ETV Bharat / bharat

কোভিড প্ৰতিষেধক : বছৰৰ শেষলৈ আহিব পাৰে ভাল খবৰ

author img

By

Published : Nov 10, 2020, 1:50 PM IST

ফাইজাৰে কৰা ঘোষণাক বিশ্বৰ সকলো বৈজ্ঞানিকে প্ৰসংশা কৰিছে ৷ এই সন্দৰ্ভত অৰ্থনীতিবিদ সুনীল সিনহাৰ সৈতে ইটিভি ভাৰতৰ কৃষ্ণানন্দ ত্ৰিপাঠীৰ এক সাক্ষাৎকাৰ ৷

কোভিড প্ৰতিষেধক : বছৰৰ শেষলৈ আহিব পাৰে ভাল খবৰ
কোভিড প্ৰতিষেধক : বছৰৰ শেষলৈ আহিব পাৰে ভাল খবৰ

নিউজ ডেস্ক, 10 নৱেম্বৰ : বিশ্বৰ শ্বেয়াৰ মাৰ্কেটত বহুজাতিক ঔধষ প্ৰস্তুতকৰ্তা ফাইজাৰে কৰা ঘোষণাক লৈ সকলোৱে আশা দেখিছে আৰু কোম্পানীটোৰ দ্বাৰা বিকশিত কোভিড-19 প্ৰতিষেধকৰ তৃতীয়লানি মানৱ পৰীক্ষণ সফলতাৰ দিশে আগবাঢ়িছে ৷ কিন্তু আমেৰিকাত শ্বেয়াৰ মাৰ্কেটত Dow 3%ৰে ওপৰত আছে, S&P 500 1.17%ৰে ওপৰত আছে আৰু একমাত্ৰ Nasdaq 1.5%ৰে পিচপৰি আছে ৷ ইয়াক লৈ প্ৰসিদ্ধ অৰ্থনীতিবিদে ইটিভি ভাৰতৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, আজিৰ এই দিনত সুৰংগৰ শেষত মানুহে পোহৰ দেখিছে আৰু বজাৰৰ ওপৰতো ইয়াৰ প্ৰতিক্ৰিয়া হৈছে ৷

এই সময়ত Dow আৰু S&P য়ে 500 অংক চুইছে ৷ যেতিয়া Dowয়ে 1600 পইন্টেৰে (5.7%), সোমবাৰে 29,934ত উপনীত হৈছে এয়া চলিত বৰ্ষৰ 12 ফেব্ৰুৱাৰীৰ পিচত শীৰ্ষ পইন্ট ৷ আনহাতে S&Pয়ে 500 অংকৰে 3,646 পইন্ট চুইছে যিটো 2 ছেপ্টেম্বৰৰ পিচত সৰ্বাধিক ৷

"এই ছায়াময় আন্ধাৰৰ সময়ত হঠাতে পোহৰ দেখিবলৈ পোৱা গৈছে ৷ কিছুসংখ্যক ইউৰোপীয় দেশত কৰ'ণাৰ দ্বিতীয় স্তৰ আৰম্ভ হোৱাৰ সময়তে আমি পোহৰ দেখিবলৈ পাইছো যিটোৱে বিগত ছমাহত আপুনি কৰি কৰিলে কি নকৰিলে তাৰ সকলো হিচাপ প্ৰদান কৰিছে ৷" ইণ্ডিয়া ৰেটিংছৰ মুখ্য অৰ্থনীতিবিদ সুনীল সিনহাই এইদৰে কয় ৷ এনেকুৱা পৰিস্থিতিত সকলোৱে শ্বেয়াৰ মাৰ্কেটৰ এই বাতৰিক আকোৱালি লৈছে ৷ সকলোৱে সুখ পাইছে আৰু বজাৰে ইয়াৰ প্ৰতিফলন প্ৰদান কৰিছে বুলি কয় সিনহাই ৷

সোমবাৰে সংস্থাটোৱে কোভিড প্ৰতিষেধকৰ বিষয়ে উল্লেখ কৰি মহামাৰীৰ সংক্ৰমণৰ বিৰুদ্ধে 90 শতাংশই সফল বুলি জনাইছিল ৷ এই বাতৰিৰ লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জ' বিডেনৰ জয়লাভো বজাৰ অৰ্থনীতিৰ বাবে এক শক্তিশালী প্ৰভাৱ হিচাপে দেখা দিছে ৷ আমেৰিকাত তিনিওখন মুখ্য শ্বেয়াৰ মাৰ্কেটৰ পইন্ট উৰ্ধগামী হৈ আছে ৷ অৰ্থনীতি আৰু বজাৰৰ সৈতে যোগসূত্ৰ ৰখা অৰ্থনীতিবিদ সিনহাৰ মতে এনেকুৱা পৰিস্থিতিয়ে অৰ্থনীতিৰ পুনৰুত্থানৰ বাবে অধিক ফলপ্ৰসূ হ'ব ৷ ভাৰততো সোমবাৰে নিফটিকে ধৰি ভাৰত ষ্টক এক্সচেঞ্জৰ পইন্ট উৰ্ধগামী হোৱা দেখা গৈছে ৷ বিএছই ছেনছেক্স 704 পইন্ট উৰ্ধগামী হৈ 42,597 পইন্ট হৈছে ৷ নিফটিয়ে 197.50 পইন্টেৰে মুঠ 12,461 পইন্ট উৰ্ধগামী হৈছে ৷

বজাৰে এদিনৰ ফলাফলৰ ওপৰত কাম নকৰে, কিন্তু 4-6 মাহৰ ফলাফলে ইয়াত ব্যাপক প্ৰভাৱ পেলায় ৷ মহামাৰীৰ পৰা পৰিত্ৰাণ পোৱা কোনো সমাধান ওলালে ইয়াৰ পৰিনাম সাধাৰণ হোৱাটো স্বাভাৱিক আৰু সকলোখিনি আগৰ দৰেই হৈ পৰিব ৷ সিনহাই এইদৰে কয় ৷

লগতে পঢ়ক : কেম্পৰ ভিতৰতে ৰহস্যজনকভাৱে উদ্ধাৰ সেনা বিষয়াৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.