ETV Bharat / bharat

ফেচবুক ইণ্ডিয়াৰ এমডি অজিত মোহনৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

author img

By

Published : Jul 8, 2021, 10:32 PM IST

ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, দিনেশ মহেশ্বৰী আৰু হৃষিকেশ ৰয়ক লৈ গঠিত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ফেচবুক ইণ্ডিয়াৰ উপ-সভাপতি আৰু এমডি অজিত মোহনৰ বিধানসভা পেনেলৰ চমনৰ বিৰুদ্ধে কৰা আবেদন খাৰিজ কৰে ।

Facebook India
ফেচবুক ইণ্ডিয়াৰ এমডি অজিত মোহনৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

নেশ্যনেল ডেস্ক,৮ জুলাই : উচ্চতম ন্যায়ালয়ে ফেচবুক ইণ্ডিয়াৰ উপ-সভাপতি (Facebook India Vice President) আৰু এমডি অজিত মোহনৰ আবেদন খাৰিজ কৰে । দিল্লী বিধানসভাৰ শান্তি আৰু সম্প্ৰীতি সমিতিয়ে জাৰি কৰা চমনক প্ৰত্যাহ্বান জনাই অজিত মোহনে দাখিল কৰিছিল বিশেষ আবেদন । যোৱা বছৰ উত্তৰ-পূব দিল্লীৰ এক সংঘৰ্ষৰ সাক্ষী হিচাপে উপস্থিত হ'বলৈ বিফল হোৱাৰ পিছতে দিল্লী বিধানসভাৰ শান্তি আৰু সম্প্ৰীতি সমিতিয়ে তেওঁৰ বিৰুদ্ধে চমন জাৰি কৰিছিল ।

ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, দিনেশ মহেশ্বৰী আৰু হৃষিকেশ ৰয়ক লৈ গঠিত এক বিচাৰপীঠে মোহনৰ আবেদনক প্ৰাক-পৰিপক্ক বুলি অভিহিত কৰে আৰু কয় যে দিল্লী বিধানসভাৰ পেনেলৰ সন্মুখত তেওঁৰ বিৰুদ্ধে একোৱে হোৱা নাই । ফেচবুক ইণ্ডিয়া অনলাইন চাৰ্ভিচেছ প্ৰাইভেট লিমিটেড আৰু ফেচবুক ইংকৰ (Facebook Inc) দ্বাৰা দাখিল কৰা আবেদনৰ ওপৰত ৰায় প্ৰদান কৰি কয় যে সমিতিখনত উপস্থিত হ'বলৈ বিফল হোৱাৰ বাবে ইয়াৰ বিশেষাধিকাৰ উলংঘা কৰি আৱেদনকাৰীসকলক মাতি পঠোৱাৰ বা তেওঁলোকক ধৰি ৰখাৰ ক্ষমতা নাই আৰু ই ইয়াৰ সাংবিধানিক সীমা অতিক্ৰম কৰিছে । যোৱা বছৰৰ ১০ আৰু ১৮ ছেপ্টেম্বৰৰ জাননী অনুসৰি দিল্লীৰ ঘটনা আৰু কথিত আপত্তিজনক ভাষণ বিলাকৰ প্ৰচাৰত ফেচবুকৰ ভূমিকাৰ তদন্ত কৰি থকা পেনেলৰ সন্মুখত মোহনৰ উপস্থিতি বিচাৰিছিল আৰু তেওঁলোকে এই জাননীক প্ৰত্যাহ্বান জনাইছে ।

ইয়াৰ পূৰ্বে ২৯ জুনত তথ্য প্ৰযুক্তি সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিয়ে ফেচবুক আৰু গুগলক নতুন তথ্য প্ৰযুক্তি নিয়ম পালন কৰিবলৈ আৰু দেশৰ নিয়ম অনুসৰণ কৰিবলৈ নিৰ্দেশ দিছিল । ফেচবুক আৰু গুগলৰ জ্যেষ্ঠ বিষয়াসকলে মঙলবাৰে তথ্য আৰু প্ৰযুক্তিৰ সংসদীয় স্থায়ী সমিতিৰ (IT) সন্মুখত উপস্থিত হৈ 'নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰা আৰু ডিজিটেল মাধ্যমত মহিলা সুৰক্ষাৰ ওপৰত বিশেষ গুৰুত্ব সহ সামাজিক আৰু অনলাইন সংবাদ মাধ্যমৰ অপব্যৱহাৰ প্ৰতিৰোধ' সন্দৰ্ভত তেওঁলোকৰ মতামত আগবঢ়ায় । উল্লেখ্য যে, সমিতিৰ বৈঠকখন কংগ্ৰেছ নেতা ড০ শশী থাৰুৰৰ ( Dr Shashi Tharoor) অধ্যক্ষতাত আৰম্ভ হৈছিল ।

সমিতিৰ সদস্যসকলে ফেচবুকত ব্যক্তিগত তথ্যৰ গোপনীয়তা আৰু মহিলাৰ সুৰক্ষা আৰু মহিলাৰ সুৰক্ষাৰ বিষয়বোৰ উত্থাপন কৰিছিল । ফেচবুকৰ বিষয়াসকলক সমিতিৰ সদস্যসকলে তথ্য লিকেজ আৰু মহিলাসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বিষয়ে প্ৰশ্ন কৰিছিল । ইয়াৰ প্ৰত্যুত্তৰত ফেচবুকৰ বিষয়াসকলে সমিতিক জনাইছিল যে লিকেজ কোনো ফেচবুক প্লেটফৰ্মৰ পৰা নহয় কিন্তু ই আন ডিভাইচৰ জৰিয়তে হৈ আছে । ফেচবুক ইণ্ডিয়াৰ সহযোগী সাধাৰণ পৰামৰ্শদাতা নম্ৰতা সিং আৰু কোম্পানীৰ ৰাজহুৱা নীতি সঞ্চালক শিৱনাথ থুকৰালে বৈঠকত উপস্থিত আছিল আৰু কেইবাটাও বিষয় আলোচনা কৰিছিল ।

গুগলৰ বিষয়াসকলে সমিতিক জনোৱা মতে চলিত বছৰৰ জানুৱাৰী আৰু মাৰ্চৰ ভিতৰত ইউটিউবে ইয়াৰ বিশেষ নিৰ্দেশনা উলংঘা কৰাৰ বাবে ৯.৫ নিযুতৰো অধিক ভিডিঅ' আঁতৰাই দিছে । ইয়াৰে ৯৫ শতাংশ ভিডিঅ' প্ৰথমে মানুহৰ সলনি যন্ত্ৰৰ দ্বাৰা ফ্লেগ কৰা হৈছিল আৰু ভিতৰত ২৭.৮ শতাংশই কোনেও চোৱা নাছিল আৰু ৩৯ শতাংশই ১ ৰ পৰা ১০ ভিউজৰ ভিতৰত আছিল । ইফালে এই তিনিমাহত ইউটিউবে ইয়াৰ বিশেষ নিৰ্দেশনা উলংঘা কৰাৰ বাবে ২.২ নিযুতৰো অধিক চেনেল ডিলিট কৰিছে । একে সময়তে ইউটিউবে ১ বিলিয়নতকৈও অধিক কমেণ্ট আঁতৰাইছে ।

লগতে পঢ়ক :মহিলাসকললৈ তেলেংগানাৰ পৰিবহণ নিগমৰ বিশেষ সুবিধাৰ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.