ETV Bharat / bharat

Tripura by poll 2022 : চাৰিওটা সমষ্টিতে প্ৰতিদ্বন্দিতা আগবঢ়াব কংগ্ৰেছে

author img

By

Published : Mar 27, 2022, 2:08 PM IST

বিধায়ক শূন্য হৈ আছে ত্ৰিপুৰাৰ চাৰিটাকৈ বিধানসভা সমষ্টি । যাৰ বাবে ত্ৰিপুৰাত উপ-নিৰ্বাচনক (Tripura by election 2022) লৈ বিশেষ তৎপৰতা দেখিবলৈ পোৱা গৈছে । কংগ্ৰেছৰ ঘোষণা আটাইকেইটা সমষ্টিতে প্ৰতিদ্বন্দিতা আগবঢ়াব দলটোৱে ।

Tripura by poll 2022
চাৰিওটা সমষ্টিতে প্ৰতিদ্বন্দিতা আগবঢ়াব কংগ্ৰেছে

আগৰতলা,২৭ মাৰ্চ : ত্ৰিপুৰাত ৪ টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন (Tripura bye election 2022)। আটাইকেইটা সমষ্টিৰে বিধায়কৰ আসম খালী হৈ থকাত এতিয়া সকলো দলৰে তৎপৰতা বৃদ্ধি পাইছে । কংগ্ৰেছ দলেও আটাইকেইটা সমষ্টিতে নিজ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব । শনিবাৰে এই কথা ঘোষণা কৰে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ।

উল্লেখ্য যে, ত্ৰিপুৰাৰ আগৰতলা, বৰদোৱালী, সুৰমা আৰু জুবাৰাজ নগৰ বিধানসভা সমষ্টিৰ আসনসমূহ সম্প্ৰতি খালী হৈ আছে (Seats in 4 assembly constituencies in Tripura vacant)। আগৰতলা আৰু বৰদোৱালী সমষ্টিৰ বিজেপি বিধায়কদ্বয় ক্ৰমে সুদীপ ৰয় বৰ্মা আৰু অশীষ কুমাৰ সাহাই পদত্যাগ কৰিছে । আনহাতে সুৰমা বিধানসভা সমষ্টিৰ বিধায়ক আশীষ দাসক দল বিৰোধী কাৰ্যকলাপৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে (MLA Asish Das was disqualified)।

ইফালে জুবাৰাজনগৰ সমষ্টিৰ চিপিআই(এম)ৰ বিধায়ক তথা বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ ৰমেন্দ্ৰ চন্দ্ৰ দেবনাথৰ মৃত্যু হৈছে (Former Speaker Ramendra Chandra Debnath passed away)। যাৰ বাবে এই চাৰিটা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে । প্ৰতিটো দলেই উপ-নিৰ্বাচনক লৈ ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত হৈ থকাৰ মাজতে সংবাদমেলযোগে কংগ্ৰেছ দলে ঘোষণা কৰে যে তেওঁলোকেও উক্ত সমষ্টিকেইটাৰ বাবে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ।

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা লাইটফ্লাণ্ডে কয় যে, আগন্তুক উপ-নিৰ্বাচনত জয়ী হোৱাৰ বাবে কংগ্ৰেছ দলে অক্লান্ত পৰিশ্ৰম কৰিছে । যাৰ বাবে সকলো খালী আসনতে কংগ্ৰেছ প্ৰতিদ্বন্দিতা আগবঢ়াব । ইফালে দলৰ সকলো শীৰ্ষ নেতাই সভাত অংশগ্ৰহণ কৰিছে । তেওঁ উল্লেখ কৰা মতে সভাত তেওঁলোকৰ সাংগঠনিক প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰাৰ লগতে সম্ভাব্য সমস্যাসমূহৰ সমাধান সূত্ৰ বিচাৰি উলিওৱাৰ বাবে মত বিনিময় কৰা হয় ।

লগতে পঢ়ক :বাওঁমৰ্চাৰ চৰকাৰে SC উন্নয়ন নিগমক আৰ্থিকভাৱে পংগু কৰিছে : মন্ত্ৰী ভগৱান চন্দ্ৰ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.