ETV Bharat / bharat

কাশ্মীৰৰ সীমানিৰ্ধাৰণ: এনডিএ চৰকাৰ আৰু আঞ্চলিক দলসমূহৰ বাবে এক কাঁইটীয়া বিষয়

author img

By

Published : Jun 25, 2021, 12:22 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলত সীমানিৰ্ধাৰণৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰাৰ আহ্বান জনাইছিল যদিও নেশ্যনেল কনফাৰেঞ্চ (national conference)ৰ উপ-সভাপতি ওমৰ আব্দুল্লাই ইয়াৰ বিৰোধিতা কৰিছে ৷ যাৰ ফলত কেন্দ্ৰীয় চৰকাৰ আৰু আঞ্চলিক ৰাজনৈতিক দলসমূহৰ মাজত এক জটিল বিষয় হ'ব বুলি বহুজনে মত প্ৰকাশ কৰিছে ৷

Delimitation a thorny issue between the NDA government, regional parties
কাশ্মীৰৰ সীমানিৰ্ধাৰণ:NDA আৰু আঞ্চলিক দলসমূহৰ বাবে এক জটিল বিষয়

নেশ্যেনেল ডেস্ক, 25 জুন : দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে অনুষ্ঠিত সৰ্বদলীয় বৈঠকত জন্মু-কাশ্মীৰৰ সীমা নিৰ্ধাৰণৰ প্ৰতিশ্ৰুতি প্ৰদানৰ পাচতে এই কাম অতিশীঘ্ৰে সম্পন্ন কৰাৰ বাবে গুৰুত্ব আৰোপ কৰে ৷ এই বিষয়টো কেন্দ্ৰীয় এন ডি এ (NDA) চৰকাৰ আৰু জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ আঞ্চলিক ৰাজনৈতিক দলসমূহৰ মাজত এক কণ্টকময় বিষয় হ'ব পাৰে যদিও ইয়াৰ যোগেদি কেন্দ্ৰীয় চৰকাৰে এখন নিৰ্বাচিত চৰকাৰ লাভ কৰিব ৷

কিন্তু ৰাজ্যখনৰ নতুন বিধানসভা আৰু সংসদীয় সমষ্টিসমূহত কেন্দ্ৰীয় শাসিত অঞ্চলৰ লোকসকলৰ বাবে এই সীমানিৰ্ধাৰণে ৰাজনৈতিক গণনাৰ নিষ্পত্তি কৰিব, যিটো জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই বিৰোধিতা কৰিছে ৷ সৰ্বদলীয় বৈঠকৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক টুইটযোগে কয়, "সীমানিৰ্ধাৰণৰ কাম দ্ৰুত গতিত হ'ব লাগিব যাতে নিৰ্বাচন অনুষ্ঠিত হ'ব পাৰে আৰু জন্মু-কাশ্মীৰে এখন নিৰ্বাচিত চৰকাৰ লাভ কৰে ৷ যাৰ দ্বাৰা জন্মু-কাশ্মীৰৰ উন্নয়নৰ গতিপথত এক শক্তি প্ৰদান কৰিব পৰা যাব।" লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, জম্মু-কাশ্মীৰত তৃণমূল পৰ্যায়ৰ পৰা গণতন্ত্ৰ শক্তিশালী কৰাত তেওঁৰ চৰকাৰে অগ্ৰাধিকাৰ দিব ।

আনহাতে, গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah) কয় যে, বৈঠকত দিয়া প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰৰ ক্ষেত্ৰত সীমানিৰ্ধাৰণৰ অনুশীলন আৰু শান্তিপূৰ্ণ নিৰ্বাচন গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি । 2019 চনৰ আগষ্টত জম্মু-কাশ্মীৰ আৰু লাডাখৰ দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰা পূৰ্বৰ জম্মু আৰু কাশ্মীৰ ৰাজ্যত মুঠ 87 খন আসনত নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল আৰু পাক অধিকৃত কাশ্মীৰ (POK)ৰ বাবে 24 খন আসন সংৰক্ষিত আছিল ৷

Delimitation a thorny issue between the NDA government, regional parties
কাশ্মীৰৰ সীমানিৰ্ধাৰণ:NDA আৰু আঞ্চলিক দলসমূহৰ বাবে এক জটিল বিষয়

