ETV Bharat / bharat

পুনৰ বৃদ্ধি কৰ'ণাৰ সংক্ৰমণ: ভাৰতত এদিনতে 33,376 জন নতুনকৈ আক্ৰান্ত

author img

By

Published : Sep 11, 2021, 6:04 PM IST

ভাৰতত পুনৰ বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণ ৷ দেশত এদিনতে কৰ'ণাত আক্ৰান্ত হ'ল 33,376জন লোক ৷ ইয়াৰ লগে লগে ভাৰতত ক'ভিড সংক্ৰমণৰ মুঠ সংখ্যা 3,32,08,330 লৈ বৃদ্ধি পোৱাৰ লগতে মৃত্যুৰ সংখ্যা 4,42,317জনলৈ বৃদ্ধি পাইছে ৷

India coronavirus count
ভাৰতত পুনৰ কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি

নেশ্যনেল ডেস্ক , 11 ছেপ্তেম্বৰ : দেশত পুনৰ বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়(Union Health Ministry)ৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি ভাৰতত এদিনতে নতুনকৈ 33,376জন লোক ক'ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে 308জনে ক'ভিডত আক্ৰান্ত হৈ মৃত্য়ুক সাৱটি লৈছে ৷ ইয়াৰ লগে লগে ভাৰতত ক'ভিড সংক্ৰমণৰ মুঠ সংখ্যা 3,32,08,330 লৈ বৃদ্ধি পোৱাৰ লগতে মৃত্যুৰ সংখ্যা 4,42,317জনলৈ বৃদ্ধি পাইছে ৷

শনিবাৰে পুৱা 8 বজাত প্ৰকাশ কৰা তথ্য় অনুসৰি আক্ৰান্তৰ সংখ্যা তূলৱামূলকভাৱে কিছু বৃদ্ধি হৈ 3,91,516 হৈছেগৈ আৰু ইয়াৰ বিপৰীতে কৰ'ণাত আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ হাৰ হৈছেগৈ 97.49 শতাংশ ৷ ইয়াৰ লগতে দৈনিক আক্ৰান্তৰ হাৰ 2.10 শতাংশ বুলি জানিব পৰা গৈছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, দেশজুৰি হোৱা টীকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে প্ৰতিষেধক প্ৰদানৰ সংখ্যাই 73.05 কোটি অতিক্ৰম কৰিছে ৷ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (Indian Council of Medical Research) মতে, 10 ছেপ্টেম্বৰলৈকে ভাৰতত মুঠ 54,01,96,989 নমুনা পৰীক্ষা কৰা হৈছে ৷ ইয়াৰ ভিতৰত শুকুৰবাৰে 15,92,135টা নমুনা পৰীক্ষা কৰা হৈছিল ৷

জানিব পৰা মতে, বিগত 24 ঘন্টাত কেৰালাত 25,010 জন নতুনকৈ আক্ৰান্ত হোৱাৰ লগতে 177জনে মৃত্যুক সাৱটি লৈছে ৷ অৱশ্যে শুকুৰবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক সদৰী কৰা তথ্য অনুসৰি, 3-9 ছেপ্টেম্বৰৰ ভিতৰত মাত্ৰ দুই শতাংশ আক্ৰান্ত লোককহে অক্সিজেনযুক্ত বিচনাৰ প্ৰয়োজন হৈছিল আৰু মাত্ৰ এক শতাংশহে আইচিইউ ভৰ্তি হ'বলগীয়া হৈছিল ৷

লগতে পঢ়ক : বিশ্ব প্ৰাথমিক চিকিৎসা দিৱস 2021: প্ৰাথমিক চিকিৎসা আৰু পথ সুৰক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.