ETV Bharat / bharat

Delhi Air Pollution : ডাঠ কুঁৱলীৰ আৱৰণত তাজমহল; দৰ্শনত ব্যৰ্থ পৰ্যটক

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 4:04 PM IST

সোমবাৰে পুৱাৰে পৰা দিল্লীত সামগ্ৰিক বায়ুৰ গুণমান 'গুৰুত্বপূৰ্ণ' শ্ৰেণীলৈ হ্ৰাস হৈ আহিছে । ভাৰতৰ বায়ুৰ গুণমান আৰু বতৰৰ পূৰ্বানুমান আৰু গৱেষণা ব্যৱস্থাই এই কথা জনাইছে । আনহাতে, দিল্লীত প্ৰদূষণৰ স্তৰে দিল্লী আৰু ইয়াৰ ওচৰ-পাজৰৰ কেইবাটাও স্থানত ৪০০ বায়ু গুণমান সূচাংকত উপনীত হৈছে । সোমবাৰে পুৱা সামগ্ৰিক গড় ৪৭১ একিউআই নথিভুক্ত কৰা হয় ।

ডাঠ কুঁৱলীৰ আৱৰণত তাজমহল; দৰ্শনত ব্যৰ্থ পৰ্যটক
Delhi Air Pollution

নিউজ ডেস্ক, ৬ নৱেম্বৰ : বৰ্তমান ডাঠ কুঁৱলীৰ আচ্ছাদনত সমগ্ৰ দিল্লী । অৱশ্যে ইয়াক কেৱল কুঁৱলী বুলিলে ভুল কোৱা হ'ব । ধোঁৱা আৰু বায়ু প্ৰদূষণৰ শোচনীয় পৰিস্থিতিৰ বাবে এই অৱস্থাৰ সৃষ্টি হৈছে । আনহাতে, দিল্লী-এনচিআৰ আৰু সংলগ্ন ৰাজ্যসমূহত অতিমাত্ৰাত বায়ু প্ৰদূষণৰ ফলত প্ৰভাৱিত হৈছে তাজমহলো । বায়ু প্ৰদূষণৰ ফত উদ্ভৱ হোৱা ঘন কুঁৱলীয়ে উত্তৰ প্ৰদেশৰ আগ্ৰাস্থিত তাজমহলক আৱৰি ধৰিছে । যাৰ ফলত তাজমহল অস্পষ্ট ৰূপত প্ৰতিফলিত হৈছে ।

ইয়াৰ বাবে বহুসংখ্যক পৰ্যটকে তাজমহলৰ স্পষ্ট দৰ্শনত অসুবিধাৰ সন্মুখীন হৈছে । আনহাতে, বায়ু গুণমান সূচাংক (একিউআই) নিৰন্তৰ বৃদ্ধি পাই আছে আৰু আগ্ৰাৰ কিছু অংশ ডাঠ ধোঁৱাৰে আৱৰি আছে । যাৰ ফলত এই বিশ্ববিশ্ৰুত স্থাপত্যৰ দৃশ্যমান কম হোৱাৰ বাবে পৰ্যটকসকল হতাশ হৈ পৰিছে ।

মাধৱী নামৰ এগৰাকী পৰ্যটকে পৰিস্থিত সন্দৰ্ভত কয়, "মই তাজমহল চাবলৈ আহিছিলোঁ । কিন্তু বায়ুৰ গুণমান হ্ৰাস হোৱাৰ বাবে আমি দৰ্শন কৰিবলৈ সক্ষম হোৱা নাই... ইয়াৰ দায়িত্ব চৰকাৰৰ সৈতে জনসাধাৰণেও ল'ব লাগে ।"

আন এগৰাকী পৰ্যটক আশিস সিঙৰ মুখতো একেই হতাশাৰ কথা প্ৰকাশ পায় । "মই তাজমহল চাবলৈ আহিছিলোঁ... আমি এঘণ্টা ধৰি অপেক্ষা কৰি আছোঁ, কিন্তু একো দেখা পোৱা নাযায়... যমুনা নদীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি মনোযোগ দিয়া উচিত ।" তেওঁ কয় ।

উল্লেখ্য যে সোমবাৰে পুৱা দিল্লীত সামগ্ৰিক বায়ুৰ গুণমান 'গুৰুত্বপূৰ্ণ' শ্ৰেণীলৈ হ্ৰাস হৈছে । ভাৰতৰ বায়ুৰ গুণমান আৰু বতৰৰ পূৰ্বানুমান আৰু গৱেষণা ব্যৱস্থাই (System of Air Quality and Weather Forecasting and Research India, (SAFAR) এই কথা জনাইছে । আনহাতে, দিল্লীত প্ৰদূষণৰ স্তৰে দিল্লী আৰু ইয়াৰ ওচৰ-পাজৰৰ কেইবাটাও স্থানত বায়ুৰ গুণমান সূচাংক ৪০০ হিচাপে নথিভুক্ত কৰা হৈছে । সংস্থাটোৰ মতে, সোমবাৰে পুৱা সামগ্ৰিক গড় ৪৭১ একিউআই নথিভুক্ত কৰা হৈছে ।

আনহাতে, প্ৰদূষণ নিয়ন্ত্ৰণ পৰিকল্পনাৰ অন্তিম পৰ্যায়ত ৰাজ্য চৰকাৰে পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে ৫০% চৰকাৰী কৰ্মচাৰীৰ বাবে 'ঘৰৰ পৰা কাম' কৰাৰ নীতি ঘোষণা কৰিছে ।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ তথ্য মতে, ২৭ অক্টোবৰৰ পৰা দিল্লীৰ বায়ুৰ গুণমান সূচাংক ২০০ পইণ্টতকৈও অধিক বৃদ্ধি পাইছে । ২০২১ চনৰ ১২ নৱেম্বৰত পূৰ্বৰ সৰ্বোচ্চ ৪৭১ হোৱাৰ পিছত এই বছৰৰ ৩ নৱেম্বৰত বায়ুৰ আটাইতকৈ বেয়া গুণমানদণ্ড ৰেকৰ্ড কৰা হৈছে ।

আনহাতে, ৰাষ্ট্ৰীয় ৰাজধানীত বৰ্ধিত প্ৰদূষণ ৰোধ কৰিবলৈ দিল্লী অগ্নিনিৰ্বাপক সেৱাই কেইবাটাও হটস্পটত পানী ছটিওৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে । সোমবাৰে সংবাদ সংস্থা পিটিআইৰ সূত্ৰত এই কথা প্ৰকাশ ।

"প্ৰদূষণ নিয়ন্ত্ৰণ ৰখাৰ বাবে মুঠ ১২ খন অগ্নিনিৰ্বাপক গাড়ী সেৱাত নিয়োজিত কৰা হৈছে । এই অগ্নিনিৰ্বাপক গাড়ীবোৰে ইতিমধ্যে বিভিন্ন স্থানত পানী ছটিয়াবলৈ আৰম্ভ কৰিছে । এইবোৰক হটস্পট হিচাপে চিনাক্ত কৰা হৈছে ।" পিটিআইৰ উদ্ধৃতি অনুসৰি দিল্লী অগ্নিনিৰ্বাপক সেৱাৰ সঞ্চালক অতুল গাৰ্গে কয় ।

লগতে পঢ়ক :Deepotsav in Ayodhya : বিশ্ব অভিলেখৰ লক্ষ্যৰে অযোধ্যাত দীপোৎসৱৰ বিশাল আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.