দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু বিজেপি নেতা মনোজ তিৱাৰী কৰ'ণাত আক্ৰান্ত

author img

By

Published : Jan 4, 2022, 12:41 PM IST

COVID
দিল্লীৰ মুখ্যমন্ত্ৰী আক্ৰান্ত কৰ'ণাত ()

টুইটযোগ্য দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ (AAP) সভাপতি কেজৰিৱালে জনাইছে যে তেওঁৰ দেহত ক'ভিড-১৯ ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে (Arvind Kejriwal tests positive for COVID-19) । বিজেপি নেতা মনোজ তিৱাৰীও আক্ৰান্ত হৈছে কৰ'ণাত । দেশত ক'ভিড 19 ত আক্ৰান্তৰ সংখ্যা ৩,৪৮,০৮,৮৮৬ গৰাকীলৈ বৃদ্ধি হৈছে ।

নেশ্যনেল ডেস্ক, 4 জানুৱাৰী : দেশত অ'মিক্ৰণৰ সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । বিশেষকৈ মহাৰাষ্ট্ৰ, দিল্লী আদিত ব্যাপক সংক্ৰমিত হোৱা দেখা গৈছে ক'ভিডৰ এই নতুন প্ৰকাৰ । ইয়াৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আক্ৰান্ত হৈছে কৰ'ণাত (Arvind Kejriwal tests positive for COVID-19) । মঙলবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ (AAP) সভাপতি কেজৰিৱালে এই কথা টুইটযোগে অৱগত কৰে ।

  • I have tested positive for Covid. Mild symptoms. Have isolated myself at home. Those who came in touch wid me in last few days, kindly isolate urself and get urself tested

    — Arvind Kejriwal (@ArvindKejriwal) January 4, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

টুইটত উল্লেখ কৰা মতে, তেওঁৰ দেহত সাধাৰণ লক্ষণ আছিল আৰু বৰ্তমান তেওঁ হোম কোৱাৰেণ্টাইনত আছে । যোৱা কেইদিনত তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে কোৱাৰেণ্টাইনত থকাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইফালে সোমবাৰৰ দিনটোতে দিল্লীত ৪,০০০ হাজাৰ লোকৰ দেহত ক'ভিড 19 ৰ অৱস্থিতি ধৰা পৰিছে ।

কেজৰিৱালৰ উপৰিও দেশৰ আন এগৰাকী নেতা আক্ৰান্ত হৈছে কৰ'ণাত । জানিব পৰা মতে বিজেপিৰ নেতা মনোজ তিৱাৰীও আক্ৰান্ত হৈছে কৰ'ণাত (Manoj Tiwari tests positive for COVID-19)। তিৱাৰীয়ে জনোৱা মতে জ্বৰ আৰু চৰ্দিৰ লক্ষণে দেখা দিছিল তেওঁৰ দেহত । আনকি স্বাস্থ্যৰ অৱস্থা বেয়া হোৱাৰ বাবে তেওঁ উত্তৰাখণ্ড-ৰুদ্ৰপুৰৰ সভাত উপস্থিত থাকিব পৰা নাছিল বুলিও উল্লেখ কৰে নেতাগৰাকীয়ে ।

COVID
বিজেপি নেতা মনোজ তিৱাৰী আক্ৰান্ত কৰ'ণাত

আনহাতে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত ক'ভিড আক্ৰান্তৰ সংখ্যা ৩,৪৮,০৮,৮৮৬ গৰাকীলৈ বৃদ্ধি হৈছে । দেশত এতিয়ালৈ অ'মিক্ৰণৰ ১,৮৯২ টা ঘটনা পোহৰলৈ আহিছে । অ'মিক্ৰণত আক্ৰান্ত ৭৬৬ গৰাকী ইতিমধ্যে আৰোগ্য হৈ উঠিছে ।

মহাৰাষ্ট্ৰত সৰ্বাধিক ৫৬৮ টা অ'মিক্ৰণৰ ঘটনা পোহৰলৈ আহিছে । সমান্তৰালকৈ দিল্লীত ৩৮২ আৰু কেৰালাত ১৮৫ গৰাকী লোক ক'ভিডৰ নতুন প্ৰকাৰ অ'মিক্ৰণত আক্ৰান্ত হৈছে । স্বাস্থ্য মন্ত্ৰালয়ৰ মতে দেশত এতিয়াও ক'ভিডৰ ১,৭১,৮৩০ টা সক্ৰিয় ঘটনা আছে ।

সাপ্তাহিক আক্ৰান্তৰ হাৰ ২.০৫ শতাংশ আৰু দৈনিক আক্ৰান্তৰ হাৰ ৩.২৪ শতাংশ । যোৱা ২৪ ঘণ্টাত ১১,০০৭ গৰাকী লোক সুস্থ হৈ উঠিছে আৰু ইয়াৰ লগে লগে দেশত আৰোগ্যৰ সংখ্যা ৩,৪৩,০৬,৪১৪ লৈ বৃদ্ধি হৈছে । বৰ্তমান দেশত আৰোগ্যৰ হাৰ ৯৮.১৩ শতাংশ ।

লগতে পঢ়ক : PM Modi visit to Tripura today : নৰেন্দ্ৰ মোডীৰ ভ্ৰমণৰ পূৰ্বে ত্ৰিপুৰাত কটকটীয়া কৰা হৈছে নিৰাপত্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.