ETV Bharat / bharat

কাৰাগাৰৰ ভিতৰৰ ড্ৰাগছৰ বিশাল চক্ৰ ফাদিল: ড্ৰাগছসহ আটক দুই

author img

By

Published : Oct 7, 2022, 10:31 PM IST

পঞ্জাৱৰ অমৃতসৰত ড্ৰাগছ বিৰোধী অভিযানত এছটিএফে লাভ কৰিছে বিশেষ সফলতা (Campaign against Drugs) । কাৰাগাৰৰ ভিতৰৰ পৰা চলি থকা ড্ৰাগছ সৰবৰাহ বিশাল চক্ৰ ফাদিল (Drug racket inside jail busted) ৷ ৫ কেজি হেৰ’ইনসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী ৷

Drug trafficking racket running from inside the jail busted
কাৰাগাৰৰ ভিতৰৰ ড্ৰাগছৰ বিশাল চক্ৰ ফাদিল

নিউজ ডেস্ক, ৭ অক্টোবৰ: পঞ্জাৱ এছটিএফে কাৰাগাৰৰ ভিতৰৰ পৰা চলি থকা ড্ৰাগছৰ এটা বিশাল চক্ৰ ফাদিল কৰিবলৈ সক্ষম হৈছে (Drug racket inside jail busted) ৷ এছটিএফৰ দলটোৱে কাৰাগাৰৰ ভিতৰত দুজন সৰবৰাহকাৰীয়ে ড্ৰাগছৰ বেহা চলাই থকাৰ তথ্য লাভ কৰে ৷ এছটিএফে গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি যুৱক দুজনে তাৰ্ণ তৰণ চহৰত পৰা হেৰ’ইনৰ চালান কৰি নিবলৈ আহে ।

যুৱক দুজনক আটক কৰি তেওঁলোকৰ পৰা বিপুল পৰিমাণৰ হেৰ’ইন উদ্ধাৰ কৰিব পৰা যাব বুলি সূত্ৰটোৱে অভিযানকাৰী দলক জনায় । ইয়াৰ পিছতে এছটিএফৰ দলটোৱে অভিযান চলাই যুৱক দুজনক গ্ৰেপ্তাৰ কৰে (Two arrested with Drugs)। তেওঁলোকে যুৱক দুজনৰ পৰা প্ৰায় ৫ কেজি হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Drugs seized in Punjab)।

ধৃত যুৱকদ্বয় মিণ্টু আৰু সুখজিন্দৰ সিং বুলি জানিব পৰা হৈছে ৷ মিন্টু দুটা ড্ৰাগছ সৰবৰাহৰ গোচৰত অভিযুক্ত হৈ ফিৰোজপুৰ কাৰাগাৰত আছিল ৷ আনহাতে সুখজিন্দৰ সিং গুৰুতৰ গোচৰত অভিযুক্ত হৈ ফিৰোজপুৰ কাৰাগাৰত আছিল । কাৰাগাৰতেই মিন্টু সুখজিন্দৰ সিঙৰ সংস্পৰ্শলৈ আহিছিল আৰু ড্ৰাগছৰ চালানৰ নিৰ্দেশ লাভ কৰিছিল ।

আনহাতে ফিৰোজপুৰ কেন্দ্ৰীয় কাৰাগাৰত মোবাইল ফোন ব্যৱহাৰ কৰা সন্দৰ্ভত অভিযুক্ত সুখজিন্দৰ সিঙৰ বিৰুদ্ধে সুকীয়াকৈ গোচৰ ৰুজু কৰা হৈছে ৷ তদুপৰি সুখজিন্দৰ সিঙক প্ৰডাকচন ৱাৰেণ্টৰ ভিত্তিত কেন্দ্ৰীয় কাৰাগাৰ ফিৰোজপুৰৰ পৰা আনি এই সন্দৰ্ভত জেৰা কৰা হ’ব বুলি জানিব পৰা হৈছে ৷

লগতে পঢ়ক : দিল্লী বিমান বন্দৰত জব্দ ২৭ কোটিটকীয়া ঘড়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.