ETV Bharat / bharat

Dowry Case : এগৰাকী যুৱতীৰ সংসাৰ বচালে বিধায়কে

author img

By

Published : May 13, 2023, 9:54 PM IST

যৌতুকৰ বাবে বিয়া মণ্ডপত বাক বিতণ্ডা ৷ যোতুকত বাইক নিদিলে কইনাক নিবলৈ মান্তি নহয় দৰা ৷ অৱশেষত বিধায়ক ৰামাচাই বালকিষাণ উপস্থিত হোৱাত তেওঁ সম্পূৰ্ণ ঘটনাৰ বুজ লৈ সহায়ৰ হাত আগবঢ়াই কইনাৰ ঘৰৰ লোকক (MLA Rasamai Balakishan)৷

Dowry Case
এগৰাকী যুৱতীৰ সংসাৰ বচালে বিধায়কে

নিউজ ডেস্ক, 13 মে’ : যৌতুক আমাৰ সমাজৰ এক ব্যাধি ৷ যৌতুকে নিঃশেষ কৰি পেলাব পাৰে একোটা জীৱন ৷ সময়ৰ লগে লগে মানুহ যিমানেই আধুনিক নহওক এতিয়াও যেন একাংশ লোকৰ চিন্তাধাৰা সেই পুৰণিকলীয়া হৈয়েই আছে ৷ তেনে অনুৰূপৰ ঘটনা সংঘটিত হৈছে তেলেংগানা ৰাজ্যৰ কৰিমনগৰ জিলাত (Dowry Case in Karimnagar)৷

যৌতুকৰ বাবে বিয়া মণ্ডপত বাক বিতণ্ডাত লিপ্ত হয় দৰাপক্ষৰ লোক ৷ মণ্ডপত উপস্থিত হৈ এখন বাইক যৌতুকত নিদিলে কইনা নিবলৈ অমান্তি হয় দৰা ৷ ফলত শলঠেকত পৰে কইনা পক্ষৰ লোক ৷ সৌভাগ্যক্ৰমে সেই ঠাইত অঞ্চলটোৰ বিধায়ক ৰামাচাই বালকিষাণ উপস্থিত হোৱাত তেওঁ সম্পূৰ্ণ ঘটনাৰ বুজ লৈ সহায়ৰ হাত আগবঢ়াই কইনাৰ ঘৰৰ লোকক (MLA Rasamai Balakishan)৷

ঘটনাৰ বিৱৰণী অনুসৰি গজুলা লাচ্চাম্মাৰ জীয়ৰী অনুষা মণ্ডলৰ অম্বলপুৰ গাঁৱৰ প্ৰাক্তন গাঁওপ্ৰধানৰ পুত্ৰ বিনয়ৰ লগত বিবাহৰ দিন ধাৰ্য কৰা হৈছিল ৷ তাৰ পিচতে দুয়োটা পৰিয়ালে বিবাহত কি কি উপহাৰ আদান প্ৰদান কৰিব সেই লৈ আলোচনাও কৰিছিল ৷ তেতিয়াই দৰা বিনয়ে কইনাৰ পিতৃ-মাতৃক বিবাহত এখন বাইক উপহাৰ হিচাবে দিয়াৰ কথা উল্লেখ কৰিছিল ৷ এই কথা কইনাৰ পিতৃ-মাতৃয়ে মানি নোলোৱাত কাজিয়াত লিপ্ত হৈছিল দৰা বিনয় ৷ বিনয়ে জোৰ দি কৈছিল যে বাইক দিলেহে কইনা নিব (MLA financial help to bride family)৷

ইয়াৰ পিচতে এই বিবাহৰ অনুষ্ঠানত উপস্থিত হৈছিল মানকণ্ডুৰৰ বিধায়ক ৰাচামাই বালাকিষাণ ৷ এই সমগ্ৰ ঘটনা সন্দৰ্ভত অৱগত হৈছিল বিধায়কগৰাকী ৷ অৱশেষত বিনয়ক সৈমান কৰিবলৈ বিধায়কগৰাকীয়ে নিজেই কথা পাতে বিনয়ৰ লগত ৷ কিন্তু বিধায়কৰ কোনো কথাই মানি ল’বলৈ সাজু নাছিল বিনয় ৷ বিনয় নিজৰ দাবীত অলৰ অচৰ আছিল ৷

বিনয়ৰ জেদৰ ওচৰত বলে নোৱাৰি বিধায়কগৰাকীয়ে নিজেই বিনয়ক এখন বাইক কিনি দিব বুলি প্ৰতিশ্ৰুতি দিয়ে ৷ বিধায়কগৰাকীয়ে কইনা অনুষাক শান্তনা দি দৰাক 50 হাজাৰ টকা নগদ ধন দিয়াৰ লগতে বাকীখিনি ধন বাইকৰ শ্ব’ৰুমত দিম বুলি প্ৰতিশ্ৰুতি দিয়ে ৷

বিধায়কগৰাকীৰ পৰা ধন লাভ কৰি বিনয়ে বিবাহৰ বাবে মান্তি হয় ৷ বিধায়কগৰাকীয়ে এই সমগ্ৰ ঘটনা সন্দৰ্ভত কয় যে, কইনাৰ পৰিয়ালটো দৰিদ্ৰ আছিল ৷ তেওঁলোক আৰ্থিকভাৱে সবল নাছিল যে তেওঁলোকে দাবী কৰা অনুসৰি বাইক উপহাৰ দিব পাৰিব ৷ সেইবাবে তেওঁ কইনাৰ ঘৰৰ পৰিয়ালটোক বিয়াখন সুকলমে পাতিবলৈ সহায়ৰ হাতত আগবঢ়াই ৷

লগতে পঢ়ক: Rahul Gandhi on Karnataka win : কৰ্ণাটকত ঘৃণাৰ বজাৰ বন্ধ হৈছে আৰু প্ৰেমৰ দোকান খুলিছে; ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.