ETV Bharat / bharat

Daily Horoscope For 6th March: আপোনাৰ দিনটোৰ ৰাশিফল

author img

By

Published : Mar 6, 2023, 5:01 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

DAILY HOROSCOPE FOR 6TH MARCH 2023
দিনটোৰ ৰাশিফল

মেষৰাশি: নিজৰ আক্ৰমণমূলক আচৰণ ত্যাগ কৰক ৷ আজি আপুনি মানসিক আৰু শাৰিৰিকভাবে দুৰ্বল অনুভব কৰিব ৷ আপুনি কৰা কষ্টৰ ফল লাভত ৰূপান্তৰ হ’ব ৷ সন্তানৰ বাবে চিন্তাত থাকিব ৷ কৰ্মই আপোনাক দিনটো আগুৰি ৰাখিব ফলত আপুনি পৰিয়ালক সময় দিয়াত ব্যৰ্থ হ’ব ৷ মনলৈ বিপৰিত চিন্তা আহিবলৈ নিদিব ৷ পেটৰ বিষত ভুগিব পাৰে ৷ যদি পাৰে ভ্ৰমণ বাতিল কৰক ৷ চৰকাৰী কাম সম্পূৰ্ণ কৰত সফল হ’ব ৷

বৃষৰাশি: আপোনাৰ আজি নিজৰ ওপৰত বিশ্বাস বাঢ়িব আৰু লক্ষ্য স্থিৰ হ’ব ৷ যি আপোনাক উচিত ফল প্ৰদান কৰিব ৷ পিতৃ মাতৃৰ পৰা ভাল খবৰ পাব ৷ ছাত্ৰ-ছাত্ৰীসকলে তেওলোকৰ পঢ়াত মন দিব ৷ চৰকাৰী কামত সফল হ’ব ৷ সন্তানৰ লগত খৰচ বাঢ়িলেও আপোনাৰ আয় বৃদ্ধি হ’ব ৷ কলা আৰু খেলৰ ক্ষেত্ৰত সফলতা দেখুৱাব পাৰিব ৷

মিথুনৰাশি: নতুন কাম হাতত লোৱাৰ উচিত সময় ৷ চৰকাৰৰ পৰা পাবলগীয়া খিনি পাব ৷ কৰ্মক্ষেত্ৰত আপোনাৰ বচৰ পৰা ভাল প্ৰতিক্ৰিয়া পাব ৷ আজি এটা সৰু ভ্ৰমণত যাব পাৰে ৷ আপোনাৰ প্ৰতিবেশি আৰু প্ৰিয়জনৰ লগত অলপ তৰ্কা তৰ্কি হ’ব পাৰে ৷ আপোনাৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া সলনি হ’ব ৷ আপোনাৰ প্ৰতিদন্দিসকল পৰাজিত হ’ব আৰু আপুনি বিচৰা ধৰণে আপোনাৰ উপাৰ্জন বৃদ্ধি হ’ব ৷ দিনটো ভালৰ পৰা আৰু অধিক ভালৰ দিশে গতি কৰিব ৷

কৰ্কটৰাশি: বিপৰীত চিন্তাধাৰা পৰিত্যাগ কৰক ৷ আপুনি শাৰীৰিক আৰু মানসিক ভাবে দুৰ্বল অনুভব কৰিব ৷ আপুনি কোনো বিষয়তে আজি সন্তুষ্টি লাভ নকৰে ৷ চকুৰ পৰা দিগদাৰ পাব ৷ ঘৰুৱা পৰিৱেশৰ বাবে দিনটো বেয়া হৈ থাকিব ৷ পৰিয়ালৰ সদস্যৰ লগত তৰ্কৰ পৰা আতৰত থাকক অন্যথা আপোনাক তেওঁলোকে ভুল বুজিব পাৰে ৷ অতি মাত্ৰা কষ্ট কৰিলেও ছাত্ৰ-ছাত্ৰীসকলে উপযুক্ত ফল লাভ নকৰে ৷ বে আইনি কামৰ পৰা দূৰত থাকক ৷ খৰচ যিমান পাৰি সিমান কমাবলৈ চেষ্টা কৰক ৷

সিংহৰাশি: আজি আপুনি সম্পূৰ্ণ বিশ্বাসেৰে উজ্বলি উঠিব ৷ আপুনি কাম হাতত লোৱাৰ আৰু কাম এৰাৰ ক্ষেত্ৰত অতি ক্ষিপ্ৰতাৰে আচনি হাতত লব পাৰিব ৷ আপোনাৰ অগ্ৰজসকলে আপোনাৰ বাবে লাভজনক হ’ব ৷ সামাজিক ক্ষেত্ৰত নাম আৰু সন্মান বুটলিবলৈ সক্ষম হ’ব ৷ কথা কওঁতে সাবধান হওক ৷ খং ত্যাগ কৰক ৷ শৰীৰৰ যত্ন লওক ৷

