প্ৰধানমন্ত্ৰীৰ ত্ৰিপুৰা ভ্ৰমণৰ পিছতে ৰাজ্যখনত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে নেকি ক’ভিড সংক্ৰমণ ?

author img

By

Published : Jan 14, 2022, 8:38 PM IST

cpim-claims-after-pm-modis-visit-in-tripura-covid-rises-abnormally

যোৱা ৪ জানুৱাৰীত ত্ৰিপুৰাৰ স্বামী বিবেকানন্দ ময়দানত প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা সভাৰ পিছৰে পৰা ৰাজ্যখনত ক’ভিড সংক্ৰমণৰ ঘটনা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে (Covid rises abnormally After PM Modi's visit in Tripura) ৷ এই দাবী কৰিছে ত্ৰিপুৰা প্ৰদেশ চি পি আই এমৰ সচিব জিতেন্দ্ৰ চৌধুৰীয়ে ৷ এই অভিযোগ সন্দৰ্ভত সবিশেষ জানো আহক ৷

আগৰতলা, 14 জানুৱাৰী : ত্ৰিপুৰা বিধানসভাৰ বিৰোধী দলৰ চি পি আই এমৰ সচিব জিতেন্দ্ৰ চৌধুৰীয়ে(The Secretary of Opposition CPIM Jitendra Choudhury) শুকুৰবাৰে অভিযোগ কৰিছে যে, যোৱা ৪ জানুৱাৰীত ত্ৰিপুৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ পিছত ৰাজ্যখনত ক’ভিড সংক্ৰমণৰ ঘটনা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে (Covid rises abnormally After PM Modi's visit in Tripura) । তেওঁ কয়, "৪ জানুৱাৰীত স্বামী বিবেকানন্দ ময়দানত প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা সভাৰ পিছৰে পৰা ৰাজ্যখনৰ ক’ভিডে ক্ৰমান্বয়ে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰি আহিছে'' ৷

তেওঁ কয় যে, এনে কঠিন পৰিস্থিতিত, ৰাজ্যখনৰ জনসাধাৰণে ক’ভিডৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ, বিশেষকৈ অ’মিক্ৰনৰ নতুন সংস্কৰণৰ বিষয়ে শুনিবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছিল (COVID management in Tripura)। কিন্তু মুখ্যমন্ত্ৰীয়ে ১২ জানুৱাৰীত তেওঁৰ সংবাদমেলত ক’ভিডৰ এই নতুন প্ৰৰিৱেশৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰৰ তৎপৰতাৰ বিষয়ে যি কথা কৈছিল সেয়া অতি হতাশাজনক আখ্যা দিয়ে বিৰোধী নেতা গৰাকীয়ে ।

ইয়াৰ লগে লগে, জনস্বাস্থ্য আৰু ক’ভিডৰ প্ৰতি বিজেপি-আইপিএফটি মিত্ৰজোঁট চৰকাৰৰ নিৰন্তৰ উদাসীনতা আৰু দায়িত্বহীনতাৰ ছবি পুনৰ সন্মুখলৈ আহিছে বুলিও তেওঁ দাবী কৰে । চিপিআই (এম) ত্ৰিপুৰা ৰাজ্যিক সচিবালয় ৰাজ্য চৰকাৰৰ এই ভূমিকাক লৈ গভীৰভাৱে চিন্তিত বুলিও অৱগত কৰে নেতা গৰাকীয়ে (CPI M Tripura about covid management in state )।

লগতে পঢ়ক : Covid 19 in India : বিগত 24 ঘণ্টাত দেশত কৰ’ণাত আক্ৰান্ত 2,64,202 গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.