ETV Bharat / bharat

Decoding Agnipath protests : কৃষি ব্যৱস্থাৰ হতাশা অগ্নিপথ আন্দোলনৰ অন্যতম কাৰণ

author img

By

Published : Jun 22, 2022, 7:33 PM IST

অগ্নিপথ আঁচনিকলৈ দেশৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে (Protest against Angeepath Scheme)। ইফালে কমেও ৭০ শতাংশ ভাৰতীয় সৈনিক কৃষি প্ৰধান অঞ্চল বিশেষকৈ গ্ৰামাঞ্চলৰ । 'অগ্নিপথ' আঁচনিক লৈ হোৱা ব্যাপক প্ৰতিবাদৰ কাৰণ কৃষি খণ্ডত প্ৰচলিত তীব্ৰ সংকটৰ প্ৰতিফলন । এই সমগ্ৰ বিষয় সামৰি সঞ্জীৱ কুমাৰ বৰুৱাৰ এক বিশেষ প্ৰতিবেদন ।

Decoding Agnipath protests
কৃষি ব্যৱস্থাৰ হতাশা অগ্নিপথ আন্দোলনৰ অন্যতম কাৰণ

নেশ্যনেল ডেস্ক, ২২ জুন : কোৱা হয় যে ভাৰতীয় সৈনিকসকল হৈছে পোছাক পৰিহিত এগৰাকী কৃষক । দেশৰ বহু ৰাজ্যৰ কৃষি প্ৰধান অঞ্চলৰ যুৱক-যুৱতীসকলে সমগ্ৰ বিষয়টোক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে হিংসাত্মক কাৰ্যকলাপত (Protest against Agneepath Scheme) লিপ্ত হোৱাটোৱে এই কথা প্ৰমাণ কৰে । ইতিমধ্যে কৃষকসকলৰ এক যৌথ সংগঠন সংযুক্ত কিষাণ মৰ্চাই অগ্নিপথ আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে দেশজুৰি অহা ২৪ জুনত বন্ধৰ আহ্বান জনাইছে (SKM Calls for a nationwide bandh on June 24)।

কৃষি আৰু খাদ্য নীতিৰ এগৰাকী আগশাৰীৰ বিশেষজ্ঞ দেৱেন্দৰ শৰ্মাই কয় যে সম্প্ৰতি হতাশাৰ সন্মুখীন হোৱা কৃষি কৰ্মৰ লগত জড়িত লোক আৰু চলি থকা প্ৰতিবাদৰ মাজত পোনপটীয়া সম্পৰ্ক আছে । ৰাজপথত প্ৰতিবাদকাৰীৰ ক্ষোভ লক্ষ্য কৰক । এইটোৱে গ্ৰামাঞ্চলৰ সমস্যাবোৰ প্ৰতিফলন কৰিব । শৰ্মাই লগতে কয় যে ২০১৬ চনৰ অৰ্থনৈতিক সমীক্ষা অনুসৰি, ভাৰতৰ ১৭ খন ৰাজ্যত এগৰাকী কৃষক পৰিয়ালৰ গড় উপাৰ্জন বছৰি মাত্ৰ ২০,০০০ টকা আছিল ।

সেয়া দেশৰ অন্য লোকৰ তুলনাত প্ৰায় আধা । যদি কৃষক এজনে মাহে ১,৭০০ টকাৰো কম উপাৰ্জন কৰে, তেন্তে তেওঁৰ বংশধৰসকলে কিয় খেতি কৰিব ? তেনেহ'লে তেওঁলোকে কি কৰিব বুলি আপুনি আশা কৰে ? নিশ্চিয়কৈ, যুৱকসকলে ইয়াতকৈ উন্নত পথ বাছি ল'ব ।

কৃষকসকলৰ গোটেই বছৰটোৰ এই সঠিক উপাৰ্জনৰ কথা আমি অস্বীকাৰ কৰি আহিছো । এইটোৱেই মুখ্য কাৰণ । যাৰ বাবে আমি ইচ্ছাকৃতভাৱে কৃষিখণ্ডক অৱহেলিত কৰি ৰাখিছো । এয়া এক ইচ্ছাকৃত কৌশল কিয়নো ভাৰতত অৰ্থনৈতিক সংস্কাৰ এনেদৰেই কাৰ্যকৰী হৈ আহিছে । আপুনি অৰ্থনৈতিকভাৱে সবল হ'বলৈ কৃষি ত্যাগ কৰিব লাগিব ।

ইফালে ১৪ জুনত ঘোষণা কৰা হৈছে অগ্নিপথ আঁচনি । এই আঁচনিৰ জৰিয়তে ১৭.৫ ৰ পৰা ২১ বছৰ বয়সৰ যুৱক-যুৱতীসকলক ৪ বছৰৰ বাবে (বয়সৰ উৰ্ধসীমা ২৩ বছৰলৈ এককালীন বৃদ্ধিৰ সৈতে) নিয়োগ কৰা হ'ব । কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পিছত, 'অগ্নিবীৰ'ৰ ২৫ শতাংশক যোগ্যতা, প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি আৰু ১৫ বছৰৰ বাবে পুনৰ নিযুক্তি দিয়া হ'ব । বাকী তিনি-চতুৰ্থাংশ বা ৭৫ শতাংশ লোকক 'সেৱা নিধি' নামৰ এক আকৰ্ষণীয় অৱসৰ পেকেজৰ দ্বাৰা পৰ্যাপ্ত ক্ষতিপূৰণ দিয়া হ'ব ।

