ETV Bharat / bharat

Suspension from Lok Sabha: আজি নিজৰ বক্তব্য লিপিৱদ্ধ কৰিব কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জনে

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 1:11 PM IST

Updated : Aug 30, 2023, 1:27 PM IST

30 আগষ্টত সংসদৰ বিশেষাধিকাৰ সমিতিৰ সন্মুখত হাজিৰ হ’ব কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধুৰী ৷ 10 আগষ্টত সদনৰ কাম-কাজত ব্যাঘাত জন্মোৱাৰ অভিযোগত কংগ্ৰেছ সাংসদগৰাকীক অধ্যক্ষ ওম বিৰলাই নিলম্বন কৰিছিল সদনৰ পৰা ।

Suspension from Lok Sabha
কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধুৰী

নেশ্যনেল ডেস্ক, 30 আগষ্ট: কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীক যোৱা 10 আগষ্টত অধ্যক্ষ ওম বিৰলাই নিলম্বন কৰিছিল সদনৰ মজিয়াৰ পৰা । সদনৰ কাম-কাজত ব্যাঘাত জনোৱাৰ অভিযোগত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা লোকসভাৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীক নিম্ন সদনৰ পৰা নিলম্বন কৰা হৈছিল ৷ এই সন্দৰ্ভত বুধবাৰ অৰ্থাৎ 30 আগষ্টৰ দিনা সংসদৰ বিশেষাধিকাৰ সমিতিৰ সন্মুখত হাজিৰ হ’ব সাংসদগৰাকী । বুধবাৰে দিনৰ 12.30 বজাত সংসদীয় পেনেলৰ সন্মুখত নিজৰ বক্তব্য লিপিৱদ্ধ কৰিব কংগ্ৰেছ নেতাগৰাকীয়ে ।

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে অভব্য আচৰণৰ দোহাই দি চৌধুৰীক নিলম্বনৰ বাবে প্ৰস্তাৱ দাখিল কৰিছিল । চলিত মাহৰ আৰম্ভণিতে বৰ্ষাকালীন অধিৱেশনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্যসকলে সদনত ভাষণ দি থকাৰ সময়ত কংগ্ৰেছ সাংসদগৰাকীয়ে অভব্য আচৰণ ত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছিল ।

চৌধুৰীক নিম্ন সদনৰ পৰা নিলম্বন কৰাৰ প্ৰস্তাৱ মৌখিকভাৱে গৃহীত কৰা হয় । সংসদীয় পেনেলে কংগ্ৰেছ নেতাগৰাকীৰ নিলম্বনৰ সৈতে জড়িত বক্তব্য পৰীক্ষা কৰি কমিটীৰ অধ্যক্ষৰ জৰিয়তে সদনত প্ৰতিবেদন দাখিল কৰিব । ঝাৰখণ্ডৰ বিজেপি সাংসদ সুনীল সিং বিশেষাধিকাৰ সমিতিৰ অধ্যক্ষ ।

এই সন্দৰ্ভত সমিতিয়ে কয়, "উক্ত বিষয়ত সাংসদ নিলম্বনৰ যিকোনো ক্ষেত্ৰতে সৰ্বাধিক দিন লোৱাত কমিটীয়ে বিশ্বাস নকৰে । নিৰ্দিষ্ট পদ্ধতিৰে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত তদন্ত চলাব আৰু অতি সোনকালে প্ৰতিবেদন দাখিল কৰিব ।"

উল্লেখ কৰা প্ৰয়োজন যে, মণিপুৰ সন্দৰ্ভত নীৰৱ হৈ থকাৰ অভিযোগ তোলাৰ পিচতে শাসকীয় পক্ষই কংগ্ৰেছ সাংসদগৰাকীৰ বিৰুদ্ধে আনিছিল নিলম্বনৰ প্ৰস্তাৱ । যাক বিৰোধীয়ে কঠোৰ ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হৈছিল ৷

লগতে পঢ়ক: Indo china conflict: চীনৰ দখলত ভাৰতৰ ভূখণ্ড; মোদীৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ নেতা ৰাহুল গান্ধী

Last Updated : Aug 30, 2023, 1:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.