ETV Bharat / bharat

Air Quality Index: দীপাৱলীৰ পাছতেই অধিক প্ৰদূষিত দিল্লীৰ বায়ুমণ্ডল

author img

By

Published : Oct 25, 2022, 6:17 PM IST

delhi records very poor aqi post diwali
দীপাৱলীৰ পাছতেই অধিক প্ৰদূষিত দিল্লীৰ বায়ুমণ্ডল

দিল্লীৰ বায়ুমণ্ডলৰ পৰিস্থিতি অতি বেয়াৰ দিশে আগবাঢ়িছে(Delhi records very poor AQI post Diwali) । দীপাৱলীৰ পাছতে পূৰ্বৰ তুলনাত আৰু বেছি প্ৰদূষিত হ'বলৈ আৰম্ভ কৰিছে দিল্লীৰ বায়ুমণ্ডল । সমগ্ৰ দেশতে দীপাৱলী উদযাপন কৰাৰ এদিন পিছতেই দেশৰ ৰাজধানী চহৰ দিল্লীত অধিক নিম্নগামী হৈছে বায়ুৰ মানদণ্ড (Air Quality Index) ।

নেশ্যনেল ডেস্ক,২৫ অক্টোবৰ: সমগ্ৰ দেশতে দীপাৱলী উদযাপন কৰাৰ এদিন পিছতে ৰাষ্ট্ৰীয় ৰাজধানীত বায়ুমণ্ডল অতি দুৰ্বল বুলি উল্লেখ কৰে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে(Air Quality Index) । আনহাতে আন মুখ্য চহৰবোৰেও মধ্যমীয়া আৰু দুৰ্বল শ্ৰেণীৰ মাজত AQI হ্ৰাস পাইছিল(Excessive pollution in Delhi) । কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ তথ্য অনুসৰি দিল্লীত একিউআই ৩১২ ৰেকৰ্ড হোৱাৰ সৈতে । ৰাজধানী চহৰখনত চলিত বছৰৰ প্ৰথম দিনটোতো একেই নিম্ন বায়ুমানদণ্ড দেখা গৈছিল(Delhi records very poor AQI post Diwali) ।

ইফালে নয়ডা আৰু গুৰগাঁৱৰ AQI য়ো অতি দুৰ্বল বুলি উল্লেখ কৰে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে । দেশৰ ৰাজধানীত আতচবাজী জ্বলোৱা নিষিদ্ধ কৰা স্বত্বেও এই সূচাংকই যথেষ্ট উদ্বেগৰ সৃষ্টি কৰিছে । ইফালে, মুম্বাইত AQI ৰ ১৩৬ AQI ৰেকৰ্ড কৰা হৈছে । যি AQI ৰ মধ্যমীয়া শ্ৰেণীত আছে বুলি উল্লেখ কৰে ।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড(Central Pollution Control Board)ৰ তথ্য অনুসৰি বেংগালুৰুৰ AQI সন্তোষজনক শ্ৰেণীত পৰিছিল । বেংগালুৰুৰ AQI ১০০ ৰেকৰ্ড কৰা হৈছিল । চেন্নাইত তামিলনাডু চৰকাৰৰ নিৰ্দেশনা অনুসৰি পুৱা 6 বজাৰ পৰা পুৱা 7 বজাৰ ভিতৰত ফটকা আটচবাজী জ্বলাবলৈ নিৰ্দেশনা দিছিল আৰু চহৰখনত ১৯২ AQI পঞ্জীয়ন কৰিছিল । যাৰ ফলত চহৰখন মধ্যমীয়া শ্ৰেণীত পৰিছিল ।

CPCB ৰ মতে মধ্যমীয়া শ্ৰেণীত থকা কলকাতাৰ AQI আছিল ৫৫ । এই বছৰ,পৰিৱেশ ভৱনৰ নতুন কেন্দ্ৰীয় নিয়ন্ত্ৰণ কক্ষই দীপাৱলী আৰু কালী পূজাত সময়ত শব্দ আৰু বায়ু প্ৰদূষণ নিৰীক্ষণ কৰে । পশ্চিম বংগৰ পৰিৱেশ মন্ত্ৰী মানস ভুনিয়াই সদৰী কৰে এই তথ্য ।

লগতে পঢ়ক: Openbill Storks at Dalgaon : দলগাঁৱলৈ আহিছে নতুন আলহী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.