ETV Bharat / bharat

ঘূৰ্ণীবতাহ মিচাউঙত বিধ্বস্ত চেন্নাই, প্ৰভাৱিত অঞ্চল পৰিদৰ্শন প্ৰতিৰক্ষা মন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 1:31 PM IST

ঘূৰ্ণীবতাহ মিচাউঙৰ ফলত তামিলনাডুত ধাৰাসাৰ বৰষুণ । ভয়ংকৰ বানৰ কৱলত পৰিছে চেন্নাই । ৰাজনাথ সিঙে ৰাজ্যখনৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰিব । উদ্ধাৰ অভিযানত সহযোগ কৰিছে তামিল অভিনেতা থালাপতি বিজয়ৰ সংগঠন ।

Michaung effects in Tamil Nadu
ঘূৰ্ণীবতাহ মিচাউঙত বিধ্বস্ত চেন্নাই

নেশ্যনেল ডেস্ক,৭ ডিচেম্বৰ : বিগত ৩ দিন ধৰি তামিলনাডুত ঘূৰ্ণীবতাহ মিচাউঙৰ প্ৰভাৱ অব্যাহত আছে । চেন্নাইৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে পৰিস্থিতি ভয়ংকৰ হৈ পৰিছে । অঞ্চলবোৰত বান পৰিস্থিতিও উদ্বেগজনক হৈ পৰিছে । ইয়াৰ মাজতে চেন্নাইৰ পল্লীকৰণাই, ভেলাচেৰী, পশ্চিম তাম্বাৰাম, ৰাজনকুপ্পাম আৰু কিছুমান ঠাইত উদ্ধাৰ অভিযান অব্যাহত আছে । বহু লোকে নিজৰ ঘৰৰ ওপৰৰ মহলাত আৰু একাংশ চৰকাৰৰ অস্থায়ী শিবিৰত আশ্ৰয় লৈছে । একে সময়তে বহু স্বেচ্ছাসেৱক উদ্ধাৰ অভিযানত ব্যস্ত হৈ পৰিছে । মুখ্যমন্ত্ৰী এম.কে. ষ্টেলিনে জিচিচিকে ধৰি সকলো কৰ্মচাৰীকে বানপীড়িত অঞ্চলবোৰত উদ্ধাৰ অভিযান ক্ষিপ্ৰতৰ কৰাৰ নিৰ্দেশ দিছে ।

ইয়াৰ মাজতে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৃহস্পতিবাৰে তামিলনাডু ভ্ৰমণ কৰিব । ঘূৰ্ণীবতাহ মিচাউঙৰ পাছত ৰাজ্যখনৰ বান পৰিস্থিতি ব্যক্তিগতভাৱে মূল্যায়ন কৰিবলৈও তেওঁ সাজু হৈছে । কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে সিঙে বানপীড়িত অঞ্চলসমূহৰ আকাশমাৰ্গেৰে পৰিদৰ্শন কৰিব । তেওঁ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব বুলিও জানিব পৰা গৈছে ।

বিশিষ্ট তামিল অভিনেতা থালাপতি বিজয়ে তেওঁৰ সংগঠন বিজয় মাক্কাল ইয়াকমৰ সদস্যসকলক চৰকাৰক সহযোগ কৰি জনসাধাৰণৰ উদ্ধাৰ আৰু সাহায্য অভিযানত যোগদান কৰিবলৈ আহ্বান জনাইছে ।

খবৰ অনুসৰি হাজাৰ হাজাৰ লোকে বিশুদ্ধ খোৱাপানী, আহাৰ আৰু পৰ্যাপ্ত মৌলিক সুবিধাৰ পৰা বঞ্চিত হৈছে । বানপীড়িত একাংশ লোকে তেওঁলোকক সহায়ৰ বাবে চৰকাৰ তথা প্ৰশাসনক প্ৰাৰ্থনা জনাইছে ।

ইফালে চেন্নাইকে ধৰি তামিলনাডুৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো ৰে'লৰ সময়সূচী বাতিল কৰা হৈছে । দক্ষিণ ৰে'লৱেই বৃহস্পতিবাৰে প্ৰায় ১৫ খন ৰে'লৰ যাত্ৰা বাতিল কৰিছে । ড০ এমজিআৰ চেণ্ট্ৰেল - শ্ৰী মাতা বৈষ্ণো দেৱী আন্দামান এক্সপ্ৰেছ আৰু ড০ এমজিআৰ চেণ্ট্ৰেল বিজয়ৱাড়া বন্দে ভাৰত এক্সপ্ৰেছ বাতিল কৰা হৈছে । একেদৰে ড০ এমজিআৰ চেণ্ট্ৰেল মহীশূৰ বন্দে ভাৰত এক্সপ্ৰেছ, ড০ এমজিআৰ চেণ্ট্ৰেল মহীশূৰ শতাব্দী এক্সপ্ৰেছ, ড০ এমজিআৰ চেণ্ট্ৰেল কোয়েম্বাটুৰ কোভাই এক্সপ্ৰেছ আৰু ড০ এমজিআৰ চেণ্ট্ৰেল - কেএছআৰ বেংগালুৰু বৃন্দাবন এক্সপ্ৰেছ বাতিল কৰা হৈছে ।

লগতে পঢ়ক :দাক্ষিণাত্যৰ উপকূলত মিচাউঙৰ ভয়ংকৰ প্ৰভাৱ, ২৯৭ মিমি পৰ্যন্ত বৃষ্টিপাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.