ETV Bharat / bharat

প্ৰচণ্ড শীতৰ কৱলত দিল্লীসহ উত্তৰ ভাৰত

author img

By ANI

Published : Dec 25, 2023, 12:14 PM IST

Cold wave tightens grip on north India
প্ৰচণ্ড শীতৰ কৱলত দিল্লীসহ উত্তৰ ভাৰত

প্ৰচণ্ড শীতৰ কৱলত ৰাজধানী দিল্লী (Delhi in the grip of severe cold)। ঠায়ে ঠায়ে জুইৰ উম লৈ শীতৰ পৰা পৰিত্ৰাণৰ প্ৰয়াস স্থানীয় লোকৰ । ৰাজধানী চহৰত বায়ু প্ৰদূষণেও ভয়ংকৰ ৰূপ লৈছে ।

নেশ্যনেল ডেস্ক,২৫ ডিচেম্বৰ : দেশৰ ৰাজধানী চহৰ দিল্লীকে ধৰি উত্তৰ ভাৰতত প্ৰচণ্ড শীত প্ৰবাহে সাধাৰণ জীৱনযাত্ৰা ব্যাহত কৰি তুলিছে । সোমবাৰে ঘন কুঁৱলীয়ে আগুৰি ধৰে সমগ্ৰ দিল্লী চহৰক । যাৰ বাবে দিল্লীবাসীয়ে পুৱাই প্ৰচণ্ড শীত অনুভৱ কৰে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (আইএমডি) মতে সোমবাৰে পুৱা দিল্লীৰ তাপমাত্ৰা ৯.৪ ডিগ্ৰী চেলচিয়াছ আছিল ।

দিল্লীৰ কেইবাটাও স্থানত ঘন কুঁৱলীৰ বাবে পৰিৱেশ যথেষ্ট অস্পষ্ট আছিল । ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ বেছিভাগ অংশতো অস্পষ্ট পৰিস্থিতিৰ বাবে যান-বাহনৰ চলাচলত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে । দেওবাৰে, সৰ্বনিম্ন তাপমাত্ৰা ৯.১ ডিগ্ৰী চেলচিয়াছ আছিল বুলি জানিব পৰা গৈছে ।

শীতৰ বাবে নিশা বহুতে ৰাষ্ট্ৰীয় ৰাজধানীৰ বিভিন্ন স্থানৰ আশ্ৰয়স্থলত আশ্ৰয় বিচাৰিবলগীয়া হয় । আন স্থানবোৰতো একে ধৰণৰ দৃশ্য দেখা গৈছে । স্থানীয় লোকসকলে লোধি ৰোড অঞ্চলত একত্ৰিত হৈ জুইৰ উম লৈ শীতৰ পৰা পৰিত্ৰাণৰ চেষ্টা কৰা দেখা গৈছে ।

লোধি ৰোড, মুনিৰ্কা, আৰ কে পুৰম আৰু এইমছৰ ওচৰৰ ৰিং ৰোডৰ সমীপত কুঁৱলীৰ এক ডাঠ আৱৰণ দেখা গৈছে । যাৰ বাবে ৰাজপথত অতি নগণ্য বাহন আৰু পথচাৰী দেখা গৈছে । ইয়াৰ উপৰিও, কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে প্ৰদান কৰা তথ্য অনুসৰি, সোমবাৰে দিল্লীৰ বায়ুৰ সূচাংক 'অতি দুৰ্বল' শ্ৰেণীত দেখা গৈছে । কিয়নো বায়ুৰ সূচাংক প্ৰায় ৪০০ আছিল । এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী-ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত সকলো অপ্ৰয়োজনীয় নিৰ্মাণ কাৰ্য নিষিদ্ধ কৰা হৈছে ।

ইফালে দিল্লীকে ধৰি উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যত শীতৰ অত্যধিক প্ৰকোপ দেখা গৈছে । প্ৰচণ্ড শীতৰ বাবে কোনো কোনো অঞ্চলত সাধাৰণ জীৱন যাপনো কঠিন হৈ পৰিছে ।

লগতে পঢ়ক :Year-ender 2023: বায়ু প্ৰদূষণৰ বাবে অস্বস্তিত দিল্লীবাসী, পূৰ্বৰ সকলো অভিলেখ ভংগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.