ETV Bharat / bharat

দিল্লীৰ হিংসা : DELHI HIGH COURT ৰ ৰায়ত অসন্তুষ্ট উচ্চতম ন্যায়ালয়

author img

By

Published : Jun 18, 2021, 6:56 PM IST

Updated : Jun 18, 2021, 8:00 PM IST

দিল্লীৰ হিংসাত জড়িত গোচৰত অভিযুক্ত আচিফ ইকবাল তানহাৰ জামিনৰ ক্ষেত্ৰত দিল্লী উচ্চ ন্যায়ালয়ে দিয়া ৰায়ক লৈ শুকুৰবাৰে অসন্তুষ্টি প্ৰকাশ কৰে উচ্চতম ন্যায়ালয়ে ৷ ন্যায়াধীশ হেমন্ত গুপ্তা আৰু ভি. ৰামাসুব্ৰমনিয়ামক লৈ গঠিত এখন বিচাৰপীঠে দিল্লী উচ্চ ন্যায়ালয়ে দিয়া 100 পৃষ্ঠাজোৰা ৰায়ক পুনৰ নিৰীক্ষণ কৰাৰ ওপৰত গুৰুত্ব দিছে ৷

High court judgement granting bail to 3 activists
DELHI HIGH COURT ৰ ৰায়ক লৈ অন্তুষ্ট উচ্চতম ন্যায়ালয়

নিউজ ডেস্ক, 18 জুন : উত্তৰ-পূব দিল্লীৰ হিংসাৰ সৈতে জড়িত গোচৰত অভিযুক্ত আচিফ ইকবাল তানহাৰ জামিনৰ ক্ষেত্ৰত দিল্লী উচ্চ ন্যায়ালয়ে দিয়া 100 পৃষ্ঠাজোৰা ৰায়ক লৈ শুকুৰবাৰে অসন্তুষ্টি প্ৰকাশ কৰে উচ্চতম ন্যায়ালয়ে ৷ উত্তৰ-পূৱ দিল্লীত হিংসাৰ সৃষ্টি কৰা ক্ষেত্ৰত বৃহৎ ষড়ষন্ত্ৰ ৰচনা কৰা গোচৰত অভিযুক্ত আছিল আচিফ ইকবাল তানহা ৷ য'ত 53 গৰাকীৰ লোক মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছিল শ শ লোক ৷

ন্যায়াধীশ হেমন্ত গুপ্তা আৰু ভি. ৰামাসুব্ৰমনিয়ামক লৈ গঠিত এখন বিচাৰপীঠে ইকবাল তানহাৰ জামিন প্ৰদান কৰাৰ সময়ত দিল্লী উচ্চ ন্যায়ালয়ে দিয়া 100 ৰায়ক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে ৷ বিচাৰপীঠে কয়, উচ্চ ন্যায়ালয়ে দিয়া 100 পৃষ্ঠাৰ ৰায়ত আইনৰ সকলো স্তৰ আলোচনা কৰা হৈছে ৷ এই বিষয়টোৱে আমাক বিভ্ৰান্ত কৰি ৰাখিছে ৷

"দিল্লী উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ ঋনাত্মক প্ৰভাৱ থাকিব পাৰে ৷ সেয়েহে এই ৰায়টো পুনৰ বিশ্লেষণ তথা পৰীক্ষা কৰি চোৱাতো অতি প্ৰয়োজন ৷ তদুপৰি এই ৰায়ক অন্য কোনো ক্ষেত্ৰতে যাতে ব্যৱহাৰ কৰা নহয় তাৰ বাবে গুৰুত্ব আৰোপ কৰা উচিত ৷"এইদৰে কয় বিচাৰপীঠে ৷

উচ্চতম ন্যায়ালয়ৰ প্ৰতিবেদনত এই কথা কোৱা হৈছে যে এই ৰায় উচ্চতম ন্যায়ালয়ৰ দ্বাৰা স্থগিত নহয় ৷ কিন্তু এটা কথা স্পষ্ট হোৱা উচিত যে দিল্লীৰ হিংসাৰ গোচৰত অভিযুক্ত কোনো অভিযুক্তই যাতে জামিন বিচাৰি এই ৰায়ক দৃষ্টান্ত হিচাপে উল্লেখ কৰিব নোৱাৰে । উল্লেখ্য এই ৰায়ৰ ক্ষেত্ৰত লিচিটৰ জেনেৰেল তুষাৰ মেহতাই উচ্চতম ন্যালায়ৰ স্থগিতাদেশ দাবী কৰিছিল ৷

ইফালে দিল্লীৰ হিংসাত অভিযুক্ত তিনি ছাত্ৰ কৰ্মীৰ হৈ জ্যেষ্ঠ অধিবক্তা কপিল চিবালে সদৰি কৰা মতে তেওঁ উচ্চ ন্যালায়ৰ ৰায়ক উচ্চতম ন্যায়ালয়ৰ দ্বাৰা পৰীক্ষা কৰাতো বিৰোধিতা নকৰে ৷ কিন্তু এই ৰায়ত স্থগিতাদেশ জাৰি কৰাত বিৰোধিতা কৰে বুলি মত প্ৰকাশ কৰে কপিল চিবালে ৷

উচ্চতম ন্যায়ালয়ে এটা কথা স্পষ্ট কৰিছিল যে, দিল্লী উচ্চ ন্যায়ালয়ে ইউপিএ(UPA) ক যিধৰণে বাখ্যা কৰিছে সেইধৰণে বাখ্যা কৰাৰ ক্ষেত্ৰত দিল্লী আৰক্ষীয়ে উত্থাপন কৰা বিষয়বোৰ পৰীক্ষা কৰা তথা বিশ্লেষণ কৰি চোৱাতো অতি প্ৰয়োজন । উল্লেখ্য যে, দিল্লীৰ উচ্চ ন্যায়ালয়ে তিনি ছাত্ৰ নেতা ক্ৰমে নাতাচা নাৰৱাল, দেবাংগনা কলিতা আৰু আচিফ ইকবাল তানহাৰ জামিন নাকচ কৰা ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ত পুনৰ আবেদন জনাইছিল দিল্লী আৰক্ষীয়ে ৷ কিন্তু সেই উচ্চতম ন্যায়ালয়ে নাকচ কৰিছিল ৷

বৃহস্পতিবাৰে 50 হাজাৰ বণ্ডত মুকলি আকাশৰ তললৈ আহে দিল্লীৰ হিংসাত অভিযুক্ত নাতাচা নাৰৱাল, দেবাংগনা কলিতা আৰু আচিফ ইকবাল তানহা ৷ তেওঁলোকৰ জামিন ৰায়ত দিল্লী উচ্চ ন্যায়ালয়ে কয়, গণতান্ত্ৰিক প্ৰতিবাদক সন্ত্ৰাসবাদৰ দৃষ্টিৰে চোৱাতো ভাৰতীয় গণতন্ত্ৰৰ বাবে অতি বিপদজনক ৷

লগতে পঢ়ক: দেবাংগনাৰ জামিন লাভৰ পাচতে উৎফুল্লিত ডিব্ৰুগড়বাসী

Last Updated : Jun 18, 2021, 8:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.