'অগ্নিপথ'ৰ লক্ষ্য হৈছে ১৭.৫ ৰ পৰা ২১ বছৰ বয়সৰ যুৱক-যুৱতীসকলৰ সৰ্বোচ্চ ফিটনেছ আৰু গতিশীলতা ব্যৱহাৰ কৰা আৰু ভাৰতীয় সৈনিকজনৰ গড় বয়সৰ প্ৰ'ফাইল ৩২ ৰ পৰা ২৬ বছৰলৈ হ্ৰাস কৰা ।

মঙলবাৰে সামৰিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিব লেফটেনেণ্ট জেনেৰেল অনিল পুৰীয়ে 'অগ্নিপথ' আঁচনিক "সুৰক্ষা কেন্দ্ৰিক, যুৱ কেন্দ্ৰিক আৰু সৈনিক কেন্দ্ৰিক" বুলি অভিহিত কৰে । ১৯ জুনত আকৌ সামৰিক প্ৰতিষ্ঠানে "অতুলনীয় উপাদান" আৰু "প্ৰশিক্ষণ কেন্দ্ৰ"ৰ দৰে নিহিত স্বাৰ্থক দোষাৰোপ কৰিছিল আৰু ভাৰতীয় কৃষি খণ্ডৰ তীব্ৰ দুৰ্দশাৰ সৈতে সম্পৰ্কটোৰ কথা কৈছে ।

ইফালে প্ৰতিবাদবোৰ গ্ৰামাঞ্চলত বেছিকৈ দেখা গৈছে (Protests against Agneepath high in rural areas)। আনহাতে প্ৰতিবাদবোৰ মুখ্যতঃ মফচিল চহৰ আৰু বিহাৰ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, ওড়িশা, তেলেংগানা, মধ্য প্ৰদেশ, পশ্চিম বংগ, অন্ধ্ৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আদিৰ বিশাল গ্ৰাম্য অঞ্চলৰ পৰা আৰম্ভ হৈছে য'ত কৃষি খণ্ড অতি সংকটত আছে । প্ৰতিবাদে আনকি ভয়ংকৰ ৰূপ লৈছে । অগ্নিসংযোগ, লণ্ড ভণ্ড কৰা, চৰকাৰী সম্পত্তি ধ্বংস কৰা জনজীৱন একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে ।

দিল্লী বিশ্ববিদ্যালয়ৰ এগৰাকী ইতিহাসৰ অধ্যাপক কুমাৰ সঞ্জয় সিঙে কয় যে এই প্ৰতিবাদ কৃষি সংকটৰ এক স্পষ্ট ঘটনা । কিয়নো লাভজনক চাকৰিৰ সুযোগৰ সন্ধানত বেছি সংখ্যক লোক আছে ।প্ৰতিবাদৰ মূল স্থানসমূহ হৈছে বৃহৎ সংখ্যক জনসংখ্যাৰ কৃষি প্ৰধান এলেকা । এই অঞ্চলবোৰত সামৰিক কেৰিয়াৰে আংশিকভাৱে সন্মানৰ দিশটোৰ লগতে অৰ্থনৈতিক লাভালাভৰ বাবে নিযুক্তিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে ।

সিঙে লগতে কয় যে যদিও কৃষিৰ মূল্য সৈতে ঔদ্যোগিক মূল্যৰ কোনো তাল মিলাই নাই, কৃষিক্ষেত্ৰত উৎপাদন ব্যয়ো বৃদ্ধি পাইছে কাৰণ 'সেউজ বিপ্লৱ'ৰ ভিত্তিত সাৰ, কীটনাশক আৰু উচ্চ উৎপাদনশীল বিভিন্ন বীজৰ দৰে বস্তুৰ ওপৰত বৰ্ধিত ইনপুট ব্যয় ।

