ETV Bharat / bharat

Gang Rape: ভুলৱশতঃ লগা এটা ফোনে মাতিলে কাল, তিনি বন্ধুৰে মিলি যুৱতীক দলৱদ্ধ ধৰ্ষণ

author img

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 3:24 PM IST

ভুলৱশতঃ লগা এটা ফোনে মাতিলে কাল, তিনি বন্ধুৰে মিলি যুৱতীক দলৱদ্ধ ধৰ্ষণ
ভুলৱশতঃ লগা এটা ফোনে মাতিলে কাল, তিনি বন্ধুৰে মিলি যুৱতীক দলৱদ্ধ ধৰ্ষণ

প্ৰেম কৰোঁতে সাৱধান হওঁক ৷ বিবাহৰ প্ৰলোভন দি প্ৰেমিকাক তিনি বন্ধুৰে সৈতে দলৱদ্ধ ধৰ্ষণ প্ৰেমিকৰ ৷ ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে অভিযুক্তকেইজন ৷

নেশ্যনেল ডেস্ক, 17 অক্টোবৰ : উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত ভয়ংকৰ ঘটনা ৷ ভুলৱশতঃ লগা এটা ফোন নম্বৰে কাল মাতিলে যুৱতীৰ জীৱনলৈ ৷ ঘটনাৰ বিৱৰণী অনুসৰি, মিৰ্জাপুৰৰ এখন গাঁৱৰ বাসিন্দা এগৰাকী যুৱতীলৈ ভুলৱশতঃ এটা ফোন আহিছিল ৷ লাহে লাহে যুৱকজনৰ লগত যুৱতীগৰাকীৰ বন্ধুত্ব গভীৰ হৈছিল ৷ দুয়োৰে সম্বন্ধ ক্ৰমাৎ প্ৰেমলৈ পৰিৱৰ্তিত হৈছিল ৷ দুয়োৰে মাজত প্ৰথমে ঘণ্টা ঘণ্টাজুৰি বাৰ্তালাপ হৈছিল ৷ পৰৱৰ্তী সময়ত যুৱকজনে যুৱতীগৰাকীক বিয়া পতাৰো আশ্বাস দিছিল ৷ সেই অনুসৰি দুয়োৱে লগ কৰাৰ পৰিকল্পনা কৰিছিল ৷

যোৱা 12 অক্টোবৰত, যুৱকজনে যুৱতীগৰাকীক লগ কৰিবলৈ ওচৰৰ গাঁৱৰে এখন বাগিচালৈ মাতিছিল ৷ য'ত যুৱকজনে 3 জন বন্ধুৰ সৈতে বাগিচাত আগতেই উপস্থিত হৈ আছিল ৷ যুৱতীগৰাকী বাগিচাত উপস্থিত হোৱাৰ লগে লগে যুৱকজনে তেওঁৰ বন্ধুকেইজনৰ সৈতে তাইক দলৱদ্ধভাৱে ধৰ্ষণ কৰে ৷ তাৰ পিচতে যুৱকজনে যুৱতীগৰাকীক এই কথা কাৰোবাৰ আগত ক’লে হত্যা কৰাৰ ভাবুকি দিয়ে ৷ এই ঘটনাৰ পিচতে যুৱতীগৰাকীয়ে স্থানীয় আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে ৷

অতিৰিক্ত আৰক্ষী অধীক্ষক (অপাৰেচন) অ'পি সিঙে ঘটৱনা সন্দৰ্ভত কয় যে, যোৱা 16 অক্টোবৰত জিগনা আৰক্ষী থানা অঞ্চলৰ এখন গাঁৱৰ এগৰাকী 19 বছৰীয়া কিশোৰীয়ে এক দলৱদ্ধ ধৰ্ষণৰ অভিযোগ দাখিল কৰিছিল ৷ ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত, অভিযুক্ত যুৱকজনক জিম্মাত লোৱা হৈছে ৷ অভিযুক্তৰ ভাষ্যৰ ভিত্তিত এই ঘটনাত জড়িত থকা অন্য অভিযুক্তকেইজনকো আটক কৰিছে ৷

ইতিমধ্যে ভুক্তভোগী যুৱতীগৰাকীৰ চিকিৎসা পৰীক্ষা কৰোৱা হৈছে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সোধা পোছা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Israel Palestine conflict : গাজাবাসীক বাধাহীনভাৱে চলাচলৰ অনুমতি দিবলৈ ইজৰাইললৈ আহ্বান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.