ETV Bharat / bharat

PM Modi celebrates Diwali with Security Forces : সেনাৰ সৈতে দীপাৱলী উদযাপন প্ৰধানমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 4:43 PM IST

হিমাচল প্ৰদেশৰ লেপচা সীমান্তত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । সেনা জোৱানসকলৰ সৈতে তেওঁ দীপাৱলী উদযাপন কৰে । দেশত শান্তি ৰক্ষাৰ ক্ষেত্ৰত নিৰাপত্তা বাহিনীৰ ভূমিকাৰ প্ৰশংসা কৰে ।

PM Modi celebrates Diwali with Security Forces
সেনাৰ সৈতে দীপাৱলী উদযাপন প্ৰধানমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক,১২ নৱেম্বৰ : হিমাচল প্ৰদেশৰ লেপচাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেনা জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰে । তেওঁক প্ৰতি বছৰেই দীপাৱলী নিৰাপত্তা বাহিনীৰ সৈতে উদযাপন কৰা দেখা যায় । প্ৰধানমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত দীপাৱলী উদযাপনৰ ফটো শ্বেয়াৰ কৰিছে ।

ইফালে আজি সমগ্ৰ দেশতে দীপাৱলী উদযাপন কৰা হৈছে । এই বিশেষ মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে । প্ৰধানমন্ত্ৰীয়ে এক্সৰ এটা পোষ্টৰ জৰিয়তে দেশবাসীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে । এই বিশেষ উৎসৱে সকলোৰে জীৱনত সুখ, সমৃদ্ধি কঢ়িয়াই অনাৰ লগতে প্ৰধানমন্ত্ৰীয়ে সকলোৰে সুস্বাস্থ্যৰ কামনা কৰে ।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতি বছৰে সীমান্তলৈ যায় আৰু জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰে আৰু তেওঁলোকক উৎসাহিত কৰে । প্ৰধানমন্ত্ৰী মোদীৰ লেপচা ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে । কিয়নো ভাৰতৰ নিৰাপত্তাৰ দিশৰ পৰা এই অঞ্চলটো অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় । এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই অঞ্চল ভ্ৰমণ আৰু নিৰাপত্তাকৰ্মীৰ সৈতে দীপাৱলী উদযাপন অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে । ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে সেনা জোৱানসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু সীমান্তৰ পৰিস্থিতিৰো বুজ লয় ।

সীমান্তত সেনা বাহিনীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিৰক্ষা খণ্ডত ভাৰত দ্ৰুতগতিত আগবাঢ়িছে আৰু নিৰাপত্তা বাহিনীৰ সামৰ্থ্য নিৰন্তৰ বৃদ্ধি পাই আহিছে । প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বৰ পৰিস্থিতি এতিয়া এনেকুৱা যে ভাৰতৰ পৰা প্ৰত্যাশা নিৰন্তৰ বাঢ়ি আহিছে ।

ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ পোছাক পৰিধান কৰি মোদীয়ে কয় যে গুৰুত্বপূৰ্ণ সময়ছোৱাত ভাৰতৰ সীমা সুৰক্ষিত কৰাটো অতি প্ৰয়োজন । দেশত শান্তিৰ পৰিৱেশ বিৰাজ কৰাৰ ক্ষেত্ৰত জোৱানসকলৰ বৃহৎ ভূমিকা আছে বুলিও তেওঁ দাবী কৰে । প্ৰধানমন্ত্ৰীয়ে লগতে সেনা জোৱানসকলৰ প্ৰশংসা কৰি কয় যে সাহসী জোৱানসকলে হিমালয়ৰ দৰে সীমান্তত থিয় হৈ থকালৈকে ভাৰত সুৰক্ষিত হৈ থাকিব ।

লগতে পঢ়ক :PM Modi wishes on Diwali : দেশবাসীক দীপান্বিতাৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.