৭৭ তম পৰ্যায়ৰ জৰীপৰ পিছত ২০২১ চনৰ ছেপ্টেম্বৰত মুকলি কৰা ৰাষ্ট্ৰীয় পৰিসাংখ্যিক কাৰ্যালয়ৰ (NSO) ফলাফল অনুসৰি, দেশৰ এটা কৃষক পৰিয়ালৰ জনমূৰি মাহিলী উপাৰ্জন হৈছে ১০,২১৮ টকা । বিহাৰত এগৰাকী কৃষকৰ গড় মাহিলী উপাৰ্জন প্ৰতি মাহে সৰ্বনিম্ন আছিল ৩,৫৫৮ টকা । আনহাতে পশ্চিম বংগত ৩,৯৮০ টকা, উত্তৰাখণ্ডত ৪,৭০১ টকা, ঝাৰখণ্ডত ৪,৭২১ টকা, উত্তৰ প্ৰদেশত ৪,৯২৩ টকা আৰু ওড়িশাত ৪,৯৭৬ টকা । আনহাতে, হাৰিয়ানাত কৃষকৰ মাহিলী গড় উপাৰ্জন সৰ্বাধিক ১৪,৪৩৪ টকা আছিল । জৰীপটোত এইটোও দেখা গৈছে যে ৫০ শতাংশৰো অধিক কৃষক পৰিয়ালে ঋণ লৈছিল আৰু প্ৰতিটো কৃষকৰ পৰিয়ালত বকেয়া ঋণৰ গড় পৰিমাণ আছিল ৭৪,১২১ টকা ।

২০১১-১২ বৰ্ষৰ এক ব্যৱহাৰ ব্যয় জৰীপত, ৰাষ্ট্ৰীয় পৰিসাংখ্যিক কাৰ্যালয়ৰ তথ্যই প্ৰকাশ কৰিছে যে গ্ৰাম্য অঞ্চলৰ ২০ শতাংশৰো অধিক কৃষক পৰিয়ালে দৰিদ্ৰ ৰেখাতকৈ কম উপাৰ্জন কৰে । দৰিদ্ৰ ৰেখাৰ তলত উপাৰ্জন থকা আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যবোৰৰ ভিতৰত আছে ঝাৰখণ্ড (৪৫ শতাংশ), ওড়িশা (৩২ শতাংশ), বিহাৰ (২৮ শতাংশ), মধ্য প্ৰদেশ (২৭ শতাংশ) আৰু উত্তৰ প্ৰদেশ (২৩ শতাংশ)। আমোদজনকভাৱে এইবোৰ ৰাজ্যত 'অগ্নিপথ' আঁচনিৰ বিৰুদ্ধে আটাইতকৈ বেছি প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে । এইবোৰ ৰাজ্য ভূমি ধাৰণৰ বিভাজনে কৃষি সম্প্ৰদায়ক আটাইতকৈ বেছি ক্ষতি কৰিছে ।

সেইকাৰণেই পাঞ্জাৱ আৰু হাৰিয়ানা এনেকুৱা দুখন ৰাজ্য য'ৰ পৰা সৰ্বাধিক সংখ্যক নিযুক্তি সামৰিক বাহিনীলৈ যোৱাৰ পাছতো তাত মৌন প্ৰতিবাদ হোৱাহে দেখা গৈছে । ইয়াৰ উপৰিও, "চকাবন্ধ" বা অধিক বিভাজন প্ৰতিহত কৰিবলৈ ভূমি একত্ৰিত কৰা প্ৰক্ৰিয়াটো পাঞ্জাৱ আৰু হাৰিয়ানাত যথেষ্ট কাৰ্যকৰী হৈছে । আনহাতে পূৱ উত্তৰ প্ৰদেশ আৰু বিহাৰ খেতিপথাৰৰ বৃহৎ ভূমি বিভাজনৰ বিপৰীতে 'অগ্নিপথ' বিৰোধী প্ৰতিবাদৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।

যদিও হাৰিয়ানাত কৃষকৰ জনসংখ্যাৰ ৪ শতাংশ দৰিদ্ৰ সীমা ৰেখাৰ তলত আছিল, পাঞ্জাৱৰ ক্ষেত্ৰত, ই মাত্ৰ ০.৫ শতাংশ আছিল । ইয়াৰ উপৰিও এইটো সত্য যে সামৰিক বাহিনীত যোগদান কৰাটো এতিয়া পাঞ্জাৱৰ যুৱকসকলৰ বাবে মুখ্য আকৰ্ষণ নহয় । কিয়নো তেওঁলোক এতিয়া কানাডা বা অষ্ট্ৰেলিয়ালৈ প্ৰব্ৰজন কৰাৰ প্ৰতি বেছি আগ্ৰহী ।

২০১৮ৰ পৰা ২০২০ বৰ্ষলৈ তিনিটা বছৰত, শীৰ্ষ ৬ খন ৰাজ্য য'ৰ পৰা তিনিটা সেৱাৰ সাধাৰণ পদবীত নিযুক্তি লাভ কৰিছে । সেইসমূহ হৈছে উত্তৰ প্ৰদেশ (৩২,৯০১), হাৰিয়ানা (১৮,৪৫৭), পাঞ্জাৱ (১৮,২৬৪), মহাৰাষ্ট্ৰ (১৪,১৮০) আৰু বিহাৰ (১২,৪৫৯) ।

(সঞ্জীব কুমাৰ বৰুৱা)

লগতে পঢ়ক :অগ্নিপথ আঁচনিকলৈ যুৱসমাজ শংকিত হোৱাৰ প্ৰয়োজন নাই : কেন্দ্ৰীয় মন্ত্ৰী ভি মুৰলীধৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.