ETV Bharat / bharat

Dynasty Politics in Karnataka: কৰ্ণাটকত বিজেপিৰ বাবে এক জাগ্ৰত সমস্যা

author img

By

Published : Jul 25, 2022, 6:22 PM IST

bjp
bjp

বিজেপিয়ে দীৰ্ঘদিন ধৰি কংগ্ৰেছক পৰিয়ালকেন্দ্ৰিক ৰাজনীতি (BJP using dynasty politics against Congress)চলাই অহা বুলি মন্তব্য কৰি অহাৰ সময়তে বিজেপি নিজেই কৰ্ণাটকত ইয়াৰ প্ৰতীক হৈ পৰিছে । বৰ্তমান ৰাজ্যখনত বিজেপিৰ 50 জনতকৈও অধিক সাংসদ, বিধায়ক আৰু বিধান পৰিষদৰ সদস্য আছে, যিসকলৰ পৰিয়ালকেন্দ্ৰিক ৰাজনৈতিক পটভূমি আছে ।

নিউজ ডেস্ক, ২৫ জুলাই : কৰ্ণাটকৰ লোকসভা সদস্যসকলৰ ভিতৰত টুমকুৰৰ সাংসদ জি চি বাসৱৰাজৰ পুত্ৰ জ্যোতি গণেশ এজন বিধায়ক । আনহাতে, শিমোগাৰ সাংসদ বি ৱাই ৰাঘৱেন্দ্ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী য়েদিয়ুৰাপ্পাৰ পুত্ৰ । চিক্কোডিৰ সাংসদ আন্নাচাহেবৰ পত্নী শশীকলা জোলে এগৰাকী কেবিনেট মন্ত্ৰী । কালবুৰ্গীৰ সাংসদ উমেশ যাদৱৰ পুত্ৰ অবিনাশ যাদৱ এজন বিধায়ক । আনহাতে, চামৰাজনগৰৰ সাংসদ ভি শ্ৰীনিবাস প্ৰসাদৰ জোঁৱায়েক হৰ্ষবৰ্ধনো এজন বিধায়ক (BJP MP and MLA relation with dynasty politics) ।

বেংগালুৰু দক্ষিণৰ সাংসদ তেজস্বী সূৰ্যৰ খুড়াক ৰবি সুব্ৰমণিয়ামো কৰ্ণাটক ৰাজ্যিক বিধানসভাৰ বৰ্তমানৰ বিধায়ক । বেল্লাৰীৰ সাংসদ দেৱেন্দ্ৰপ্পা প্ৰাক্তন মন্ত্ৰী ৰমেশ জাৰাকিহোলীৰ এজন নিকটআত্মীয় । ৰাইচুৰৰ সাংসদ চান্না ফকিৰাপ্পাও মন্ত্ৰী শ্ৰীৰামুলুৰ আত্মীয় । কৰুণাকাৰা ৰেড্ডীৰ ভাতৃ সোমশেখৰ ৰেড্ডীও বিজেপিৰ এজন বিধায়ক । তদুপৰি, হনুমন্তাপ্পা নিৰানী উদ্যোগ মন্ত্ৰী মুৰুগেছা নিৰানীৰ ভাতৃ । আনহাতে, বিধান পৰিষদৰ সদস্য প্ৰদীপ শ্বেত্তাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শ্বেট্টাৰৰ ভাতৃও ।

মুখ্যমন্ত্ৰী বাসৱৰাজা বোম্মাইও এটা পৰিয়ালকেন্দ্ৰিক ৰাজনৈতিক পটভূমিৰ (Chief Minister Basavaraja Bommai from family political background) । বোম্মাইৰ পিতৃ এছ আৰ বোম্মাই কৰ্ণাটকৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী আছিল । সোৰাবাৰ বিধায়ক কুমাৰ বাংগাৰাপ্পাৰ পিতৃ এছ বাংগাৰাপ্পা বিজেপিৰ প্ৰাক্তন সাংসদৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল । ইয়াৰ উপৰি ইতিমধ্যে ৰাজনীতিত বহু লোকৰ পাৰিয়ালকেন্দ্ৰিক পটভূমি আছে, যিসকলৰ অধিক নেতায়েই ভৱিষ্যতে ৰাজনৈতিক জীৱনৰ শুভ মহুৰতৰ অপেক্ষা কৰি আছে ।

ৰাজ্যিক আৰু স্থানীয় নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে, বিজেপিৰ বেছিভাগ বিধায়ক আৰু সাংসদে তেওঁলোকৰ সন্তান, ভাই-ভনী আৰু নিকটআত্মীয়সকলৰ বাবে দলীয় টিকট আশা কৰিছে । কিছুমানে আনকি তেওঁলোকৰ সন্তানৰ বাবে উন্নত ৰাজনৈতিক কেৰিয়াৰৰ বাবে বিজেপিলৈ সলনি কৰাৰ সিদ্ধান্ত লৈছে । মন্ত্ৰী এমটিবি নাগৰাজে ইতিমধ্যে তেওঁৰ পুত্ৰই তেওঁৰ ৰাজনৈতিক কেৰিয়াৰত লাভ কৰিব পৰা লাভালাভৰ কথা মনত ৰাখিয়ে বিজেপিত যোগদান কৰিছে ।

