ETV Bharat / bharat

নিৰ্বাচনী আচৰণ বিধি উলংঘা; তেলেংগানাৰ আৰক্ষী সঞ্চালক প্ৰধানক নিলম্বনৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

author img

By ANI

Published : Dec 3, 2023, 6:52 PM IST

আদৰ্শ আচৰণ বিধি উলংঘা কৰি নিৰ্বাচন আয়োগৰ ৰোষত আৰক্ষী সঞ্চালক প্ৰধান ৷ তেলেংগানাৰ ডিজিপিক অঞ্জনী কুমাৰক নিলম্বনৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ ৷

ECI suspends Telangana DGP
আচৰণ বিধি উলংঘা আৰক্ষী সঞ্চালক প্ৰধানৰ

নিউজ ডেস্ক, 3 ডিচেম্বৰ : দেওবাৰে এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ বাবে তেলেংগানাৰ আৰক্ষী সঞ্চালক প্ৰধান অঞ্জনী কুমাৰক নিলম্বন কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে ৷ দেওবাৰে অৰ্থাৎ ভোটগণনাৰ পুৱা তেলেংগানা কংগ্ৰেছৰ সভাপতি ৰেৱন্ত ৰেড্ডীক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰাৰ পিছতে নিৰ্বাচন আয়োগে তেলেংগানাৰ ডিজিপিক নিলম্বন কৰাৰ নিৰ্দেশ দিয়ে ৷

তেলেংগানাৰ ৰাজ্যিক আৰক্ষী ন’ডেল বিষয়া সঞ্জয় জৈন, মহেশ ভাগৱত, ন’ডেল (ব্যয়)ৰ সৈতে তেলেংগানাৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৰেৱন্ত ৰেড্ডীক সাক্ষাৎ কৰিছিল ৷

"তেলেংগানাৰ আৰক্ষী সঞ্চালক প্ৰধানে মুঠ 2,290 জন প্ৰাৰ্থীৰ ভিতৰত এজন প্ৰাৰ্থী আৰু 16 টা ৰাজনৈতিক দলৰ তাৰকা প্ৰচাৰকৰ ভিতৰত মাত্ৰ এজনক সাক্ষাৎ কৰাৰ সিদ্ধান্ত লৈছিল ৷ যেতিয়া গণনা প্ৰক্ৰিয়া চলি আছিল তেতিয়া প্ৰাৰ্থীৰ বাসগৃহত ফুলৰ থোপা লৈ, লগতে দুই বা ততোধিক জ্যেষ্ঠ আৰক্ষী বিষয়াই সাক্ষাৎ কৰিছিল ৷ এইয়া অনুগ্ৰহ বিচৰাৰ অসৎ অভিপ্ৰায়ৰ স্পষ্ট ইংগিত ৷" চৰকাৰী সূত্ৰই কয় ৷

শীৰ্ষ নিৰ্বাচনী সংস্থাটোৰ সূত্ৰই জনোৱা মতে, আৰক্ষী সঞ্চালক প্ৰধানগৰাকী ৰাজ্যিক আৰক্ষী বাহিনীৰ মুৰব্বী আৰু তেওঁৰ ব্যক্তিগত নিৰপেক্ষ আচৰণৰ জৰিয়তে আদৰ্শ দাঙি ধৰি ৰাজ্যখনৰ সমগ্ৰ আৰক্ষী সেৱাক নেতৃত্ব দিয়াৰ আশা কৰা হয় ৷

নিৰ্বাচন আয়োগৰ সূত্ৰই লগতে কয়, "তেলেংগানাৰ ডিজিপি তৰফৰ পৰা যিকোনো অসৎ আচৰণে কেৱল ভুল নজিৰ সৃষ্টি কৰাই নহয়, এতিয়াও নিৰ্বাচন চলোৱাৰ প্ৰক্ৰিয়াত থকা ফিল্ড ফৰ্মেচনলৈ ভুল সংকেত প্ৰেৰণ কৰে ৷ ফিল্ড ফৰ্মেচনত থকা অধীনস্থ আৰক্ষী বিষয়াসকলে যদি তেওঁলোকৰ পদাংক অনুসৰণ কৰিবলৈ আৰম্ভ কৰে তেন্তে আৰু কোৱাৰ প্ৰয়োজন নাই ৷ ইয়াৰ পৰিণতি কল্পনাতীতভাৱে বিপৰ্যয়জনক হ’ব পাৰে ৷”

ইফালে নিৰ্বাচনী আয়োগে ৰেৱন্ত ৰেড্ডীক সাক্ষাৎ কৰা সন্দৰ্ভত আন দুজন বিষয়া ৰাজ্যিক আৰক্ষীৰ ন’ডেল বিষয়া সঞ্জয় কুমাৰ জৈন আৰু ন’ডেল বিষয়া (ব্যয়) মহেশ এম ভাগৱতৰ পৰাও স্পষ্টীকৰণ বিচাৰিছে ৷ ইচিয়ে কয় যে ৰাজ্যখনৰ আটাইতকৈ জ্যেষ্ঠ তথা যোগ্য আৰক্ষী বিষয়াক শীঘ্ৰেই তেলেংগানাৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব দিয়া হ’ব ৷

লগতে পঢ়ক : তেলেংগানাত মুখ্যমন্ত্ৰী পদৰ বাবে দৌৰ আৰম্ভ; এ ৰেৱন্ত ৰেড্ডীৰ পোষ্টাৰত গাখীৰ ঢালিছে সমৰ্থকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.