ETV Bharat / bharat

Giridih bus accident : গিৰিডিহৰ বাছ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি

author img

By

Published : Aug 6, 2023, 8:31 AM IST

গিৰিডিহত সংঘটিত হোৱা বাছ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি । ইতিমধ্যে সম্পূৰ্ণ হৈছে উদ্ধাৰ অভিযান ৷ শনিবাৰে মাজ নিশা চিকিৎসালয়ত উপস্থিত হৈ মন্ত্ৰী বেবী দেৱীয়ে আহতসকলক সাক্ষাৎ কৰি পৰিস্থিতিৰ বুজ লয় ৷

Giridih bus accident
গিৰিডিহৰ বাছ দুৰ্ঘটনা

গিৰিডিহৰ বাছ দুৰ্ঘটনা

নেশ্যনেল ডেস্ক, 6 আগষ্ট : শনিবাৰে ঝাৰখণ্ডত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা ৷ শনিবাৰে সন্ধিয়াৰ ভাগত ঝাৰখণ্ডৰ গিৰিডিহৰ বাৰাকিৰ নদীত বাগৰি পৰি যায় এখন যাত্ৰীভৰ্তি বাছ ৷ জানিব পৰা মতে, ৰাঁচীৰ পৰা গিৰিডিহলৈ গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় বাছখন ৷ প্ৰায় 30 জন যাত্ৰী থকা বাছখন নৈত পৰি যোৱাত অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ প্ৰায় তিনি ঘন্টা ধৰি অবিৰতভাৱে অব্যাহত থাকে উদ্ধাৰ অভিযান ৷

নিশাই আহতসকলক অঞ্চলটোৰ বিভিন্ন হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ অতি পৰিতাপৰ বিষয় যে, এই দুৰ্ঘটনাত নিহত হয় চাৰিজন লোক ৷ নিশাই নিহত চাৰিওজন লোকৰে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় ৷ অৱশ্যে বাতৰি যুগুত কৰা পৰ্যন্ত নিহত তিনিগৰাকীৰহে পৰিচয় জানিব পৰা হৈছে ৷ সেই কেইগৰাকী হৈছে আত্মা কৰ্মী বক্ষিডীহৰ বাসিন্দা সন্তোষ আগৰৱাল, সংবেদক ধৰিয়াডীহৰ বাসিন্দা মাণিক চান্দ গুপ্তা আৰু বাছখনৰ চালক ধনিয়া ।

এই দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাচতে ঝাৰখণ্ড চৰকাৰৰ মন্ত্ৰী বেবী দেৱীয়ে মাজনিশা উপস্থিত হয় চিকিৎসালয়ত । সদৰ চিকিৎসালয়ত আহতসকলক সাক্ষাৎ কৰি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয় ৷ সাংবাদিক সৈতে হোৱা বাৰ্তালাপত মৃতকৰ আত্মীয়ক ক্ষতিপূৰণ দিয়া হ’ব বুলিও তেওঁ মন্তব্য কৰে ।

ঘটনাস্থলীতে গোটেই নিশা থাকিল DC, SP আৰু বিধায়ক :

এই ঘটনাৰ পিচতে বিধায়ক সুদীব্য কুমাৰ, উপায়ুক্ত নমন প্ৰিয়শ লাকড়া আৰু আৰক্ষী অধীক্ষক দীপক শৰ্মায়ো উদ্ধাৰ অভিযানত নামি পৰে ৷ আনকি নিশা উদ্ধাৰ অভিযান সম্পূৰ্ণ হোৱাৰ পাচত হাস্পতাললৈ পঠিওৱা পাচতো উক্ত স্থানতে বহু পৰলৈকে থাকে DC গৰাকী ৷ আনহাতে, বিধায়কগৰাকীয়েও প্ৰতিমূহুৰ্ততে আহতসকলৰ স্বাস্থ্যৰ পৰিস্থিতি বুজ লৈ থাকে ৷

চালকৰ সন্ধান :

এই ঘটনাৰ পিচত চালকজনৰ বিষয়ে একো জানিব পৰা হোৱা নাই । চালকজনৰ সন্ধানত নিয়োজিত হৈ পৰিছে প্ৰশাসন । বাছখন কোনো পুৰণি চালক নে আন কোনো চালকেহে চলাইছিল, সেই সম্পৰ্কে জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক : Bus falls into river: ঝাৰখণ্ডৰ বাৰাকিৰ নদীত পৰিল যাত্ৰীভৰ্তি বাছ; বহু লোকৰ মৃত্যু হোৱাৰ আশংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.