ETV Bharat / bharat

Manish Sisodia Judicial Custody : মনীষ ছিছোডিয়াৰ ন্যায়িক জিম্মা ২২ নৱেম্বৰলৈ বৃদ্ধি

author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 4:15 PM IST

দিল্লী সুৰা নীতি কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা আপ নেতা মনীষ ছিছোডিয়াক ৰাউজ এভিনিউ আদালতত হাজিৰ কৰোৱা হয় । চলিত বৰ্ষৰ ২৬ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ হোৱা ছিছোডিয়াই এতিয়াও জামিন লাভ কৰিব পৰা নাই ।

মনীষ ছিছোডিয়াৰ ন্যায়িক জিম্মা ২২ নৱেম্বৰলৈ বৃদ্ধি
Manish Sisodia Judicial Custody

নিউজ ডেস্ক, ১৯ অক্টোবৰ : কাৰাগাৰতে থাকিব লাগিব মনীষ ছিছোডিয়া । পুনৰ নাকচ ছিছোডিয়াৰ জামিন আবেদন । দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়াক চিবিআইৰ গোচৰৰ সন্দৰ্ভত বৃহস্পতিবাৰে দিল্লীৰ এখন আদালতত হাজিৰ কৰোৱা হয় । শুনানিৰ পিছত আদালতে মনীষ ছিছোডিয়াৰ ন্যায়িক জিম্মা ২২ নৱেম্বৰলৈ বৃদ্ধি কৰে । উল্লেখযোগ্য যে ৰাউজ এভিনিউ আদালত আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰা জামিনৰ আবেদন নাকচ কৰাৰ পিছত মনীষ ছিছোডিয়াই উচ্চতম ন্যায়ালয়ত জামিনৰ আবেদন দাখিল কৰে । বিগত দুমাহ ধৰি ইয়াৰ শুনানি হৈ আছে ।

আনহাতে, উচ্চতম ন্যায়ালয়তো ছিছোডিয়াৰ জামিন আবেদনৰ বিৰোধিতা কৰি ইডি আৰু চিবিআয়ে বহু বিতৰ্ক কৰিছে । ইফালে উচ্চতম ন্যায়ালয়ে ইডিৰ যুক্তি শুনি এই মন্তব্য কৰে যে যদি আম আদমী পাৰ্টীয়ে সমগ্ৰ কেলেংকাৰীটোৰ পৰা লাভান্বিত হৈছে, তেন্তে আম আদমী পাৰ্টীক কিয় অভিযুক্ত কৰা হোৱা নাই ।

উচ্চতম ন্যায়ালয়ৰ এই পৰ্যবেক্ষণৰ পিছত ইডিয়ে বৰ্তমান আম আদমী পাৰ্টীকো ধন সৰবৰাহৰ গোচৰত অভিযুক্ত কৰাৰ কথা বিবেচনা কৰি আছে । এই বিষয়ে এতিয়া চৰ্চা তীব্ৰতৰ হৈছে । আনহাতে, যদি আম আদমী পাৰ্টীক ধন আত্মসাতৰ গোচৰত অভিযুক্ত কৰা হয় তেন্তে ই দলটোৰ নেতৃত্ব আৰু সংগঠন দুয়োৰে ওপৰত নেতিবাচক প্ৰভাৱ পেলাব বুলি বিশ্লেষকসকলে অনুমান কৰে । উল্লেখ্য যে ২৬ ফেব্ৰুৱাৰীত চিবিআয়ে মনীষ ছিছোডিয়াক গ্ৰেপ্তাৰ কৰিছিল ।

ইয়াৰ পিছত ইডিয়েও ছিছোডিয়াক ৯ মাৰ্চত তিহাৰ কাৰাগাৰৰ পৰা গ্ৰেপ্তাৰ কৰে । তেতিয়াৰে পৰা তেওঁ ইডি আৰু চিবিআইৰ দুয়োটা গোচৰত তিহাৰ কাৰাগাৰত বন্দী হৈ আছে । এই সময়ছোৱাত নিম্ন আদালতৰ পৰা উচ্চ আদালতলৈ তেওঁৰ জামিনৰ বাবে আবেদন দাখিলৰ প্ৰক্ৰিয়া অব্যাহত আছে । অৱশ্যে ইয়াৰ মাজতে আবকাৰী কেলেংকাৰীৰ বহু অভিযুক্তক জামিন দিয়া হৈছে যদিও ছিছোডিয়াই এতিয়াও জামিন লাভ কৰা নাই ।

লগতে পঢ়ক :Terrorist recruits in UP : উত্তৰ প্ৰদেশত সন্ত্ৰাসবাদী নিযুক্তিৰ ভয়ংকৰ তথ্য প্ৰকাশ, ধৃত সন্ত্ৰাসবাদীয়ে কৰিলে স্বীকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.