ETV Bharat / bharat

Lok Sabha Debate on Manipur: মণিপুৰৰ ওপৰত অনাস্থা প্ৰস্তাৱক লৈ লোকসভাৰ সদস্যক নৈতিক প্ৰত্যাহ্বান কংগ্ৰেছৰ

author img

By

Published : Jul 26, 2023, 8:03 PM IST

মণিপুৰৰ পৰিস্থিতিক লৈ উত্তাল হৈ আছে ৷ বুধবাৰে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে মণিপুৰৰ পৰিস্থিতিক লৈ অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ লগতে কংগ্ৰেছ দলে সকলো সাংসদক মণিপুৰৰ ঘটনাক লৈ ব্যক্তিগত স্থিতি ল’বৰ বাবে প্ৰত্যাহ্বান জনায় ৷

Lok Sabha Debate on Manipur
Lok Sabha Debate on Manipur

নেশ্যনেল ডেস্ক, 26 জুলাই: লোকসভাৰ সকলো সদস্যৰ মণিপুৰৰ ঘটনা সন্দৰ্ভত ব্যক্তিগতভাৱে স্থিতি লোৱাৰ বাবে নৈতিক প্ৰত্যাহ্বান জনাইছে কংগ্ৰেছ দলে ৷

বুধবাৰে শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছ দলে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱৰ ওপৰত সদনে বিতৰ্ক আৰু ভোটদানৰ প্ৰস্তুতি অব্যাহত ৰখাৰ সময়তে এই প্ৰত্যাহ্বান আগবঢ়াই কংগ্ৰেছে ৷

543 জনীয়া লোকসভাত শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন এন ডি এৰ সংখ্যাগৰিষ্ঠতা থকা স্বত্বেও এই প্ৰস্তাৱ কংগ্ৰেছ দলে উত্থাপন কৰিছিল ৷ অৱশ্যে ভোটদানৰ সময়ত এই প্ৰস্তাৱটো পৰাজিত হোৱাৰ সম্ভাৱনা আছে ৷

‘‘প্ৰশ্নটো সংখ্যাৰ বিষয়ে নহয়, মণিপুৰৰ পৰিস্থিতি কোনে এই পৰ্যায়লৈ আনিলে সেই বিষয়ে নৈতিকতা আৰু দায়বদ্ধতাৰ বিষয়ে ৷ যেতিয়া সদনত বিভাজন হ'ব, ই দেখুৱাব যে মণিপুৰৰ ক্ষেত্ৰত নৈতিকতাৰ বিষয়টোত কোনে ক'ত থিয় দিছে ৷ মণিপুৰ উত্তৰ-পূবৰ এক সংবেদনশীল ৰাজ্য আৰু যিকোনো সামাজিক বিভ্ৰান্তিয়ে ৰাষ্ট্ৰীয় সুৰক্ষাৰ ওপৰত প্ৰভাৱ পেলায় । ৰাজ্যখনত কোনো আইন-শৃংখলা নাই, চৰকাৰ নাই । এনে বহুতো প্ৰশ্ন আছে যাৰ উত্তৰ কেৱল চৰকাৰৰ শীৰ্ষ নেতৃত্বই হে দিব পাৰে ৷’’ কংগ্ৰেছৰ মুখপাত্ৰ তথা লোকসভাৰ সাংসদ মনীষ তিৱাৰীয়ে কয় ৷

তেওঁ আৰু কয়, ‘‘চৰকাৰে কৈ আছিল যে তেওঁলোকে মণিপুৰৰ ওপৰত বিতৰ্ক কৰিবলৈ সাজু ৷ কিন্তু কেৱল অতি কম সময়ৰ বাবেহে আলোচনা শাসকীয় দলটোৱে আলোচনা কৰিব বিচাৰিছিল ৷’’ উল্লেখ্য লোকসভাৰ সাসংদ গৌৰৱ গগৈয়ে এই অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে ৷

20 জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পৰা বিৰোধী দলসমূহে একেলগে দাবী কৰি আহিছে যে প্ৰধানমন্ত্ৰী মোদীয়ে সদনত মণিপুৰ সন্দৰ্ভত এটা বিবৃতি দিব লাগে আৰু মণিপুৰৰ জ্বলন্ত পৰিস্থিতিৰ ওপৰত বিতং আলোচনা হ'ব লাগে ৷

লগতে পঢ়ক: Manipur issue at Lok Sabha: লোকসভাত মণিপুৰৰ ঘটনাক লৈ সাংসদ গৌৰৱ গগৈৰ অনাস্থা প্ৰস্তাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.