ETV Bharat / bharat

Diabetic patient weight loss: ৪টা পদ্ধতিৰে ডায়েবেটিছ ৰোগীয়ে হ্ৰাস কৰক নিজৰ ওজন

author img

By

Published : May 9, 2023, 8:02 PM IST

Updated : May 9, 2023, 9:05 PM IST

Diabetes patients can reduce their weight in these 4 ways
৪টা পদ্ধতিৰে ডায়েবেটিছ ৰোগীয়ে হ্ৰাস কৰক নিজৰ ওজন

ভাৰতৰ প্ৰায় ৭.৭ কোটি লোক (৭৭ নিযুত) মধুমেহ ৰোগত আক্ৰান্ত, যাৰ বাবে ভাৰতক বিশ্বৰ মধুমেহ ৰোগৰ ৰাজধানী বুলিও কোৱা হয় । মধুমেহ ৰোগত মেদবহুলতা আটাইত ডাঙৰ চিন্তাৰ বিষয় হৈ পৰে ৷ তেনেস্থলত এই ৪টা পদ্ধতিয়ে আপোনাক সহায় কৰিব পাৰে ৷

ভাৰতৰ প্ৰায় ৭.৭ কোটি লোক (৭৭ নিযুত) মধুমেহ ৰোগত আক্ৰান্ত, যাৰ বাবে ভাৰতক বিশ্বৰ মধুমেহ ৰোগৰ ৰাজধানী বুলি কোৱা হয় । ডায়েবেটিছ ৰোগীৰ মেদবহুলতা এটা সাধাৰণ সমস্যা । গৱেষণাৰ মতে পেটৰ মেদবহুলতাই ডায়েবেটিছৰ আশংকাৰ উন্নত সূচক । তদুপৰি ডায়েবেটিছ আৰু মেদবহুলতাৰ সংমিশ্ৰণে হৃদৰোগ, হাৰ্ট এটেক, স্নায়ু আৰু বৃক্কৰ ক্ষতিৰ সম্ভাৱনা বৃদ্ধি কৰে (Weight Loss)।

ওজন বৃদ্ধি আৰু ডায়েবেটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধিৰ মূল কাৰণ হ’ল জিনীয় কাৰক, উদ্যোগীকৰণ আৰু প্ৰব্ৰজনৰ পৰা পৰিৱেশ আৰু জীৱনশৈলীৰ পৰিৱৰ্তন, যাৰ ফলত উচ্চ কেলৰিযুক্ত খাদ্য আৰু কম শাৰীৰিক কাৰ্যকলাপ হয় (Diabetes Patient)। যদি আপুনি ডায়েবেটিছ ৰোগত আক্ৰান্ত তেন্তে তলত দিয়া ৪ উপায়েৰে আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰিব পাৰে (Quickly Weight Loss Tips)।

কম পৰিশোধিত কাৰ্বহাইড্ৰেট খাব লাগে

ৰিফাইন চেনি, মিঠাই, শীতল পানীয় আৰু জুচৰ দৰে কাৰ্বহাইড্ৰেট পৰিহাৰ কৰক, যাৰ ফলত ৰক্তশৰ্কৰাৰ মাত্ৰা তৎক্ষণাত বৃদ্ধি পায় । প্ৰচেছড আৰু ৰিফাইন কৰা খাদ্য যেনে বগা চাউল, ৰুটি, পিজ্জা, ব্ৰেকফাষ্ট চিৰিয়েল, পেষ্ট্ৰি আৰু পাস্তাৰ ব্যৱহাৰ কম কৰক (Diabetic patient weight loss)।

উচ্চ আঁহযুক্ত খাদ্য

উচ্চ আঁহযুক্ত খাদ্য যেনে গোটা শস্য, দালি আৰু মাহজাতীয় শস্য, বাদাম, ফলমূল, শাক-পাচলি, লিনচিড গুটি, মেথি গুটি, অটমিল আদি অন্তৰ্ভুক্ত কৰিব লাগে । উচ্চ আঁহযুক্ত খাদ্যই তৃপ্তিৰ সৃষ্টি কৰে আৰু ফলস্বৰূপে খাদ্য গ্ৰহণ হ্ৰাস কৰে, যিয়ে পাছলৈ ওজন হ্ৰাস কৰাত সহায় কৰে ।

বাহিৰা খাদ্য কমকৈ খাওক

বজাৰৰ পৰা ক্ৰয় কৰাৰ সলনি ঘৰতে ৰন্ধা খাদ্য খাওক । ইয়াৰ দ্বাৰা কেৱল ৰক্তশৰ্কৰাই নহয় হাইড্ৰজেনেটেড অইল/ভেজিটেবল অইল কম কৰাত সহায় হ’ব আৰু হৃদৰোগৰ সম্ভাৱনাও হ্ৰাস পাব ।

ব্যায়াম

শাৰীৰিক কাৰ্যকলাপে আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে, শক্তিৰ বাবে চেনি ব্যৱহাৰ কৰে আৰু শৰীৰে ইনচুলিন অধিক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰাত সহায় কৰে । সপ্তাহত কমেও ১৫০ মিনিট ব্যায়াম কৰাৰ লক্ষ্য ৰাখক (Health News)।

লগতে পঢ়ক: Corona Health Emergency: Coronavirus এতিয়া এক বিশ্বব্যাপী মহামাৰী নহয়-WHO

Last Updated :May 9, 2023, 9:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.