ETV Bharat / bharat

Dehradun Zoo: বন্যপ্ৰাণীক শীতৰ পৰা বচাবলৈ ডেৰাডুন চিৰিয়াখানাই কৰিছে বিশেষ ব্যৱস্থা

author img

By

Published : Jan 8, 2023, 8:01 PM IST

Dehradun Zoo
বন্যপ্ৰাণীক শীতৰ পৰা বচাবলৈ ডেৰাডুন চিৰিয়াখানাই কৰিছে বিশেষ ব্যৱস্থা

প্ৰচণ্ড শীতৰ কবলৰ পৰা বন্যপ্ৰাণীসমূহক পৰিত্ৰাণ দিবলৈ ডেৰাডুন চিৰিয়াখানা কৰ্তৃপক্ষই গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা ৷ চিৰিয়াখানাখনত উষ্ণতা বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা হৈছে হিটাৰ ৷ লগতে জীৱ-জন্তুসমূহৰ খাদ্যত ঘটোৱা হৈছে বিশেষ সাল-সলনি ৷

বন্যপ্ৰাণীক শীতৰ পৰা বচাবলৈ ডেৰাডুন চিৰিয়াখানাই কৰিছে বিশেষ ব্যৱস্থা

নেশ্যনেল ডেস্ক, 8 জানুৱাৰী: প্ৰচণ্ড শীতৰ কবলত পৰি ইতিমধ্যেই দেশত মৃত্যু মুখত পৰিছে বহুকেইগৰাকী লোক ৷ কেৱল মানুহেই নহয়, শীতৰ ফলত সমস্যাৰ সন্মুখীন হৈছে জীৱ-জন্তুসমূহো ৷ প্ৰচণ্ড শীতৰ পৰা জীৱ-জন্তুক পৰিত্ৰাণ দিবলৈ ডেৰাডুন চিৰিয়াখানাত কৰা হৈছে এক বিশেষ ব্যৱস্থা(Dehradun Zoo Winter Arrangements) ৷ যাৰ ফলত শীতৰ কবলৰ পৰা ৰক্ষা পৰিছে চিৰিয়াখানাখনৰ জীৱ-জন্তুসমূহ ৷

সম্প্ৰতি ডেৰাডুনৰ তাপমাত্ৰা 4 ডিগ্ৰীলৈ নিম্নগামী হৈছে(Dehradun Weather)৷ লগতে বতৰ বিজ্ঞান কেন্দ্ৰই তাপমাত্ৰা আৰু অধিক নিম্নগামী হোৱাৰ আশংকা প্ৰকাশ কৰিছে ৷ এনে সময়ত ডেৰাডুন চিৰিয়াখানাত(Dehradun Zoo) শীত নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা কৰা বিশেষ হিটাৰ ৷ গুহাসমূহত ব্যৱস্থা কৰা হৈছে কম্বলৰ ৷ আনহাতে, মাছৰ বাবে কৰা হৈছে ইলেক্ট্ৰিক ৰডৰ ব্যৱস্থা ৷ যিয়ে পানী গৰম কৰি ৰখাত সহায় কৰে ৷

চিৰিয়াখানাখনত কম্বল আৰু হিটাৰকে ধৰি আন আন পদ্ধতিৰ জৰিয়তে কেৱল বন্যপ্ৰাণী আৰু চৰাইবোৰক শীতৰ পৰা ৰক্ষা কৰাই নহয়, খাদ্যতো কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটোৱা হৈছে ৷ যাৰ ফলত জীৱ-জন্তুসমূহে প্ৰচণ্ড শীতৰ সৈতে যুঁজ দিবলৈ সক্ষম হৈছে ৷

জীৱ-জন্তুৰ লগতে চৰাই-চিৰিকটিক খাবলৈ দিয়া হৈছে আজোৱাইন তিওৱা পানী ৷ যি পানীয়ে দেহৰ উষ্ণতা বৃদ্ধি কৰে(Ajwain Water) ৷ লগতে খাবলৈ দিয়া হৈছে কণী আৰু গুড় ৷ ইয়াৰ উপৰিও, চিৰিয়াখানাৰ তাপমাত্ৰা জোখাৰ বাবে থাৰ্মোমিটাৰ স্থাপন কৰা হৈছে । লগতে, তাপমাত্ৰা নিশ্চিত কৰিবলৈ ইয়াক নিৰন্তৰ ভাৱে নিৰীক্ষণ কৰি থকা হৈছে যাতে বন্যপ্ৰাণী সমূহক এক নিৰ্দিষ্ট উষ্ণতাত ৰাখিব পৰা যায় ।

উল্লেখ্য যে, সাপকে ধৰি বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তুৱে শীতৰ পৰা পৰিত্ৰাণ পাবলৈ কম্বলৰ তলত আশ্ৰয় লৈছে ৷ যাৰ ফলত বহু জীৱ-জন্তু প্ৰত্যক্ষ কৰাৰ পৰা বঞ্চিত হ’ব লগা হৈছে পৰ্যটকসকল ৷ কিন্তু ইয়াৰ পিছতো চিৰিয়াখানখনলৈ সোত বৈছে পৰ্যটকৰ(Tourist in Dehradun Zoo) ৷

লগতে পঢ়ক: Man strangulates wife to death: শাৰীৰিক সম্পৰ্কৰ প্ৰতি অমান্তি; শিলেৰে থেতালি থেতালি পত্নীক হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.