ETV Bharat / bharat

দেশত নতুনকৈ ক'ভিডত আক্ৰান্ত ৬২৮ গৰাকী, মহাৰাষ্ট্ৰৰ মন্ত্ৰীও আক্ৰান্ত

author img

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 3:07 PM IST

covid 19 rise
দেশত নতুনকৈ ক'ভিডত আক্ৰান্ত ৬২৮ গৰাকী

Covid fresh cases in India: যোৱা ২৪ ঘণ্টাত কেৰালাত ১২৮ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে । দেশত আক্ৰান্তৰ সংখ্যা ৬২৮ টালৈ বৃদ্ধি পাইছে । মহাৰাষ্ট্ৰত জেএন-১ৰ চিকাৰ ১০ গৰাকী ।

নেশ্যনেল ডেস্ক,২৫ ডিচেম্বৰ : দেশত পুনৰ এবাৰ ক'ভিডৰ দ্ৰুত সংক্ৰমণ আৰম্ভ হৈছে । বিভিন্ন ৰাজ্যত ক'ভিডৰ নতুন প্ৰকাৰ জেএন-১ৰ সংক্ৰমণ দেখা গৈছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত এদিনৰ ভিতৰতে ৬২৮ গৰাকী লোকৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰিছে । ইয়াৰ লগে লগে দেশত আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা ৪,০৫৪ লৈ বৃদ্ধি হৈছে ।

ইয়াৰ পূৰ্বৰ ২৪ ঘণ্টাত কেৰালাৰ পৰা ক'ভিড আক্ৰান্তৰ মৃত্যুৰ খবৰ পোৱা গৈছিল । ফলস্বৰূপে দেশত ক'ভিড আক্ৰান্তৰ মুঠ মৃত্যুৰ সংখ্যা ৫,৩৩,৩৩৪ অতিক্ৰম কৰে । দেশত ক'ভিড আক্ৰান্তৰ মুখ্য সংখ্যা বৰ্তমান ৪,৫০,০৯,২৪৮ টা ।

স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত ক'ভিডৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,৪৪,৭১,৮৬০ লৈ বৃদ্ধি পাইছে আনহাতে ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ হৈছে ৯৮.৮১ শতাংশ । মৃত্যুৰ হাৰ ১.১৯ শতাংশ । মন্ত্ৰালয়ৰ তথ্য অনুসৰি এতিয়ালৈ দেশত ২২০.৬৭ কোটি ক'ভিড প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে ।

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি কেৰালাত যোৱা ২৪ ঘণ্টাত নতুনকৈ ১২৮ গৰাকী লোকৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰিছে । আনহাতে ক'ভিডত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । সোমবাৰে পুৱা ৮ বজালৈকে দেশজুৰি ধৰা পৰা ৩১৫ টা সংক্ৰমণৰ ভিতৰত ১২৮ টা কেৰালাৰ আছিল । ফলত ৰাজ্যখনৰ সক্ৰিয় ঘটনা ৩,১২৮ লৈ বৃদ্ধি হৈছে ।

৩ বছৰ পূৰ্বে কেৰালাত ক'ভিডৰ প্ৰাদুৰ্ভাৱৰ পিচত মৃত্যু হোৱা লোকৰ সংখ্যা আছিল মুঠ ৭২,০৬৪ টা । যোৱা ২৪ ঘণ্টাত কেৰালাত আৰোগ্য হৈছে ২৪৭ গৰাকী লোক । কেৰালাত মুঠ আক্ৰান্তৰ সংখ্যা বৰ্তমানলৈকে ৬৮,৩৮,৫২৯ লৈ বৃদ্ধি হৈছে । এনে পৰিস্থিতিত মঙলবাৰে স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে ৰাজ্যখনৰ জনসাধাৰণক আশ্বাস প্ৰদান কৰিছে যে কেৰালাত ক'ভিডৰ ঘটনা বৃদ্ধি হোৱা স্বত্বেও বিপদৰ কোনো কাৰণ নাই । চিকিৎসালয়বোৰকো সম্পূৰ্ণ সাজু কৰি ৰখা হৈছে ।

স্বাস্থ্য বিভাগৰ মতে মহাৰাষ্ট্ৰত নতুনকৈ ৫০ গৰাকী লোকৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰিছে । নতুন আক্ৰান্তৰ ভিতৰত ৯ গৰাকী জে এন-১ৰ চিকাৰ আছিল । ফলস্বৰূপে ৰাজ্যখনত নতুন উপ-প্ৰকাৰৰ চিকাৰ হোৱা লোকৰ সংখ্যা ১০ লৈ বৃদ্ধি হৈছে । জেএন-১ৰ চিকাৰ হোৱা ৰোগীসকলৰ ভিতৰত আছে থানেৰ ৫ গৰাকী, পুনেৰ দুগৰাকী, পুনে গ্ৰাম্য,আকোলা চহৰ আৰু সিন্ধুদুৰ্গ জিলাৰ এজনকৈ লোক ।

ইফালে, মহাৰাষ্ট্ৰৰ কৃষি মন্ত্ৰী ধনঞ্জয় মুণ্ডে ক'ভিডত আক্ৰান্ত হোৱা বুলি সোমবাৰে ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে জনাইছে । তেওঁ জনোৱা মতে ৰাজ্যখনত ক'ভিড প্ৰতিৰোধৰ বাবে প্ৰশাসনে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিছে ।

লগতে পঢ়ক :প্ৰচণ্ড শীতৰ কৱলত দিল্লীসহ উত্তৰ ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.