ETV Bharat / bharat

ঘূৰ্ণীবতাহ মিচাউঙৰ কৱলত তামিলনাডু-অন্ধ্ৰপ্ৰদেশ, কেন্দ্ৰীয় চৰকাৰৰ সাহায্য পুঁজি মুকলি

author img

By ANI

Published : Dec 7, 2023, 3:36 PM IST

অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুত ঘূৰ্ণীবতাহ মিচাউঙৰ প্ৰভাৱ পৰিছে । হাজাৰ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে । কেন্দ্ৰীয় চৰকাৰে অন্ধ্ৰপ্ৰদেশলৈ ৪৯৩.৬০ কোটি টকা আৰু তামিলনাডুলৈ ৪৫০ কোটি টকাৰ ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজিৰ দ্বিতীয় কিস্তিৰ অংশ মুকলি কৰিছে ।

Cyclone Michaung
ঘূৰ্ণীবতাহ মিচাউঙৰ কৱলত তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশ

নেশ্যনেল ডেস্ক,৭ ডিচেম্বৰ : ঘূৰ্ণীবতাহ মিচাউঙে অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুত সন্ত্ৰাস চলাইছে । ধাৰাসাৰ বৰষুণ, ধুমুহাৰ কৱলত পৰিছে দুয়োখন ৰাজ্যৰ ভিন্ন অঞ্চল । ইফালে চেন্নাই চহৰকে ধৰি দুয়োখন ৰাজ্যৰে বহু অঞ্চলত বান পৰিস্থিতি ভয়াৱহ হৈ পৰিছে । এনে পৰিস্থিতিত বহু লোক ক্ষতিগ্ৰস্ত হৈছে । বানত যান-বাহন উটি যোৱাৰ দৃশ্যবোৰে সকলোকে শংকিত কৰি তুলিছে ।

এনে পৰিস্থিতিৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা । কেন্দ্ৰীয় চৰকাৰে অন্ধ্ৰপ্ৰদেশলৈ ৪৯৩.৬০ কোটি টকা আৰু তামিলনাডুলৈ ৪৫০ কোটি টকাৰ ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজিৰ দ্বিতীয় কিস্তিৰ অংশ আগতীয়াকৈ মুকলি কৰিছে । কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে এক্সৰ এটা পোষ্টত এই কথা প্ৰকাশ কৰে । তেওঁ পোষ্টটোত লিখিছে যে ঘূৰ্ণীবতাহ মিচাউঙে তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশক প্ৰভাৱিত কৰিছে । দুয়োখন ৰাজ্যৰে ক্ষতিৰ পৰিমাণ ভিন্ন যদিও এই ৰাজ্য কেইখনৰ বহু অঞ্চল প্লাবিত হৈছে । ফলস্বৰূপে বহু কৃষি ভূমি ক্ষতিগ্ৰস্ত হৈছে ।

ঘূৰ্ণীবতাহৰ ফলত প্ৰয়োজনীয় সাহায্য ব্যৱস্থাপনাত ৰাজ্য চৰকাৰসমূহক সহায় কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৃহ মন্ত্ৰালয়ক এছডিআৰএফৰ ৪৯৩.৬০ টকাৰ দ্বিতীয় কিস্তিৰ কেন্দ্ৰীয় অংশ অন্ধ্ৰ প্ৰদেশলৈ আৰু ৪৫০ কোটি টকা তামিলনাডুলৈ আগতীয়াকৈ মুকলি কৰিবলৈ নিৰ্দেশ দিছে । অমিত শ্বাহে লগতে কয় যে কেন্দ্ৰই ইতিমধ্যে একে পৰিমাণৰ প্ৰথম কিস্তি দুয়োখন ৰাজ্যলৈ মুকলি কৰিছে ।

এই গুৰুত্বপূৰ্ণ সময়ত ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে কেন্দ্ৰ চৰকাৰ আছে আৰু চৰকাৰে অতি সোনকালে পৰিস্থিতি স্বাভাৱিক হোৱাটো নিশ্চিত কৰিব বুলিও অমিত শ্বাহে উল্লেখ কৰিছে ।

উল্লেখ্য যে ঘূৰ্ণীবতাহ মিচাউঙে মঙলবাৰে আবেলি বাপটলাৰ সমীপৰ অন্ধ্ৰপ্ৰদেশ উপকূলত খুন্দা মাৰে । ফলত অঞ্চলটোত ধাৰাসাৰ বৰষুণ হয় । ইফালে সেই সময়ত বতাহৰ গতি বেগ প্ৰতি ঘণ্টাত ১০০ কিলোমিটাৰ আছিল । দুই কোটিৰো অধিক লোক প্ৰভাৱিত হোৱা বুলি জানিব পৰা গৈছে । এনে পৰিস্থিতিত দুয়োখন ৰাজ্যতে ১০ ৰো অধিক লোকৰ মৃত্যু হৈছে ।

অন্ধ্ৰপ্ৰদেশত ঘূৰ্ণীবতাহে হাজাৰ হাজাৰ বিঘা কৃষি ভূমিৰ শস্য নষ্ট কৰিছে । প্ৰায় ১০,০০০ লোকে শিবিৰ বা সুৰক্ষিত স্থানত আশ্ৰয় ল'বলগীয়া হৈছে । নেৰানেপেৰা বৰষুণৰ ফলত তামিলনাডুৰ ৰাজধানী চেন্নাই বানত বুৰ গৈছে । সেনাৰ হেলিকপ্টাৰেৰে প্ৰভাৱিত অঞ্চলসমূহলৈ খাদ্য সামগ্ৰী যোগান ধৰা হৈছে ।

লগতে পঢ়ক :ঘূৰ্ণীবতাহ মিচাউঙত বিধ্বস্ত চেন্নাই, প্ৰভাৱিত অঞ্চল পৰিদৰ্শন প্ৰতিৰক্ষা মন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.