ETV Bharat / bharat

পুনৰ প্ৰদূষিত হৈছে দিল্লী: নিম্নগামী ৰাজধানীৰ AQI

author img

By

Published : Nov 3, 2021, 11:46 AM IST

SAFARয়ে দাখিল কৰা প্ৰতিবেদন মতে দিল্লীৰ বায়ুমণ্ডলৰ AQI অতি বেয়া শ্ৰেণীত উপনীত হৈছে । দীপাৱালীৰ পূৰ্বে দিল্লীৰ এনে পৰিস্থিতিক লৈ চিন্তিত দিল্লীবাসী ।

Delhi air quality deteriorates
পুনৰ প্ৰদূষিত হৈছে ৰাজধানী দিল্লী

নেশ্যনেল ডেস্ক, ৩ নৱেম্বৰ : দীপাৱালীক লৈ সমগ্ৰ দেশতে আনন্দ উল্লাসে বিৰাজ কৰিছে । তাৰ মাজতে দেশবাসীৰ বাবে এক উদ্বেগজনক খবৰ । পুনৰ ৰাজধানী চহৰ দিল্লীৰ বায়ুমণ্ডলৰ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি হৈছে ।

বুধবাৰে SAFARয়ে দাখিল কৰা প্ৰতিবেদন মতে দিল্লীৰ বায়ুমণ্ডলৰ AQI (Air Quality Index) অতি বেয়া শ্ৰেণীত উপনীত হৈছে । সমান্তৰালকৈ পিএম ২.৫ আৰু পিএম ১০ ক্ৰমে ২৫১ আৰু ১৩১ ত আছে, যি দুটা 'বেয়া' আৰু 'অতি বেয়া' শ্ৰেণীত পৰিছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (IMD) কোৱা মতে দিল্লীৰ ক্ষেত্ৰত বায়ুৰ মানদণ্ড ২ নৱেম্বৰ আৰু ৩ নৱেম্বৰত 'বেয়া'ৰ পৰা 'অতি বেয়া' শ্ৰেণীৰ নিম্ন প্ৰান্তত থকাৰ সম্ভাৱনা আছে । বিভাগে লগতে কয় যে বায়ুৰ মানদণ্ড ৪ নৱেম্বৰত 'অতি বেয়া' শ্ৰেণীত থকাৰ সম্ভাৱনা আছে ।

যোৱা ৫ টা লক্ষ্য কৰিলে বায়ুৰ মানদণ্ড ৫ নৱেম্বৰ আৰু ৬ নৱেম্বৰত অৱনতি হোৱাৰ সম্ভাৱনা আছে কিন্তু বতৰ বিজ্ঞান বিভাগৰ মতে ই 'অতি বেয়া' শ্ৰেণীত থাকিব । বতৰ বিজ্ঞান বিভাগৰ মতে, পিএম ২.৫ হৈছে মুখ্য প্ৰদূষক ।

ভূ-পৃষ্ঠৰ ওপৰত বতাহ দিল্লীৰ দক্ষিণ-পূব দিশৰ পৰা ১০ কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত আহিব পাৰে আৰু মুখ্যতঃ পৰিষ্কাৰ আকাশখন ২ নৱেম্বৰৰ সন্ধিয়াৰ ফালে আংশিকভাৱে ডাৱৰীয়া হৈ পৰিব । আনহাতে, ৩ নৱেম্বৰত বতাহৰ গতিবেগ ০৪-০৮ কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত হোৱাৰ সম্ভাৱনা আছে । অৱশ্যে ৪ নৱেম্বৰত এই বতাহ দিল্লীৰ উত্তৰ-পূৱ/উত্তৰ-পশ্চিম দিশৰ পৰা ০৪-০৮ কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত অহাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা বিজয়ীসকলৰ ভিতৰত কোন কোন থাকিব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.