ETV Bharat / bharat

Delhi wrestler protest: ভাৰতীয় কুস্তি ফেডাৰেচনৰ অধ্যক্ষ ব্ৰীজ ভূষণৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন

author img

By

Published : Apr 29, 2023, 10:09 AM IST

Updated : Apr 29, 2023, 10:48 AM IST

দিল্লীৰ প্ৰতিবাদী মল্লযোদ্ধাৰ কাষত উপস্থিত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৷ শুকুৰবাৰে ৰেছলিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ মুৰব্বী ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে দুখন এজাহাৰ পঞ্জীয়ন কৰে দিল্লী আৰক্ষীয়ে ৷ ইফালে, প্ৰতিবাদস্থলীৰ বিদ্যুৎ আৰু পানীৰ সংযোগ কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰিছে মল্লযোদ্ধাসকলে (Wrestlers protest) ৷

Delhi wrestler protest
Delhi wrestler protest

নিউজ ডেস্ক, 29 এপ্ৰিল: মল্লযোদ্ধাৰ ধাৰাবাহিক প্ৰতিবাদৰ ওচৰত নতশিৰ হৈ অৱশেষত ৰেছলিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ (Wrestling Federation of India) মুৰব্বী ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিবলৈ বাধ্য হ’ল দিল্লী আৰক্ষী ৷ শুকুৰবাৰে ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে পৃথকে পৃথকে দিল্লী আৰক্ষীয়ে কনট প্লেচ আৰক্ষী চকীত পঞ্জীয়ন কৰে দুখন এজাহাৰ ৷ উল্লেখ্য যে, ৰেছলিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ মুৰব্বী ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে একাংশ মহিলা মল্লযোদ্ধাই আনিছিল যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ (FIR against Brij Bhushan) ৷

‘‘কনট প্লেচ আৰক্ষী থানাত দুখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে ৷ প্ৰথমটো এগৰাকী নাবালিকা ভুক্তভোগীৰ দ্বাৰা উত্থাপিত অভিযোগৰ সৈতে সম্পৰ্কিত ৷ এই এজাহাৰখন শিশুৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত POCSO আইনৰ অধীনত ৰুজু কৰা হৈছে আৰু মহিলা মল্লযোদ্ধাক অশালীন ব্যৱহাৰ কৰাৰ বিৰুদ্ধে পঞ্জীয়ন কৰা হৈছে ৷’’ নতুন দিল্লীৰ ডিচিপি প্ৰণৱ তায়ালে কয় ৷ ইফালে, দ্বিতীয়খন এজাহাৰ মহিলা মল্লযোদ্ধাসকলে উত্থাপন কৰা অভিযোগৰ বিস্তৃত তদন্তৰ বাবে পঞ্জীয়ন কৰা হৈছে (Brij Bhushan Sharan Singh case) ৷

উল্লেখ্য যে, শুকুৰবাৰে দিল্লী আৰক্ষীয়ে উচ্চতম ন্যায়ালয়ক ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে আৰক্ষীৰ ফালৰ পৰা এখন এজাহাৰ পঞ্জীয়ন কৰা হ’ব অৱগত কৰিছিল ৷ ৰেছলিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে 21 এপ্ৰিলত আৰক্ষীৰ ওচৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাতগৰাকী মহিলা মল্লযোদ্ধাই যৌন নিৰ্যাতনৰ অভিযান উত্থাপন কৰি পৰৱৰ্তী পৰ্যায়ত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপয়াণ কৰিছিল ৷ যি প্ৰতিবাদী কাৰ্যসূচী বৰ্তমানেও অব্যাহত আছে (Wrestler protest in Delhi) ৷

শনিবাৰে মল্লযোদ্ধাসকলৰ সমৰ্থনত প্ৰতিবাদস্থলীত হয় কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৷ প্ৰতিবাদস্থলীত উপস্থিত হৈ প্ৰিয়ংকা গান্ধীয়ে কয়, ‘‘প্ৰধানমন্ত্ৰীৰ পৰা মোৰ কোনো প্ৰত্যাশা নাই, কিয়নো যদি তেওঁ এই মল্লযোদ্ধাসকলৰ বিষয়ে চিন্তিত, তেন্তে তেওঁ এতিয়ালৈকে তেওঁলোকৰ সৈতে কিয় কথা পতা নাই বা তেওঁলোকক লগ কৰা নাই ৷ সমগ্ৰ দেশে তেওঁলোকৰ সৈতে থিয় দিছে আৰু মই অত্যন্ত গৌৰৱান্বিত যে এই মল্লযোদ্ধাসকলে এনে এটা বিষয়ৰ বিৰুদ্ধে মাত মাতিছে (Priyanka Gandhi on wrestlers protest) ৷’’

লগতে তেওঁ কয়, ‘‘পঞ্জীয়ন কৰা এজাহাৰত কি আছে সেই বিষয়ে কোনেও অৱগত নহয় ৷ আৰক্ষীয়ে কিয় এতিয়ালৈকে ইয়াক দেখুওৱা নাই ? যেতিয়া এই মল্লযোদ্ধাসকলে পদক জিকে আমি সকলোৱে টুইট কৰোঁ আৰু গৌৰৱ অনুভৱ কৰোঁ ৷ কিন্তু আজি তেওঁলোকে ৰাস্তাত বহি আছে আৰু ন্যায় পোৱা নাই ৷ এই সকলো মহিলা মল্লযোদ্ধাই এই পৰ্যায়লৈ আহিবলৈ যথেষ্ট সংগ্ৰাম কৰে আৰু মই বুজিব পৰা নাই যে চৰকাৰে ব্ৰীজ ভূষণ শৰণ সিঙক কিয় ৰক্ষণাৱেক্ষণ দি আছে (Case against Brij Bhushan Sharan Singh) ৷’’

ইফালে দিল্লী আৰক্ষীয়ে এতিয়া ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে হ’ব লক্ষণীয় ৷ ইফালে, প্ৰতিবাদী মল্লযোদ্ধাই জন্তৰ মন্তৰৰ প্ৰতিবাদীস্থলীত পানী আৰু বিদ্যুৎ সংযোগ কৰ্তন কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়ক: SC on Hate Speeches : ঘৃণামূলক ভাষণৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

Last Updated : Apr 29, 2023, 10:48 AM IST

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.