ETV Bharat / bharat

Mob lynching: প্ৰথমে হত্যা, পিচত অংগ সৰবৰাহ ! অভিযুক্তক গণপ্ৰহাৰ

author img

By

Published : Aug 13, 2023, 5:15 PM IST

villagers thrashed youth
প্ৰথমে হত্যা পিচত অংগ সৰবৰাহ ! অভিযুক্ত যুৱকক গণপ্ৰহাৰ

এজন যুৱকক মানৱ অংগ চোৰাংভাৱে সৰবৰাহ কৰাৰ অভিযোগত গণপ্ৰহাৰ ৷ একে গাঁৱৰে এটা 17 বছৰীয়া কিশোৰক হত্যা কৰি অংগ সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন শ্ৰৱণ কুমাৰৰ বিৰুদ্ধে ৷

নেশ্যনেল ডেস্ক, 13 আগষ্ট: ঝাৰখণ্ডৰ বোকোৰাত ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷ এজন যুৱকক মানৱ অংগ চোৰাংভাৱে সৰবৰাহ কৰাৰ অভিযোগত গণপ্ৰহাৰ কৰাৰ ঘটনা সংঘটিত হৈছে ৷ প্ৰকৃততে ঘটনা অনুসৰি, দেওবাৰে যোৱা 9 দিন ধৰি সন্ধানহীন হৈ থকা এটা 17 বছৰীয়া কিশোৰৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰা হয় ৷ তাৰ পিচতে কিশোৰটোৰ পৰিয়ালৰ লোকে একে গাঁৱৰ বাসিন্দা শ্ৰৱণ কুমাৰে কিশোৰটোত হত্যা কৰি তেওঁৰ শৰীৰৰ অংগ সৰবৰাহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ৷

ইয়াৰ পিচতে গাঁৱৰ লোকে শ্ৰৱণ কুমাৰক ধৰি গছত বান্ধি লৈ উপৰ্যুপৰি প্ৰহাৰ কৰে ৷ এই ঘটনাৰ বিষয়ে স্থানীয় আৰক্ষীয়ে গম পোৱাৰ পিচতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উত্তেজিত লোকৰ পৰা মুমূৰ্ষু অৱস্থাত শ্ৰৱণক উদ্ধাৰ কৰে ৷ লগে লগে আৰক্ষীয়ে ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰে ৷ সম্প্ৰতি চিকিৎসাধীন হৈ আছে শ্ৰৱণ কুমাৰ ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত চাছ এছডিএম আৰু মুখ্য কাৰ্যালয়ৰ ডিএছপিয়ে লোকসকলক শান্ত কৰি ঘটনাৰ সন্দৰ্ভত বুজ লৈ ন্যায় প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে ৷ ভুক্তভোগীৰ পৰিয়ালক ন্যায় প্ৰদান কৰাৰ লগতে বিষয়াসকলে অভিযুক্তক কঠোৰতম শাস্তিৰো আশ্বাস দিয়ে ৷

কিশোৰটোৰ পৰিয়ালে অভিযুক্তই তেওঁক হত্যা কৰি তেওঁৰ অংগ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ ইয়াৰোপৰি শ্ৰৱণ কুমাৰে মানৱ অংগ সৰবৰাহ কৰে বুলি অভিযোগ উত্থাপন কৰে ৷

চাছৰ এছডিএম দিলীপ প্ৰতাপ সিং শ্বেখাৱতে কয় যে, যদি প্ৰকৃততে মৃতকৰ অংগ বিক্ৰী কৰাৰ ঘটনা ঘটিছে, তেন্তে ইয়াৰ ওপৰত বৃহৎ পদক্ষেপ লোৱা হ'ব ৷ কিন্তু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিচতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব ৷

তথ্য অনুসৰি, 9 দিনৰ পূৰ্বে, মিস্ত্ৰী শ্ৰৱণে কিশোৰটোক ঘৰৰ পৰা মাতি লৈ গৈছিল ৷ তাৰ পিচৰে পৰা কিশোৰটো সন্ধানহীন হৈ আছিল ৷ ইতিমধ্যে পৰিয়ালটোৱে আৰক্ষী চকীত লিখিত পুত্ৰ নিখোজ হৈ থকাৰ সন্দৰ্ভত অভিযোগ দাখিল কৰিছিল ৷ ইয়াৰ পিচতে দেওবাৰে এটা পুখুৰীত কিশোৰটোৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷

লগতে পঢ়ক: 7 year old girl brutally raped : চুবুৰীয়া পিতা-পুত্ৰৰ ধৰ্ষণৰ বলি ৭ বছৰীয়া কিশোৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.