ETV Bharat / bharat

Delhi Jewellery shop burglary : দিল্লীৰ গহনা চুৰি ঘটনা; ছত্তীশগড়ত গ্ৰেপ্তাৰ ২ অভিযুক্ত, ১৮.৫ কিলোগ্ৰাম অলংকাৰ উদ্ধাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 6:05 PM IST

দিল্লীৰ এখন গহনা দোকানত হোৱা চুৰিকাণ্ডৰ অভিযুক্তক ছত্তীশগড়ৰ দুৰ্গৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে । দুৰ্গ, বিলাসপুৰ আৰু দিল্লী আৰক্ষীয়ে এই যুটীয়া অভিযান চলায় । আৰক্ষীয়ে অভিযুক্তৰ পৰা ১৮.৫ কিলোগ্ৰাম ওজনৰ গহনাও জব্দ কৰে ।

Delhi Jewellery shop burglary
Delhi Jewellery shop burglary

নিউজ ডেস্ক, ২৯ ছেপ্টেম্বৰ : দিল্লীৰ এখন গহনা দোকানত চুৰি কৰাৰ অভিযোগত অভিযুক্ত কুখ্যাত চোৰ লোকেশ শ্ৰীবাসক দুৰ্গৰ স্মৃতি নগৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে । অভিযুক্ত লোকেশ শ্ৰীবাসে ছত্তীশগড়ৰ বিলাসপুৰত আৰু তাৰ পিছত দিল্লীৰ এখন গহনা দোকানত চুৰি কৰাৰ পিছত দুৰ্গত লুকাই আছিল । তেওঁক দুৰ্গ, বিলাসপুৰ আৰক্ষীৰ সৈতে দিল্লী আৰক্ষীয়ে এক যুটীয়া অভিযানত দুৰ্গৰ পৰা গ্ৰেপ্তাৰ কৰে ।

দিল্লীত প্ৰায় ২৫ কোটি টকাৰ গহনা চুৰিৰ পিছত চোৰক বিচাৰি দিল্লী আৰক্ষী গৈ বিলাসপুৰত উপস্থিত হৈছিল । দিল্লী আৰক্ষীয়ে বিলাসপুৰৰ পৰা এজন সন্দেহজনক ব্যক্তিৰ বিষয়ে তথ্য লাভ কৰে । সন্দেহজনক লোকজনক সোধাপোছা কৰাৰ পিছত তেওঁ কৱৰ্ধাৰ অৱস্থানৰ বিষয়ে কয় । তাৰ পিছত কৱৰ্ধাত শিৱ চন্দ্ৰবংশী নামৰ এজন ব্যক্তিৰ গোপন ঘাটিত অভিযান চলায় । শিৱ চন্দ্ৰবংশীৰ পৰা ২৩ লাখ টকা নগদ ধন উদ্ধাৰ কৰা হয় । কিন্তু যেতিয়া বিলাসপুৰ আৰক্ষী শিৱ চন্দ্ৰবংশীক ধৰিবলৈ তাত উপস্থিত হৈছিল, তেতিয়া মুখ্য অভিযুক্ত লোকেশে এই বিষয়ে জানিব পাৰে । পিছত অভিযুক্ত লোকেশে খিৰিকীৰে জঁপিয়াই পলায়ন কৰে ।

কিন্তু আৰক্ষীয়ে চলোৱা অনুসন্ধানৰ পিছত অভিযুক্ত লোকেশ দুৰ্গত থকা বুলি জানিব পাৰে । তাৰ পিছত দিল্লী আৰু বিলাসপুৰ আৰক্ষীয়ে দুৰ্গ আৰক্ষীৰ সৈতে যোগাযোগ কৰে । লোকেশ স্মৃতি নগৰৰ এটা ঘৰত লুকাই থকা বুলি তথ্য লাভ কৰা হয় । আৰক্ষীয়ে লগে লগে ভিলাইৰ স্মৃতি নগৰৰ পৰা লোকেশ শ্ৰীৱাসক গ্ৰেপ্তাৰ কৰে । বৰ্তমান আৰক্ষীয়ে চুৰি কৰা আটাইখিনি সামগ্ৰী উদ্ধাৰ কৰিছে । দিল্লী আৰক্ষীয়ে লোকেশ শ্ৰীৱাসক জিম্মাত লৈ দিল্লীলৈ ৰাওনা হ'ব । বৰ্তমান দুৰ্গ আৰক্ষী, বিলাসপুৰ আৰক্ষী আৰু দিল্লী আৰক্ষীৰ যুটীয়া তদন্ত চলি আছে ।

বিলাসপুৰৰ চিভিল লাইন আৰক্ষী থানাৰ টিআই প্ৰদীপ আৰ্যই জনোৱা মতে, শেহতীয়াকৈ বিলাসপুৰৰ চিভিল লাইন আৰক্ষী থানা অঞ্চলৰ দহখন দোকানত চুৰিকাৰ্য সংঘটিত হৈছিল । ইতিমধ্যে ফুটেজ স্কেন কৰা হৈছে । আমি অভিযুক্তক কৱৰ্ধাতো বিচাৰি পাইছিলোঁ । তাৰ পিছত দুৰ্গ পায়গৈ । অভিযুক্তক দুৰ্গৰ স্মৃতি নগৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ।

"অভিযুক্তৰ পৰা ১৮.৫ কিলোগ্ৰাম সোণ আৰু ১২.৫ লাখ টকা নগদ ধন উদ্ধাৰ কৰা হৈছে । অভিযুক্তই বিভিন্ন ৰাজ্যলৈ গৈ চুৰি কৰিছিল । বিলাসপুৰৰ চিভিল লাইন আৰক্ষী থানাৰ টিআই প্ৰদীপ আৰ্যই কয় ।

উল্লেখ্য যে লোকেশ শ্ৰীৱাস সোণৰ অলংকাৰ চুৰি কৰাৰ প্ৰতি আসক্ত । কিন্তু তেওঁ সৰু-সুৰা চুৰি নকৰে, কেৱল কোটি কোটি টকাৰ সোণৰ গহনা চুৰি কৰে । লোকেশ শ্ৰীৱাসৰ বিৰুদ্ধে পূৰ্বতেও দুৰ্গত কেইবাটাও গোচৰ ৰুজু কৰা হৈছিল । প্ৰায় দুবছৰ পূৰ্বে তেওঁ দুৰ্গৰ এখন গহনা দোকানত প্ৰায় ৩ কোটি টকাৰ গহনা চুৰি কৰিছিল । তাৰ পিছত দুৰ্গ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে । কিন্তু জে'লৰ পৰা ওলাই পুনৰ লোকেশ শ্ৰীৱাসে দিল্লীত কোটি টকাৰ সোণৰ গহনা চুৰি কৰে ।

লগতে পঢ়ক :Dubai Job Fraud: চাকৰিৰ প্ৰলোভন দি ডুবাইত বন্ধকত থলে 5 যুৱকক, সহায় বিচাৰি সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.