ETV Bharat / bharat

বাৰাণসীৰ মন্দিৰ দৰ্শনৰ বাবে বাধ্যতামূলক ক'ভিডৰ ফলাফল

author img

By

Published : Apr 15, 2021, 3:24 PM IST

দেশত ক'ভিড প্ৰতিৰোধক হিচাপে টীকাকৰণ প্ৰক্ৰিয়া চলি আছে যদিও একাংশ ৰাজ্যত পুনৰ বৃদ্ধি হৈছে ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা । আনকি কিছুমান স্থানত সান্ধ্য আইন জাৰি কৰাৰ দৰে পৰিৱেশৰো সৃষ্টি হৈছে । উত্তৰ প্ৰদেশৰ বাৰাণসী জিলা প্ৰশাসনেও গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ । বাৰাণসীৰ বিশ্বনাথ মন্দিৰ, সংকটমোচন মন্দিৰ আৰু অন্নপূৰ্ণ মন্দিৰত প্ৰৱেশ কৰিবলৈ বাধ্যতামূলক হ’ব ক’ভিড পৰীক্ষাৰ ফলাফল ৷

বাৰাণসীৰ তিনি প্ৰসিদ্ধ মন্দিৰ দৰ্শন কৰিবলৈ বাধ্যতামূলক ক'ভিডৰ নিগেটিভ ফলাফল
বাৰাণসীৰ তিনি প্ৰসিদ্ধ মন্দিৰ দৰ্শন কৰিবলৈ বাধ্যতামূলক ক'ভিডৰ নিগেটিভ ফলাফল

নেশ্যনেল ডেস্ক,১৫ এপ্ৰিল: দেশত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা । তাৰ বাবে কোনো স্থানত ৰাজ্যৰ প্ৰশাসনে লক ডাউন, নৈশ সান্ধ্য আইন জাৰি কৰিছে । দ্ৰুতগতিত কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশৰ বাৰাণসী জিলা প্ৰশাসনেও গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ । সেই অনুসৰি বাৰাণসীৰ বিশ্বনাথ মন্দিৰ, সংকটমোচন মন্দিৰ আৰু অন্নপূৰ্ণ মন্দিৰত প্ৰৱেশ কৰিবলৈ বাধ্যতামূলক হ’ব ক’ভিড পৰীক্ষাৰ ফলাফল ৷ মন্দিৰ কেইটাত অহা সকলো ভক্তৰ কৰ'ণা পৰীক্ষাৰ ফলাফল নিগেটিভ হোৱাতো বাধ্যতামূলক কৰিছে বাৰাণসী জিলা প্ৰশাসনে । বুধবাৰে জিলাখনৰ এগৰাকী শীৰ্ষ বিষয়াই এই কথা সদৰী কৰে ।

উক্ত মন্দিৰ কেইটাৰ সমান্তৰালকৈ চহৰখনৰ হোটেলসমূহতো একেই নিৰ্দেশ কাৰ্যকৰী কৰা হ'ব । ভক্তসকলে মন্দিৰত প্ৰৱেশ কৰিবলৈ তিনি দিনতকৈ অধিক পুৰণি কৰ'ণা পৰীক্ষাৰ ফলাফল নিগেটিভ হোৱাতো বাধ্যতামূলক কৰিছে জিলা প্ৰশাসনে ।

ইফালে, বুধবাৰে উত্তৰ প্ৰদেশত দেশৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক স্থানত আছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনায় । বুধবাৰৰ দিনটোত ৰাজ্যখনত ১৭,৯৬৩ জন লোক মহামাৰীৰ কবলত পৰিছে । যোৱা ২৪ ঘন্টাত দেশত দুই লক্ষাধিক লোক অতিমাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে । লগতে ১০৩৮ জন লোকে মহামাৰীৰ কবলত প্ৰাণ হেৰুৱাইছে । দেশৰ ভিতৰত আটাইতকৈ দিল্লী, মহাৰাষ্ট্ৰ, পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশত যথেষ্ঠ সংখ্যক লোক অতিমাৰীৰ কবলত পৰিছে ।

লগতে পঢ়ক: কৰ'ণাৰ বাবে মহাৰাষ্ট্ৰত কঠোৰ নিষেধাজ্ঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.