ETV Bharat / bharat

ৰাজধানী চহৰত নাৰী নিৰ্যাতনৰ মাত্ৰা 25 শতাংশলৈ হ্ৰাস

author img

By

Published : Sep 16, 2021, 11:35 AM IST

Delhi sees almost 25 percent less crime against women
দিল্লীত মহিলাৰ বিৰুদ্ধে অপৰাধজনিত ঘটনা ২৫ শতাংশ হ্ৰাস

ৰাজধানী দিল্লী(Delhi)ত তুলনামূলকভাৱে হ্ৰাস পাইছে মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধজনিত ঘটনা । ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰ' (National Crime Records Bureau)ৰ তথ্য অনুসৰি, ৰাষ্ট্ৰীয় ৰাজধানীত ২০১৯ চনৰ তুলনাত ২০২০ চনত নাৰীৰ বিৰুদ্ধে অপৰাধজনিত ঘটনা প্ৰায় ২৫ শতাংশ হ্ৰাস পাইছে । ক'ভিড-১৯(Covid-19) মহামাৰী আৰু লক ডাউনৰ পিছত এনে ঘটনা হ্ৰাস হোৱা দেখা গৈছে বুলি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰ'ই ।

নেশ্যনেল ডেস্ক, ১৬ ছেপ্টেম্বৰ : দেশৰ ৰাজধানী চহৰ নতুন দিল্লীৰ পৰা আহিছে এক সুখবৰ ৷ সততে ৰাজধানী চহৰখনত সংঘটিত হৈ থকা নাৰী নিৰ্যাতনৰ ঘটনা পূৰ্বৰ তুলনাত ক্ৰমাৎ হ্ৰাস পোৱাৰ তথ্য প্ৰকাশ পাইছে ৷ ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰ'(National Crime Records Bureau)ৰ তথ্য অনুসৰি, ক'ভিড-১৯(Covid-19) মহামাৰী আৰু লক ডাউনৰ পিছত ৰাজধানী দিল্লীত নাৰীৰ বিৰুদ্ধে সংঘটিত অপৰাধজনিত ঘটনা হ্ৰাস পাইছে ।

দিল্লীত ২০১৯ চনৰ তুলনাত ২০২০ চনত নাৰীৰ বিৰুদ্ধে অপৰাধজনিত ঘটনা প্ৰায় ২৫ শতাংশ হ্ৰাস পাইছে বুলি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰ'ই । ২০২০ চনত ৰাজধানী চহৰখনৰ বিভিন্ন আৰক্ষী থানাত ১০,০৯৩ টা গোচৰ ৰুজু কৰা হৈছিল । আনহাতে, ২০১৯ চনত দিল্লীত ১৩,৩৯৫টা গোচৰ ৷

লগতে পঢ়ক: 75 টকাত পেট্ৰ’ল আৰু 68 টকাত ডিজেল কেনেকৈ সম্ভৱ ভাৰতত ?

২০২০ চনত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধজনিত ঘটনা বিগত বৰ্ষতকৈ ২৪.৬৫ শতাংশ হ্ৰাস পায় । দিল্লীত ২০২০ চনত ৯৯৭ টা ধৰ্ষণৰ ঘটনা আৰু ১,৮৪০ টা মহিলাৰ শালীনতা হানিৰ উদ্দেশ্যে কৰা আক্ৰমণৰ ঘটনাৰ গোচৰ ৰুজু কৰা হৈছিল । একেটা বৰ্ষতে ২,৯৩৮ টা মহিলাৰ অপহৰণৰ গোচৰ, ধৰ্ষণৰ অপচেষ্টা সন্দৰ্ভৰ ৯ টা গোচৰ আৰু দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ এক গোচৰ ৰুজু কৰা হয় ।

দিল্লী আৰক্ষীয়ে মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত সদায়ে গুৰুত্ব দি আহিছে । ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰ'ৰ তথ্য মতে, ৰাজধানী চহৰখনত বিগত বৰ্ষত স্বামী বা তেওঁৰ আত্মীয়ই মহিলাক নিৰ্যাতন কৰাৰ ২,৫৫৭ টা গোচৰ পঞ্জীয়ন কৰা হৈছিল । ২০২০ চনত মহিলাৰ শালীনতা হানিৰ মুঠ ৪১৬ টা গোচৰ পঞ্জীয়ন কৰাৰ বিপৰীতে যৌতুকৰ বাবে কৰা হত্যাৰ ১১০ টা গোচৰ ৰুজু কৰা হৈছিল । বিগত বৰ্ষত এচিড আক্ৰমণৰ দুটা ঘটনা সংঘটিত হৈছিল ৰাজধানী দিল্লীত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.