Satish Kaushik death: সতীশ কৌশিকৰ মৃত্যুৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ দিল্লী আৰক্ষীৰ

author img

By

Published : Mar 12, 2023, 7:35 AM IST

Satish Kaushik death

অভিনেতা তথা পৰিচালক সতীশ কৌশিকৰ মৃত্যু সন্দৰ্ভত তথ্য প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ মৃত্য়ুৰ আগৰ প্ৰতিটো মূহুৰ্তৰ কথা বৰ্ণনা কৰিলে আৰক্ষীয়ে ৷ কেনেদৰে মৃত্যু হৈছিল অভিনেতাজনৰ, আৰক্ষীৰ প্ৰতিবেদনত আছে সেই তথ্যও (Satish Kaushik death) ৷ পঢ়ক সবিশেষ...

নিউজ ডেস্ক, 12 মাৰ্চ: প্ৰসিদ্ধ অভিনেতা, পৰিচালক সতীশ কৌশিকৰ মৃত্য়ুক কেন্দ্ৰ কৰি অব্যাহত আছে ৰহস্য ৷ দিল্লীস্থিত অভিনেতাজনৰ ফাৰ্ম হাউচত হোলীৰ পিচদিনা উদ্ধাৰ হৈছিল মৃতদেহ ৷ প্ৰথমাৱস্থাত সতীশ কৌশিকৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা বুলি কোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত এই ঘটনাই অন্য মোৰ লয় ৷ সাধাৰণ নাছিল নেকি অভিনেতাজনৰ মৃত্যু ? হত্যাৰ বলি হ’ল নেকি অভিনয়ৰ জৰিয়তে দৰ্শকক হাঁহিৰ খোৰাক যোগোৱা অভিনেতাজন ? আদি বহু কেইটা প্ৰশ্নৰেই অৱতাৰণা হয় ৷ তাৰ মাজতে দিল্লী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰে তদন্ত ৷ এই তদন্তৰ সবিশেষ ইতিমধ্যেই প্ৰকাশ কৰিছে (Actor Satish Kaushik death) ৷

দিল্লী আৰক্ষীৰ এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজীৱ কুমাৰে কয় যে, সতীশ কৌশিক হোলীৰ দিনা পুৱা 10 বজাত তেওঁৰ ব্যক্তিগত মেনেজাৰ সন্তোষ ৰায়ৰ সৈতে দিল্লীলৈ আহিছিল ৷ তাৰ পিচত তেওঁ কাপসহেড়াৰ বিজৱাসনত থকা বন্ধু বিকাশ মালুৰ পুষ্পাঞ্জলি ফাৰ্ম হাউচত উপস্থিত হয় ৷ তাতেই তেওঁ বিয়লি প্ৰায় 3 বজালৈকে হোলীৰ আনন্দ উপভোগ কৰিছিল (Probe on Satish Kaushik death) ৷

লগতে পঢ়ক: Satish Kaushik death : মৰণোত্তৰ পৰীক্ষাৰ ফলাফলৰ বাবে অপেক্ষা আৰক্ষীৰ

ইয়াৰ পাচত সতীশ কৌশিকে বিশ্ৰাম ল’বলৈ যায় ৷ বিয়লি আৰু নিশাৰ ভাগত কোনো পাৰ্টী হোৱা নাছিল বা তেওঁ উপস্থিতো নাছিল কোনো পাৰ্টীত ৷ নিশা প্ৰায় 9 বজাত তেওঁ আহাৰ গ্ৰহণ কৰে আৰু কিছু দেৰি খোজ কঢ়াৰ পাচত নিজৰ আইপেডত চিনেমা চোৱাত ব্যস্ত হৈ পৰে ৷ প্ৰায় 12 বজাত অভিনেতাগৰাকীয়ে তেওঁৰ কাষৰ কোঠাত থকা মেনেজাৰ সন্তোষক মাত দিয়ে আৰু জনাই যে, তেওঁ উশাহ লোৱাত কষ্ট অনুভৱ কৰিছে ৷ তাৰ পাচত লগে লগে তেওঁক ফোৰ্টিচ হাস্পতাললৈ লৈ যোৱা হয় ৷ কিন্তু তাতেই শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে (Satish Kaushik death updates) ৷

অভিনেতাজনৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ফাৰ্ম হাউচত উপস্থিত হোৱা স্পেচিয়েল ক্ৰাইম টীমে জৰুৰী প্ৰমাণ গোটাই আৰু ফটো সংগ্ৰহ কৰে ৷ অৱশ্যে বৰ্তমানলৈকে অনুসন্ধানকাৰী দলে কোনো ধৰণৰ আপত্তিজনক সামগ্ৰী লাভ কৰা নাই ৷ যি ঠাইত তেওঁ আছিল আৰু যিটো কোঠাত বিশ্ৰাম কৰিছিল, তাতো কোনো আপত্তিজনক সামগ্ৰী পোৱা নগ’ল ৷ সেইসময়ত তাত উপস্থিত থকা লোকসকলকো দলটোৱে সোধা-পোছা কৰে ৷ কেৱল সেয়াই নহয়, ফাৰ্ম হাউচটোত সংযুক্ত কৰি থোৱা চিচিটিভি কেমেৰাৰো ফুটেজ সংগ্ৰহ কৰি তাৰো পৰীক্ষণ চলোৱা হৈছে যদিও বিশেষ কোনো ক্লু পোৱা নাই তদন্তকাৰী দলে (Satish Kaushik died in Delhi) ৷

লগতে পঢ়ক: Prohibited medicines recovered: অভিনেতা সতীশ কৌশিকৰ ফাৰ্ম হাউচত নিষিদ্ধ ঔষধ উদ্ধাৰ

উল্লেখ্য যে, 9 মাৰ্চত চিকিৎসকৰ দ্বাৰা সতীশ কৌশিকৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ অন্তত মৃতদেহ পৰিয়ালক গতাই দিয়া হয় ৷ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতো স্পষ্ট হৈ পৰিছে যে, তেওঁৰ মৃত্যু হাৰ্ট এটেকৰ বাবেই হৈছিল ৷ আৰক্ষীয়ে সতীশ কৌশিকৰ পৰিয়ালৰ লোকৰ প্ৰতি কোনো সন্দেহ কৰা নাই (Satish Kaushik latest news) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.