ETV Bharat / bharat

কৰ’ণা ভাইৰাছ : মিজোৰামৰ শেহতীয়া তথ্য

author img

By

Published : May 24, 2021, 7:19 AM IST

আৰএজিটিৰ জৰিয়তে সংগ্ৰহ কৰা 1,664 টা নমুনাৰ পৰা 144 জন লোক ক’ভিড 19 ত আক্ৰান্ত বুলি চিনাক্ত কৰা হয় মিজোৰামত ৷ 22 মে’ত কৰা পৰীক্ষাৰ 3,462 টা নমুনাৰ ভিতৰত আক্ৰান্ত 96 গৰাকী ব্যক্তিয়েই আছিল লক্ষণযুক্ত ৰোগী ৷ ইয়াৰ বিপৰীতে 118 গৰাকীৰ নাছিল কোনো লক্ষণ ৷

COVID 19 UPDATE MIZORAM ETV BHARAT NEWS
মিজোৰামৰ শেহতীয়া তথ্য

মিজোৰাম,24 মে’: 22 মে’ত মিজোৰামত 214 গৰাকী ব্যক্তিৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে ৷ ইয়াৰ পিছদিনা অৰ্থাৎ 23 মে’ত দুগৰাকী ব্যক্তিয়ে ক’ভিডত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱায় ৷ ইয়াৰে ভিতৰত এগৰাকী আছিল মহিলা, যি পূৰ্বে ভিন্ন ৰোগত আক্ৰান্ত আছিল ৷ আক্ৰান্ত মহিলাগৰাকী জোৰাম চিকিৎসা মহাবিদ্যালয়ত আইচিইউত ভৰ্তি হৈ আছিল ৷

জোৰাম চিকিৎসা মহাবিদ্যালয়ৰ আৰটিপিচিআৰ পৰীক্ষাত কৰা 1,597 টা নমুনাৰ পৰা 65 টা নমুনাত ধৰা পৰে ক’ভিড-19 ৰ অৱস্থিতি ৷ বিভিন্ন জিলাৰ ট্ৰুনেট পৰীক্ষাগাৰত কৰা পৰীক্ষাত 201 টা নমুনাৰ ভিতৰত 5 গৰাকীৰ দেহত ধৰা পৰে ভাইৰাছবিধৰ অৱস্থিতি ৷

COVID 19 UPDATE MIZORAM ETV BHARAT NEWS
মিজোৰামৰ শেহতীয়া তথ্য

আৰএজিটিৰ জৰিয়তে সংগ্ৰহ কৰা 1,664 টা নমুনাৰ পৰা 144 জন লোক ক’ভিড 19 ত আক্ৰান্ত বুলি চিনাক্ত কৰা হয় ৷ 22 মে’ত কৰা পৰীক্ষাৰ 3,462 টা নমুনাৰ ভিতৰত আক্ৰান্ত 96 গৰাকী ব্যক্তিয়েই আছিল লক্ষণযুক্ত ৰোগী ৷ ইয়াৰ বিপৰীতে 118 গৰাকীৰ নাছিল কোনো লক্ষণ ৷

সম্প্ৰতি ৰাজ্যখনত আক্ৰান্তৰ হাৰ 6.20 শতাংশ ৷ দেওবাৰে ৰাজ্যখনৰ ভিন্ন চিকিৎসালয়ত ভৰ্তি হৈ থকা ক’ভিড ৰোগীসকলৰ ভিতৰত 55 গৰাকীয়ে আৰোগ্য লাভ কৰাত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে ৷ 76.23 শতাংশ আৰোগ্যৰ হাৰৰ সৈতে মিজোৰামত 10,220 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈছিল ৷ শেহতীয়াকৈ আক্ৰান্তসকলৰ ভিতৰৰ 7,791 গৰাকী ৰোগী আৰোগ্য হোৱাৰ বিপৰীতে 33 গৰাকীৰ মৃত্যু ঘটিছে ৷ সম্প্ৰতি ৰাজ্যখনত 2,396 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈ আছে ৷

লগতে চাওকঃ কণ্টেইনমেন্ট জ'নলৈ বিশেষ পুঁজি মিজোৰাম প্ৰদেশ কংগ্ৰেছ কমিটীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.