ETV Bharat / bharat

আবকাৰী নীতি কেলেংকাৰী, সঞ্জয় সিঙৰ জামিন আবেদন নাকচ

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 4:50 PM IST

আদালতে আবকাৰী নীতি কেলেংকাৰী সম্পৰ্কীয় আত্মসাৎ গোচৰত আপ নেতা সঞ্জয় সিঙৰ জামিন আবেদন খাৰিজ কৰে । ইডিয়ে তেওঁৰ জামিনৰ বিৰোধিতা কৰিছিল ।

Delhi excise scam case
আবকাৰী নীতি কেলেংকাৰী, সঞ্জয় সিঙৰ জামিন আবেদন নাকচ

নেশ্যনেল ডেস্ক,২২ ডিচেম্বৰ : নতুন দিল্লীৰ আবকাৰী নীতি কেলেংকাৰীৰ তদন্ত অব্যাহত আছে । আদালতৰ মজিয়াত এই গোচৰটোৱে বিশেষ স্থান লাভ কৰিছে । ইয়াৰ মাজতে দিল্লীৰ এখন আদালতে শুকুৰবাৰে দিল্লীৰ আবকাৰী নীতি কেলেংকাৰী সম্পৰ্কীয় এক ধন আত্মসাৎ গোচৰত আম আদমি পাৰ্টীৰ নেতা সঞ্জয় সিঙৰ জামিন আবেদন খাৰিজ কৰে । বিশেষ ন্যায়াধীশ এম কে নাগপালে ৰাজ্যসভাৰ সাংসদ সিঙৰ জামিন আবেদন নাকচ কৰে । এতিয়াও আদালতৰ বিতং আদেশ প্ৰকাশ কৰা হোৱা নাই ।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে আদালতে ইয়াৰ কাৰ্যক্ৰম স্থগিত ৰাখিছিল আৰু কৈছিল যে আদালতে ২২ ডিচেম্বৰত সিঙৰ জামিন আবেদনৰ ওপৰত ৰায় ঘোষণা কৰিব । সিঙৰ জামিন আবেদনৰ ওপৰত শুনানিৰ সময়ত তেওঁৰ অধিবক্তাই কৈছিল যে সিঙক উৎকোচ দিয়াৰ বিষয়ে অভিযুক্ত-অনুমোদনকাৰী দিনেশ অৰোৰা আৰু অন্যান্য সাক্ষীসকলৰ বিবৃতিত বিৰোধিতা আছে ।

ইডিয়ে সিঙৰ আবেদনৰ বিৰোধিতা কৰি দাবী কৰে যে তদন্ত এতিয়াও চলি আছে আৰু যদি তেওঁক জামিনত মুকলি কৰা হয়, তেন্তে তেওঁ তদন্তত বাধা দিব পাৰে, প্ৰমাণৰ সৈতে খেলিমেলি কৰিব পাৰে আৰু সাক্ষীসকলক প্ৰভাৱিত কৰিব পাৰে ।

ইডিয়ে ৪ অক্টোবৰত সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰিছিল । ইডিয়ে অভিযোগ কৰিছে যে সিঙে বাতিল কৰা ২০২১-২০২২ বৰ্ষৰ আবকাৰী নীতি প্ৰস্তুত আৰু ৰূপায়ণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । যিয়ে কিছুমান সুৰা প্ৰস্তুতকৰ্তা, পাইকাৰী বিক্ৰেতা আৰু খুচুৰা বিক্ৰেতাসকলক আৰ্থিকভাৱে লাভান্বিত কৰিছিল । অৱশ্যে সিঙে এই অভিযোগ নাকচ কৰিছে আৰু কোনোধৰণৰ অন্যায়ৰ কথা অস্বীকাৰ কৰিছে ।

লগতে পঢ়ক :দিল্লী আবকাৰী নীতি কেলেংকাৰীৰ গোচৰ; মনীষ ছিছোডিয়াৰ ন্যায়িক জিম্মা ১৯ জানুৱাৰীলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.