জম্মু-কাশ্মীৰক দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰাৰ পিছত, কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত 4 খন বিধানসভা আসন লাভ কৰিছিল ৷ পূৰ্বৰ ব্যৱস্থাৰ অধীনত থকা কাশ্মীৰত 46 খন আসন আছিল আৰু জম্মু অঞ্চলত 37 খন আসন আছিল ৷ 2014 চনত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত মেহবুবা মুফতি নেতৃত্বাধীন পিপ'লছ ডেম'ক্ৰেটিক পাৰ্টি (PDP)য়ে 28 খন আসন লাভ কৰিছিল,তাৰ পৰিৱৰ্তে বিজেপি(BJP)য়ে 25 খন, জম্মু-কাশ্মীৰ ৰাষ্ট্ৰীয় সন্মিলনে 15খন , ভাৰতীয় জাতীয় কংগ্ৰেছ দলে 12 খন, জম্মু পিপ'লছ কনফাৰেন্স দলে 2 খন, চিপিএম(CPM)য়ে 1খন আৰু আৰু নিৰ্দলীয় দলে 3 খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল।

ওলোমা বিধানসভাৰ ফলত বিজেপি আৰু পিপ'লছ ডেম'ক্ৰেটিক পাৰ্টি (PDP)য়ে ৰাজ্যখনৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী হিচাপে মেহবুবা মুফতিৰ সৈতে চৰকাৰ গঠনৰ বাবে হাত মিলাইছিল আৰু 2018 চনৰ জুনলৈকে মিত্ৰজোঁটৰ চৰকাৰ খন বৰ্তি আছিল ৷ কিন্তু বিজেপিয়ে ইয়াৰ সমৰ্থন প্ৰত্যাহাৰ কৰি ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰাইছিল ৷

বৈঠকৰ পিছতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী জীতেন্দ্ৰ সিঙে কয়, সীমানিৰ্ধাৰণৰ ক্ষেত্ৰত সকলোৰে অংশগ্ৰহণৰ বিষয়টো বৈঠকত পুংখানুপুংখভাৱে আলোচনা কৰা হয় ৷ বৈঠকত উপস্থিত থকা সকলো ৰাজনৈতিক দলে ইয়াত সন্মতিয়ো প্ৰকাশ কৰিছে।"

লগতে পঢ়ক: জম্মু-কাশ্মীৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বাসভৱনত সৰ্বদলীয় বৈঠক

অৱশ্যে, নেচনেল কনফাৰেন্সৰ উপ-সভাপতি ওমৰ আব্দুলা (Omar Abdullah)ই সীমানিৰ্ধাৰণৰ তীব্ৰ বিৰোধিতা কৰিছে ৷ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বৈঠকৰ পিছত এক সংবাদমেলত ওমৰ আব্দুল্লাই কয়, "2019 চনৰ আগষ্টত লোৱা সিদ্ধান্তই জম্মু-কাশ্মীৰক ভাৰতৰ বাকী অংশৰ সমতুল্য কৰি তোলে তেন্তে সীমানিৰ্ধাৰণ অনুশীলনে সেই উদ্দেশ্যটোকে উপেক্ষা কৰিব ৷"

প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা আলোচনা সন্দৰ্ভত বাৰ্তালাপ কৰি আব্দুল্লাই কয়, যে দেশৰ বাকী অংশত সীমানিৰ্ধাৰণৰ যাৱতীয় কাম-কাজ 2026 চনত কৰা হ'ব আৰু বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ আগতে কেৱল জম্মু আৰু কাশ্মীৰক সীমানিৰ্ধাৰণৰ অনুশীলনৰ বাবে নিৰ্বাচিত কৰা হৈছে । গতিকে তেওঁৰ দলে জম্মু-কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰৰ দাবী জনাইছে আৰু তেওঁলোকে উচ্চতম ন্যায়ালয়ত পূৰ্বৰ আইনী যুঁজ অব্যাহত ৰাখিব ৷

সাংবাদিকেৰে হোৱা এক বৰ্তালাপত ওমৰ আব্দুল্লাই কয়, আমি প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক কৈছিলো যে 2019 চনৰ আগষ্টত লোৱা সিদ্ধান্তৰ সৈতে আমি নাই আৰু নাথাকো ৷

লগতে পঢ়ক: সকলোৰে দৃষ্টি নিবদ্ধ প্ৰধানমন্ত্ৰীৰ সৰ্বদলীয় বৈঠকলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.