কন্যাৰাশি: আত্মমৰ্যদা হানি হ’ব পাৰে , সাবধানে থাকক ৷ আপুনি শাৰীৰিক আৰু মানসিকভাবে দুৰ্বল অনুভব কৰিব ৷ আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত নিতিগত পাৰ্থক্যই গা কৰিব পাৰে ৷ যি আপোনাক চিন্তাত পেলাব ৷ খং আৰু আক্ৰমনাত্মক আচৰণে আপোনাৰ দিন বেয়া কৰি তুলিব ৷ ধৰ্মীয় কামত খৰচ কৰিব লগিয়া হ’ব ৷ শৰীৰৰ যত্ন লওক, দুৰ্ঘটনাৰ যোগ আছে ৷ যিমান পাৰি সিমান অযুক্তিসংগত তৰ্ক বিতৰ্কৰ পৰা আতৰি থাকক ৷

তুলাৰাশি: গণেশৰ কৃপাত আজি আপুনাৰ শুভ দিন ৷ কেইবাটাও দিশত লাভে আপুনাক আনন্দিত কৰিব ৷ আমদানী বাঢ়িব ৷ বন্ধুৰ সহায়ত আমদানী বঢ়াব পাৰিব আৰু তেওঁক টকা দি সহায় কৰিব পাৰিব ৷ ভ্ৰমণৰ যোগ আছে ৷ মহিলা বন্ধুৰ লগ আনন্দ দায়ক হ’ব ৷ বিবাহপ্ৰাৰ্থী সকলে মনে বিচৰা সংগী লাভ কৰিব ৷ খাদ্যভাস সলনি কৰক ৷

বৃশ্চিকৰাশি: আজিৰ দিনটো লাভজনক ৷ আপোনাৰ কৰ্মক্ষেত্ৰৰ পৰিৱেশ আপোনাৰ অনুকুল হ’ব ৷ আপোনাৰ বচ আপোনাৰ কামত সুখী হ’ব ৷ আজি আপোনাৰ কাম সহজে শেষ কৰিব পাৰিব ৷ পদোন্নতিৰ যোগ আছে ৷ পাৰিবাৰিক জীৱন সুখেৰে ভৰি পৰিব ৷ ব্যবসায়িক ভ্ৰমণত যাব পাৰে ৷ সন্তানৰ উন্নতিয়ে আপোনাক আনন্দ দিব ৷

ধনুৰাশি: আজি আপুনি সম্পূৰ্ণ সুস্থ অনুভব নকৰে ৷ শাৰীৰিক অসুস্থতা আৰু এলাহ ভাবে খুপনি পুতিব ৷ উদ্দিগ্নতা আৰু মানসিক অশান্তি গা কৰি উঠিব ৷ কামৰ পৰিকল্পনা কৰোতে কিছু সাবধান হওক , এই বিষয়ত আপুনি আৰু আপোনাৰ বচৰ মাজত মত বিৰূধ হ’ব পাৰে ৷ যিমান পাৰি আপোনাৰ সহকৰ্মীসকলৰ লগত আৰু আপোনাৰ সমকক্ষসকলৰ লগত তৰ্কৰ পৰা আতৰি থাকক ৷

মকৰৰাশি: হঠাৎ শৰীৰত অসুস্থতা অনুভব কৰিব আৰু তাৰ বাবে খৰচো বাঢ়িব ৷ সামাজিক আৰু দৈন্দদিন কামবোৰ সময় মতে হৈ থাকিব ৷ খোৱা বোৱাত চকু ৰাখক ৷ আক্ৰমনাত্মক নহ’ব ৷ 0বিপৰিত চিন্তা বাদ দিয়ক ৷ কৰ্মক্ষেত্ৰৰ পৰিৱেশ সুন্দৰ হ’ব ৷ আপুনি আৰু আপোনাৰ ব্যবসায়ৰ ভাগিদাৰৰ মাজত সহযোগিতাৰ অভাব হ’ব ৷ চৰকাৰী কাৰ্যালয়ৰ কাম-কাজবোৰ ভালদৰে কৰিব পাৰিব ৷

কুম্ভৰাশি: আপোনাৰ কামবোৰ সতৰ্কতা আৰু লক্ষ্য স্থিৰকে কৰি যাব ৷ ভ্ৰমণত যাব পাৰে ৷ সুন্দৰ সাজ পৰিধান কৰি খোৱা জেগালৈ যাব পাৰে ৷ আপোনাৰ ব্যবসায়িক ভাগিদাৰে আপোনাৰ বাবে লাভ আনিব ৷ নতুন বাহন ক্ৰয়ৰ যোগ ৷

মীনৰাশি: আজি আপোনাৰ বাবে এটা লাভজনক দিন ৷ আপোনাৰ আত্মবিশ্বাস আৰু লক্ষ্যই পূৰ্ণতা প্ৰাপ্তি কৰিব ৷ শৰীৰৰ পৰা কোনো অসুবিধা নাপায় ৷ ঘৰৰ পৰিৱেশ সুন্দৰ হ’ব ৷ আপোনাৰ প্ৰতিযোগি সকলৰ পৰাজয় হ’ব ৷ খঙাল হৈ নপৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.