ETV Bharat / bharat

Kejriwal on Delhi pollution: কেজৰিৱালৰ মতে ৰাজধানী চহৰত কমিছে প্ৰদূষণৰ মাত্ৰা

author img

By

Published : Oct 25, 2022, 2:55 PM IST

Updated : Oct 25, 2022, 4:15 PM IST

delhiites-working-hard-but-still-a-long-way-to-go
Kejriwal on Delhi pollution: ৰাজধানী চহৰত কমিছে প্ৰদূষণৰ মাত্ৰা

দিল্লীবাসীয়ে কঠোৰ পৰিশ্ৰম কৰিলেও আগুৱাই যাবলৈ এতিয়াও বহু দূৰ বাকী ৷ দিল্লীৰ প্ৰদূষণৰ ওপৰত এই মন্তব্য আগবঢ়ায় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে(Delhi CM Arvind Kejriwal) ৷

নেশ্যনেল ডেস্ক, 25 অক্টোবৰ: দিল্লীবাসীয়ে প্ৰদূষণ ৰোধ কৰিবলৈ কৰা প্ৰচেষ্টা আদৰণীয় যদিও ইয়াৰ ফলাফল লাভ কৰিবলৈ এতিয়াও বহু দূৰ বাকী আছে বুলি মঙলবাৰে মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে (Delhi CM Arvind Kejriwal)। ৰাজধানী চহৰখনত বায়ুৰ গুণগত মান সূচকাংকই 'মাৰাত্মক' শ্ৰেণীত অন্তৰ্ভুক্ত হোৱাৰ পৰৱৰ্তী সময়ত এই মন্তব্য আগবঢ়ায় দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে (AQI)(Kejriwal on delhi pollution)৷

অৱশ্যে এইবাৰ ৰাজধানী চহৰখনৰ পৰিস্থিতি পূৰ্বৰ তুলনাত তুলনামূলকভাৱে উন্নত আছিল ৷ ৰাজধানীবাসীয়ে ফটকা নিষিদ্ধকৰণৰ নিষেধাজ্ঞা উলংঘা কৰাৰ লগতে চুবুৰীয়া ৰাজ্যকেইখনৰ খেতিৰ অৱশিষ্ট অংশ জলোৱা কাৰ্যই ৰাজধানী চহৰখনত বৃদ্ধি কৰিছিল প্ৰদূষণৰ মাত্ৰা । দীপাৱলীৰ পৰৱৰ্তী দিনটোত তথা আজি পুৱা ৮ বজাত দিল্লীৰ বায়ুৰ গুণগত মান সূচকাংক (AQI) ৩২৬।

'প্ৰদূষণ ৰোধ কৰিবলৈ দিল্লীবাসীয়ে কঠোৰ পৰিশ্ৰম কৰিছে । ভাল ফলাফল লাভ কৰিবলৈ কিন্তু এতিয়াও বহু দূৰ বাকী । আমি দিল্লীক বিশ্বৰ শ্ৰেষ্ঠ চহৰ হিচাপে গঢ়ি তুলিম ।’-দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এক টুইট যোগে মঙলবাৰে এই কথা প্ৰকাশ কৰে (Delhiites working hard but still a long way to go)৷ ফটকা আৰু পামৰ জুইৰ পৰা নিৰ্গত হোৱা নিৰ্গমনে দীপাৱলীৰ দিনটোত দিল্লীৰ প্ৰদূষণৰ মাত্ৰা ২.৫ % বৃদ্ধিত অৰিহণা যোগাইছে বুলি উল্লেখ কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।

পূৰ্বৰ বছৰবোৰতকৈ ফটকা ফুটুৱাৰ পৰিমাণ কমাৰ বাবে পূৰ্বৰ তুলনাত প্ৰদূষণৰ মাত্ৰা হ্ৰাস পোৱা বুলি মুখ্য়মন্ত্ৰীগৰাকীয়ে কয় ৷ লগতে, মধ্যমীয়া উষ্ণতা আৰু বতাহৰ পৰিস্থিতি যিয়ে প্ৰদূষক পদাৰ্থৰ দ্ৰুত সঞ্চয় ৰোধ কৰাত সহায়ক হৈছিল ,তাৰ বাবেও প্ৰদূষণৰ মাত্ৰা তুলনামূলকভাৱে এইবাৰ কম আছিল ৷ বিগত বছৰৰ দীপাৱলীত দিল্লীৰ বায়ুৰ গুণগত মান সূচকাংক আছিল ৩৮২ ৷ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ(Central Pollution Control Board) মতে বায়ুৰ গুণগত মান সূচকাংক উল্লেখিত বছৰবোৰত আছিল ২০২০ বৰ্ষত ৪১৪, ২০১৯ বৰ্ষত ৩৩৭, ২০১৮ বৰ্ষত ২৮১, ২০১৭ বৰ্ষত ৩১৯, আৰু ২০১৬ বৰ্ষত ৪৩১৷

শূন্যৰ পৰা ৫০ৰ ভিতৰৰ এটা AQIক ‘ভাল’, ৫১-১০০ ‘সন্তুষ্টিজনক’, ১০১-২০০ ‘মধ্যমীয়া’, ২০১-৩০০ ‘বেয়া’, '৩০১- ৪০০'ক 'অতি বেয়া' বুলি গণ্য কৰা হয় ৷ ৪০১-৫০০ ‘মাৰাত্মক’।

লগতে পঢ়ক: Cyclone Sitarang: বাংলাদেশত চিত্ৰাঙে প্ৰাণ ল’লে সাতজনৰ

Last Updated :Oct 25, 2022, 4:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.