ETV Bharat / bharat

Cyclone Biparjoy : প্ৰকোপ কমিছে ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ !

author img

By

Published : Jun 17, 2023, 10:04 AM IST

গুজৰাট আৰু কচ্ছৰ উপকূলত ধ্বংসলীলা চলোৱা ঘূৰ্ণীবতাহ বিপৰ্যয় দুৰ্বল হৈ পৰিছে । ঘূৰ্ণীবতাহ গতিও হ্ৰাস হৈছে । আগন্তুক দুদিন গুজৰাট আৰু ৰাজস্থানত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

Cyclone Biparjoy
প্ৰকোপ কমিছে ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ

নেশ্যনেল ডেস্ক, ১৭ জুন : ধ্বংসলীলা চলোৱা ঘূৰ্ণীবতাহ বিপৰ্যয় এতিয়া কিছু দুৰ্বল হৈছে । গুজৰাটৰ উপকূলীয় অঞ্চলত খুন্দা মৰাৰ পাছতে ঘূৰ্ণীবতাহৰ গতি হ্ৰাস হৈছে । বতৰ বিজ্ঞান বিভাগৰ মতে, ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ প্ৰকোপ বহু গুণে হ্ৰাস হৈছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শনিবাৰে পুৱতি নিশা এই তথ্য প্ৰকাশ কৰিছে । বতৰ বিজ্ঞান বিভাগৰ মতে, শুকুৰবাৰে নিশা ১১:৩০ বজাত দক্ষিণ-পূব পাকিস্তানত ঘূৰ্ণীবতাহ অতি দুৰ্বল হৈ পৰিছে ।

বতৰ বিজ্ঞান বিভাগৰ মতে ঘূৰ্ণীবতাহ বিপৰ্যয় অহা ১২ ঘণ্টাত অধিক দুৰ্বল হোৱাৰ সম্ভাৱনা আছে । দক্ষিণ-পশ্চিম ৰাজস্থানৰ সৈতে সংলগ্ন পাকিস্তান আৰু ঢোলাভিৰাৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ উত্তৰ-পূবৰে গতি কৰিছে ঘূৰ্ণীবতাহ । বতৰ বিজ্ঞান বিভাগৰ মতে, উত্তৰ গুজৰাট অঞ্চলৰ সৈতে সংলগ্ন উত্তৰ-পূব আৰৱ সাগৰত ৫৫-৬৫ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা ৭৫ কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত ঘূৰ্ণীবতাহ পাৰ হৈ যাব পাৰে । ইফালে, ঘূৰ্ণীবতাহৰ ফলত কচ্ছৰ ভুজত বহু গছ-গছনি উভালি পৰা বুলি জানিব পৰা গৈছে । এনডিআৰএফৰ দলে ৰাস্তা আৰু ৰাজহুৱা স্থানত পৰি থকা গছবোৰ আঁতৰাবলৈ এক অভিযান চলাইছে ।

আইএমডিৰ প্ৰতিবেদন অনুসৰি, বৃহস্পতিবাৰে নিশা ঘূৰ্ণীবতাহে কচ্ছৰ জাখৌ বন্দৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ উত্তৰে উপকূলত খুন্দা মাৰে । ইয়াৰ পূৰ্বে এনডিআৰএফৰ মুঠ ৬ টা দলে ৰুপেন বাণ্ডাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা ১২৭ গৰাকী নাগৰিকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰে । বতৰ বিজ্ঞান বিভাগৰ মতে, ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ ফলত পৰৱৰ্তী দুদিন গুজৰাট আৰু ৰাজস্থানত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

ঘূৰ্ণীবতাহৰ পৰিপ্ৰেক্ষিতত ৰে'ল বিভাগে ঘূৰ্ণীবতাহ প্ৰৱণ অঞ্চলসমূহত সতৰ্কতামূলক ব্যৱস্থা হিচাপে শুকুৰবাৰে কিছুমান ৰে'ল বাতিল কৰিছে । গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দৰ পেটেলে গান্ধীনগৰৰ ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰত ঘূৰ্ণীবতাহ বিপৰ্যয়কলৈ এখন বৈঠক অনুষ্ঠিত কৰে আৰু ক্ষতিৰ মূল্যাঙ্কনৰ বাবে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জিলা দণ্ডাধীশসকলক এক জৰীপ কৰিবলৈ নিৰ্দেশ দিয়ে ।

গুজৰাটৰ জামনগৰ জিলাত ধুমুহাৰ আৰু বৰষুণৰ বাবে বিদ্যুৎ সংযোগ বিঘ্নিত হয় । বহু বিদ্যুতৰ খুঁটা উভালি পৰে, বৈদ্যুতিক তাঁৰ ছিগি যায় । অৱশ্যে শক্তি বিভাগে পুনৰুদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

ইফালে এনডিআৰএফৰ শীৰ্ষ বিষয়াই জনোৱা মতে ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ ফলত গুজৰাটত ২৪ টা জন্তুৰ মৃত্যু হৈছে আৰু ২৩ গৰাকী লোক আহত হৈছে । প্ৰায় ১,০০০ গাঁৱত বিদ্যুৎ যোগান ব্যাহত হৈছে । ৮০০ তকৈও অধিক গছ উভালি পৰিছে ।

লগতে পঢ়ক :Cyclone Biparjoy : বিপৰ্যয়ৰ মাজতে ভুজত ৫৪ হাজাৰ লোকক স্থানান্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.