ETV Bharat / bharat

ভাৰত ব্ৰিটেইন মুক্ত বাণিজ্য চুক্তি; পলম হোৱাৰ সমালোচনাক প্ৰত্যাখ্যান জয়শংকৰৰ

author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 1:53 PM IST

Jaishankar on India UK FTA
ভাৰত ব্ৰিটেইন মুক্ত বাণিজ্য চুক্তি

ভাৰত-ব্ৰিটেইন এফটিএত উপনীত হোৱাত পলম হোৱাৰ বাবে সমালোচনা খণ্ডন কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে 'অতি ন্যায়সঙ্গতভাৱে গুণাগুণ আৰু বিপদাশংকাবোৰ বিবেচনা কৰাৰ' প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । কিয়নো ভাৰতৰ দৰে এখন দেশৰ বাবে যিকোনো সিদ্ধান্তই লাখ লাখ লোক আৰু তেওঁলোকৰ জীৱিকাক প্ৰভাৱিত কৰিব পাৰে । তেওঁ কয় কোনেও সোধা নাই যে ব্ৰিটেইনে ভাৰতৰ সৈতে কিয় সোনকালে চুক্তি স্বাক্ষৰ কৰা নাই ।

নিউজ ডেস্ক, ১৯ ডিচেম্বৰ : বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ব্ৰিটেইনৰ সৈতে প্ৰস্তাৱিত মুক্ত বাণিজ্য চুক্তি দৃঢ় কৰাত পলম হোৱাৰ বাবে নতুন দিল্লীক সমালোচনা কৰাসকলৰ ওপৰত তীব্ৰ আপত্তি উত্থাপন কৰিছে । তেওঁ কয় যে এই বিষয়টো সাৱধানে পৰীক্ষা কৰা প্ৰয়োজন । কিয়নো এনে চুক্তিয়ে মানুহৰ জীৱিকাত প্ৰভাৱ পেলাব পাৰে ।

"মই শুনিছোঁ যে এই বিষয়ত কিছুমানে সমালোচনা কৰিছে যে ভাৰতে ব্ৰিটেইনৰ সৈতে দ্ৰুততাৰে এফটিএ কিয় স্বাক্ষৰ কৰা নাই ? কিন্তু কোনেও সোধা নাই যে ব্ৰিটেইনে ভাৰতৰ সৈতে কিয় সোনকালে চুক্তি স্বাক্ষৰ কৰা নাই ?" সোমবাৰে কয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত এই কথা কয় ।

উল্লেখ্য যে ভাৰত আৰু ব্ৰিটেইনে এক উচ্চাভিলাষী এফটিএ দৃঢ় কৰিবলৈ আলোচনা কৰি আছে । দুয়োপক্ষই এফটিএৰ ২৬ টা অধ্যায়ৰ ভিতৰত ২০ টাতকৈও অধিক চূড়ান্ত কৰা বুলি জানিব পৰা গৈছে । বৰ্তমান মানুহৰ চলাচল আৰু কিছুমান সামগ্ৰীৰ ওপৰত আমদানি শুল্ক ৰেহাইকে ধৰি কিছু বিতৰ্কিত বিষয়ত মতভেদ দূৰ কৰাৰ দিশত লক্ষ্য ৰাখিছে ।

যোৱা বছৰ এপ্ৰিল মাহত দুয়োপক্ষই মুক্ত বাণিজ্য চুক্তি সম্পাদনৰ বাবে দেৱালীৰ সময়সীমা নিৰ্ধাৰণ কৰিছিল । কিন্তু কিছুমান বিষয়ৰ লগতে ব্ৰিটেইনৰ ৰাজনৈতিক পৰিৱেশৰ ওপৰত মতভেদৰ প্ৰতি লক্ষ্য ৰাখি চুক্তিখন চূড়ান্ত কৰিব পৰা নগ'ল ।

"আমি এই মুহূৰ্তত কিছুমান গুৰুত্বপূৰ্ণ অংশীদাৰৰ সৈতে কিছু গুৰুত্বপূৰ্ণ আলোচনাৰ মাজত আছোঁ... মই শুনিছোঁ যে এই সমালোচনাটো পুনৰ ঘূৰি আহিছে যে ভাৰতে কিয় ব্ৰিটেইনৰ সৈতে চুক্তি সোনকালে স্বাক্ষৰ কৰা নাই ? কিন্তু কোনেও সোধা নাই যে ব্ৰিটেইনে ভাৰতৰ সৈতে কিয় সোনকালে স্বাক্ষৰ কৰা নাই ?" জয়শংকৰে কয় ।

তেওঁৰ ভাষণত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয়, এফটিএৰ ব্যৱহাৰ আছে, কিন্তু একে সময়তে বিভিন্ন ব্যৱস্থাৰ সাৱধানে পৰীক্ষা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব । জয়শংকৰে কয় যে তেওঁ 'এফটিএৰ গুণাগুণ আৰু বিপদাশংকাবোৰ অতি ন্যায়সঙ্গতভাৱে বিবেচনা কৰিব বিচাৰে', কিয়নো ভাৰতৰ দৰে এখন দেশৰ বাবে যিকোনো সিদ্ধান্তই লাখ লাখ লোকক প্ৰভাৱিত কৰিব পাৰে আৰু ই তেওঁলোকৰ জীৱিকাৰ বিষয় হ'ব পাৰে ।

লগতে পঢ়ক :নীতিশ কুমাৰক প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থিত্বৰ দাবী; ইণ্ডিয়াৰ বৈঠকৰ পূৰ্বে পাটনাত জেডিইউৰ পোষ্টাৰিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.