ETV Bharat / bharat

COVID-19: গৰ্ভাৱস্থাত ক’ভিড-১৯ সংক্ৰমণৰ ফলত নৱজাতকৰ মেদবহুলতা হোৱাৰ আশংকা অধিক: অধ্যয়ন

author img

By

Published : Mar 31, 2023, 10:50 AM IST

COVID-19 during pregnancy may increase obesity risk in children: Study
গৰ্ভাৱস্থাত ক’ভিড-১৯ সংক্ৰমণৰ ফলত নৱজাতকৰ মেদবহুলতা হোৱাৰ আশংকা অধিক: অধ্যয়ন

এক নতুন গৱেষণাত এই তথ্য প্ৰকাশ পাইছে যে গৰ্ভাৱস্থাত Covid-19 আক্ৰান্ত মাতৃৰ দ্বাৰা জন্ম হোৱা শিশু মেদবহুলতাত ভোগাৰ আশংকা অধিক হয় । সবিশেষ পঢ়ক..

বিজ্ঞানীসকলে এতিয়াও Covidৰ ওপৰত গৱেষণা অব্যাহত ৰাখিছে । সংক্ৰমণৰ পৰা আৰোগ্য লাভ কৰাৰ পিছতো ই স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পেলায় সেই বিষয়ে গৱেষকসকলে নিজৰ গৱেষণা অব্যাহত ৰাখিছে । এই পৰ্যায়ত আমি গৰ্ভাৱস্থাত Covidত আক্ৰান্ত হোৱাৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে জানিব পাৰিছো । এই অধ্যয়ন অনুসৰি গৰ্ভাৱস্থাত শিশুটি Covid-19 ৰোগত আক্ৰান্ত হ’লে নৱজাতকটোৱে মেদবহুলতাত ভুগিব পাৰে(pregnancy) ।

এই গৱেষণাৰ ফলাফল জাৰ্নেল অৱ ক্লিনিকেল এণ্ডক্ৰাইন’লজি এণ্ড মেটাবলিজম অৱ দ্য এণ্ড’ক্ৰাইন ছ’চাইটিত প্ৰকাশ পাইছে(prenatal infection)। গৱেষণাৰ পৰা দেখা গৈছে যে গৰ্ভাৱস্থাত Covidত আক্ৰান্ত মহিলাৰ পৰা জন্ম হোৱা শিশুৰ জন্মৰ সময়ত আনতকৈ কম ওজন, শৰীৰৰ ভৰ সূচকাংক (BMI) কম । কিন্তু পিছলৈ তেওঁলোকৰ ওজন বৃদ্ধি পায়(cardiovascular disease)। আনকি মেদবহুলতাতো ভোগে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰে(COVID19 during pregnancy may increase obesity)।

গৱেষণাৰ পৰা এইটোও দেখা গৈছে যে, গৰ্ভাৱস্থাত Covidৰ সংস্পৰ্শলৈ অহা মাতৃৰ পৰা জন্ম হোৱা শিশুৰ প্ৰাৰম্ভিক জীৱনত বৃদ্ধিৰ পৰিৱৰ্তন ঘটিছে যাৰ ফলত সময়ৰ লগে লগে মেদবহুলতা(Metabolism), ডায়েবেটিছ আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে । গৰ্ভৱতী মহিলা আৰু তেওঁৰ সন্তানৰ ওপৰত Covid-19ৰ প্ৰভাৱৰ বিষয়ে নিশ্চিত হ’বলৈ এতিয়াও অধিক গৱেষণাৰ প্ৰয়োজন আছে বুলি গৱেষকসকলে মত প্ৰকাশ কৰে ।

এই গৱেষণাৰ বাবে গৱেষকসকলে প্ৰায় ১৫০ টা শিশুৰ ওপৰত অধ্যয়ন কৰিছিল । যিবোৰ শিশুৰ মাতৃ গৰ্ভাৱস্থাত Covid আক্ৰান্ত হৈছিল । তেওঁলোকে প্ৰায় ১৩০ টা শিশুৰ লগত তুলনা কৰিছিল যাৰ মাতৃ আক্ৰান্ত হোৱা নাছিল । এই পৰিৱৰ্তনৰ ফলত শৈশৱ আৰু পিছলৈ মেদবহুলতা, ডায়েবেটিছ আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পোৱা দেখা গৈছে ।

তথ্য অনুসৰি শেহতীয়াকৈ আন এক অধ্যয়নতো দেখা গৈছে যে, ইয়াৰ প্ৰভাৱ নৱজাতকৰ স্বাস্থ্যৰ ওপৰত পৰে । গৱেষণাৰ মতে গৰ্ভৱতী অৱস্থাত Covid-19 আক্ৰান্ত মাতৃৰ পৰা জন্ম হোৱা শিশুৰ মগজুৰ বিকাৰ হ’ব পাৰে । গৱেষকসকলে কয় যে, পুত্ৰ শিশুৰ ক্ষেত্ৰত এই সমস্যাৰ সম্ভাৱনা অধিক হোৱা বুলি উল্লেখ কৰে ।

লগতে পঢ়ক: HIV genes: কেনেকৈ ধৰা পেলাব পাৰি শৰীৰত লুকাই থকা মাৰাত্মক HIV

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.