ETV Bharat / bharat

Death Penalty: তিনি ধৰ্ষণকাৰীক মৃত্যুদণ্ডৰ ৰায় দিল্লীৰ এখন আদালতৰ

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 8:34 AM IST

দুই নাবালিকৰ সৈতে এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ অপৰাধত তিনিজনক মৃত্যুদণ্ড বিহে দিল্লীৰ এখন আদালতে ৷ তিনি অভিযুক্তই ষড়যন্ত্ৰ কৰা বুলিও প্ৰমাণিত হৈছে আদালতৰ বিচাৰত । ইয়াৰে এটা অপৰাধী কিশোৰ ৷

woman gang raped and murdered
তিনি অপৰাধীক মৃত্যুদণ্ড দিল্লী আদালতৰ

নেশ্যনেল ডেস্ক, 5 ছেপ্টেম্বৰ: দিল্লীৰ এখন আদালতে শেহতীয়াকৈ তিনিটাকৈ অপৰাধীৰ বিৰুদ্ধে ঘোষণা কৰিছে মৃত্যুদণ্ড ৷ এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ অপৰাধত অপৰাধী তিনিটাক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে আদালতে ৷ অপৰাধী তিনিটাই মহিলাগৰাকীৰ দুই নাবালক সন্তান - এজন ল’ৰা (7 ) আৰু এগৰাকী ছোৱালী (6)কো নৃশংসভাৱে হত্যা কৰিছে ।

দোষীয়ে প্ৰথমে স্ক্ৰু ড্ৰাইভাৰেৰে মহিলাগৰাকীক হত্যা কৰাৰ পিছত ডিঙি চেপি হত্যা কৰে নাবালক সন্তান দুটিক আৰু মহিলাগৰাকীৰ ঘৰত লুটপাত চলায় । খ্যালা থানাৰ অন্তৰ্গত এটা অঞ্চলত সংঘটিত হৈছিল এই জঘন্য অপৰাধ ৷

2015 চনত সংঘটিত হোৱা এই ঘটনা সন্দৰ্ভত মৃতকৰ স্বামী তথা পিতৃয়ে আৰক্ষী থানাত দাখিল কৰিছিল গোচৰ । এই নৃশংস ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাৰ সৈতে কিশোৰকে ধৰি চাৰিজন ব্যক্তি জড়িত আছিল ।

তিছ হাজাৰী আদালতৰ বিশেষ ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশে 302 (হত্যা) আৰু 120 B (ফৌজদাৰী ষড়যন্ত্ৰ) ধাৰাত শ্বাহিদ, আক্ৰাম আৰু ৰাফাত আলী ওৰফে মনজুৰ আলীক মৃত্যুদণ্ড বিহে । দলবদ্ধ ধৰ্ষণ আৰু ডকাইতিৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে তিনি অপৰাধীক । লগতে প্ৰতিজন দোষীক 35,000 টকাৰ জৰিমনা বিহিছে আদালতে । যোৱা 22 আগষ্টত আদালতত দোষী সাব্যস্ত হৈছিল ।

আদালতত দীৰ্যদিন ধৰি চলা বিচাৰত পোহৰলৈ আহে তিনিটাকৈ হত্যাকাণ্ড, এটা ধৰ্ষণ আৰু ডকাইতিৰ দৰে জঘন্য অপৰাধৰ ঘটনা ৷ জঘন্য কাণ্ডটো সংঘটিত হোৱাৰ পিছত 3 অভিযুক্ত আৰু 1 টা কিশোৰকে ধৰি চাৰিওজনে দিল্লী এৰি গুচি যায় ৷

ইয়াৰ পিছত 23.09.2015 তাৰিখে আলিগড়ত চাৰিও মিলিত হৈ ডকাইতি কৰি পোৱা ধন বিতৰণ কৰে ৷ তিনিজন অভিযুক্তৰ টি-চাৰ্ট, স্ক্ৰু-ড্ৰাইভাৰ, হত্যাকাণ্ড সংঘটিত কৰাৰ সময়ত ব্যৱহাৰ কৰা অস্ত্ৰত তেজৰ দাগৰ অৱস্থিতি প্ৰত্যক্ষ কৰা হৈছিল বুলি আদালতে জনায় ।

আদালতে কয় যে এই গোচৰত তিনি অভিযুক্ত শ্বাহিদ, ৰাফাত আলী আৰু আক্ৰামে ষড়যন্ত্ৰ কৰা বুলিও প্ৰমাণিত হৈছে । প্ৰকাশৰ বিবৃতি অনুসৰণ কৰি প্ৰভাৱিত হোৱা আদায়ৰ ৰূপত কল ৰেকৰ্ড আৰু সংলগ্ন প্ৰমাণে প্ৰমাণ কৰে যে অভিযুক্ত শ্বাহিদ, আক্ৰাম আৰু ৰাফাত আলী আৰু এজন জেচিএলৰ মাজত ষড়যন্ত্ৰ আছিল বুলি বিশ্বাস কৰাৰ যুক্তিসংগত ভিত্তি আছে ৷ ’’

আনকি আদালতত চলা বিচাৰ প্ৰক্ৰিয়াত যথেষ্ট পৰিকল্পনাৰ মাজেৰে জঘন্য ঘটনা সংঘটিত কৰা হৈছিল বুলি জনায় ৷

লগতে পঢ়ক: 4th meeting of INDIA bloc: বিৰোধী ঐক্যৰ পৰৱৰ্তী বৈঠক অনুষ্ঠিত হ’ব ভূপালত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.