut
শিৱসেনাৰ নেতা সঞ্জয় ৰাউটক আটক ইডিৰ

উল্লেখ্য যে, 1,034 কোটি টকা ভূমি কেলেংকাৰী সম্পৰ্কীয় এটা মানি লণ্ডাৰিং গোচৰত সঞ্জয় ৰাউটৰ বিৰুদ্ধে তদন্ত চলি আছে(Patra Chawl land scam case) । এই গোচৰটোৰ তেওঁ মূল অভিযুক্ত । ইডিয়ে তেওঁলৈ কেইবাবাৰো চমন জাৰি কৰিছে যদিও শিৱসেনা নেতাগৰাকীয়ে বিভিন্ন উজুহাতত ইডিৰ সন্মুখত উপস্থিত হোৱাৰ পৰা বিৰত আছিল ৷

শিৱসেনাৰ নেতাগৰাকীৰ ঘৰত ইডিৰ এটা দলে দেওবাৰে ধন ৰপ্তানিৰ গোচৰৰ সন্দৰ্ভত অভিযান চলায় ৷ এই অভিযানৰ পাছতেই ইডিয়ে তেওঁক আটক কৰে ৷ ইয়াৰ পূৰ্বে ইডিয়ে ৰাউটৰ বিৰুদ্ধে দুবাৰকৈ চমন জাৰি কৰিছিল ৷ ৰাউটক মুম্বাইৰ এটা বস্তিৰ পুনৰ উন্নয়ন আৰু তেওঁৰ পত্নী আৰু 'সহযোগী'ৰ সৈতে জড়িত লেনদেনৰ অনিয়মৰ অভিযোগত ধন ৰপ্তানিৰ গোচৰত সোধাপোছাৰ বাবে ইডিয়ে এই চমন জাৰি কৰিছিল ।

তেওঁ নিজৰ বক্তব্য প্ৰকাশ কৰাৰ বাবে ১ জুলাইত মুম্বাইৰ ইডিৰ কাৰ্যালয়ত হাজিৰ হৈছিল । তাৰ পিছত তেওঁলৈ ইডিয়ে দুবাৰকৈ চমন জাৰি কৰিছিল ৷ ইডিয়ে ২৭ জুলাইতো তেওঁলৈ চমন জাৰি কৰিছিল । কিন্তু চলিত সংসদ অধিৱেশনত ব্যস্ত থকাৰ কথা উল্লেখ কৰি তেওঁ ইডিৰ সন্মুখত উপস্থিত হোৱাৰ পৰা বিৰত আছিল ৷

লগতে পঢ়ক : NIA and ATS in Surat: চুৰাটত এনআইএই-এটিএছৰ অভিযানত ধৃত এক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.