নিৰ্বাচনৰ বাবে দলৰ টিকট সুৰক্ষিত কৰিবলৈ অপেক্ষা কৰি থকা মন্ত্ৰীসকলৰ ভিতৰত আছে ৰাজ্যখনৰ ডাঙৰ আৰু সৰু দুয়ো প্ৰকাৰৰ নেতা । প্ৰাক্তন মুখ্যমন্ত্ৰী য়েদিয়ুৰাপ্পা, প্ৰাক্তন মন্ত্ৰী কে এছ ইশ্বৰাপ্পা, প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শ্বেট্টাৰ, সাংসদ বি এন বাচেগৌড়া, প্ৰাক্তন সাংসদ প্ৰভাকৰ কোৰে, মন্ত্ৰী গোবিন্দা কাৰাজোলা আৰু মন্ত্ৰী ভি সোমান্না সকলোৱে তেওঁলোকৰ সন্তানৰ বাবে টিকট পাবলৈ চেষ্টা কৰি আছে । আনহাতে, উমেশ কাট্টিৰ দৰে আন কিছুমান মন্ত্ৰীয়ে তেওঁলোকৰ ভাই-ভনী আৰু অন্যান্য আত্মীয়ৰ বাবে ইয়াক সুৰক্ষিত কৰিবলৈ চেষ্টা কৰি আছে ।

উল্লেখ্য, প্ৰধানমন্ত্ৰী মোডী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক লৈ সমালোচনামূলকভাৱে সৰৱ হৈ আছে (Prime Minister Modi against family politics) । কোৱা হয় যে, সেইকাৰণেই বিজেপি হাইকমাণ্ডে যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত মহীশূৰ জিলাৰ বৰুণা সমষ্টিত প্ৰাক্তন মুখ্যমন্ত্ৰী য়েদিয়ুৰাপ্পাৰ পুত্ৰ বি ৱাই বিজয়েন্দ্ৰৰ টিকট প্ৰত্যাখ্যান কৰিছিল । প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অনন্তকুমাৰৰ পত্নী তেজস্বিনী অনন্তকুমাৰকো পূৰ্বৰ লোকসভা নিৰ্বাচনত টিকট প্ৰত্যাখ্যান কৰা হৈছিল ।

আনহাতে, দলটোৰ কেইবাটাও সিদ্ধান্তই বহুতো বিজেপি নেতাক বিচলিত কৰিছে । উদাহৰণ স্বৰূপে, মুখ্যমন্ত্ৰী য়েদিয়ুৰাপ্পাই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ প্ৰতি দলৰ নেতিবাচক দৃষ্টিভংগীৰ বাবে যথেষ্ট অসন্তুষ্ট হৈছিল । যাৰ ফলত তেওঁৰ পুত্ৰ বি ৱাই বিজয়েন্দ্ৰ উপযুক্ত পদৰ পৰা বঞ্চিত হৈছিল । তেওঁ আশা কৰিছিল যে চৰকাৰ আৰু দল তেওঁৰ দৃষ্টিভংগী অনুসৰি আগবাঢ়িব লাগে আৰু তেওঁৰ পুত্ৰ বিজয়েন্দ্ৰক উপ মুখ্যমন্ত্ৰীৰ পদ বা কমেও মুখ্যমন্ত্ৰী বোম্মাইৰ মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰীৰ পদ দিয়া উচিত ।

দলটোৱে তেওঁৰ সেই কথা অস্বীকাৰ কৰিছিল আৰু খঙতে তেওঁ আনকি নিৰ্বাচনী ৰাজনীতিৰ পৰা অৱসৰ ল'ব বুলিও ঘোষণা কৰিছিল । তাৰ পৰাই স্পষ্টভাৱে বিজেপি হাইকমাণ্ডৰ প্ৰতি হতাশা প্ৰকাশ পাইছিল ।

অৱশ্যে যেতিয়া বেলগামৰ সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ আংগাদীয়ে যোৱা বছৰ বেলগাম লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত কোভিডৰ সন্মুখীন হৈছিল, সুৰেশ আংগাদীৰ পত্নী মাঘালা আংগাদীয়ে কঠোৰ যুঁজত জয়লাভ কৰিছিল । বিজেপি দলৰ কেইবাজনো কৰ্মীয়ে মত প্ৰকাশ কৰিছিল যে আংগাদীৰ পত্নীৰ বাহিৰে আন কাকো টিকট দিলে বিজেপিয়ে উক্ত আসনখন হেৰুৱালেহেঁতেন ।

পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বিৰুদ্ধে সহজে সিদ্ধান্ত লোৱাটো কৰ্ণাটকৰ বিজেপি হাইকমাণ্ডৰ বাবে এতিয়া সুবিধাজনক বিকল্প নহয় । ৰাজ্যখনত বিজেপিৰ বহুতো লোকসভা সদস্য আৰু বিধায়কৰ ইতিমধ্যে ৰাজনীতিত পাৰিয়ালকেন্দ্ৰিক পটভূমি থকাৰ বাবে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বিপৰীতে তেওঁলোকৰ গুণাগুণ থকাৰ সময়তো বিজেপিৰ শীৰ্ষ বিষয়াসকলৰ বাবে নিৰ্বাচনত নৱাগতসকলক আগবঢ়াই অনাটো সঁচাকৈয়ে এটা ডাঙৰ প্ৰত্যাহ্বান । দলটোৱে এই সমস্যাটো কেনেদৰে মোকাবিলা কৰে বা ই ৰাজ্যখনৰ ৰাজনৈতিক গতিশীলতাক প্ৰভাৱিত কৰিবলৈ সক্ষম বিষয়লৈ পৰিৱৰ্তিত হয়নে নহয় সেয়া পৰৱৰ্তী সময়ত আকৰ্ষণীয় হ'ব ।

লগতে পঢ়ক :Population Control Bill : বুমেৰাং হ'ব নেকি জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়ক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.