ETV Bharat / bharat

চীনা ঋণ এপৰ দ্বাৰা প্ৰৱঞ্চিত হৈ ৫২ ভাৰতীয়ৰ আত্মহত্যাৰ অভিযোগ কংগ্ৰেছৰ

author img

By

Published : Aug 30, 2022, 5:56 PM IST

congress
congress

কংগ্ৰেছ নেতাসকলৰ মতে, কোভিড মহামাৰীৰ দ্বাৰা ক্ষতিগ্ৰস্ত (Covid pandemic hit) হোৱা নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে এই অবৈধ চীনা এপবোৰৰ আশ্ৰয় লৈছিল, যিয়ে তেওঁলোকক সস্তীয়া ঋণ আগবঢ়াইছিল (illegal Chinese apps offered cheap loans) ।

নিউজ ডেস্ক, ৩০ আগষ্ট : কংগ্ৰেছে মঙলবাৰে কেন্দ্ৰৰ ডিজিটেল ইণ্ডিয়া অভিযানৰ ওপৰত প্ৰশ্ন উত্থাপন (Congress questioned on Digital India campaign) কৰি কয় যে এন ডি এ চৰকাৰে দেশখনত চলি থকা ৬০০ টা অবৈধ চীনা ঋণ এপৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই (action against illegal Chinese loan apps)। যাৰ ফলত যোৱা কেইবছৰমানত ৫২ জন ভাৰতীয়ই আত্মহত্যা কৰিবলৈ বাধ্য হৈছে (Indians commit suicide for loan due) ।

কংগ্ৰেছ নেতাসকলৰ মতে, কোভিড মহামাৰীৰ দ্বাৰা ক্ষতিগ্ৰস্ত (Covid pandemic hit) নিম্ন-মধ্যবিত্ত লোকসকলে এই অবৈধ চীনা এপবোৰৰ (illegal Chinese apps) আশ্ৰয় লৈছিল, যিয়ে তেওঁলোকক সস্তীয়া ঋণ আগবঢ়াইছিল । পিছত এই এপবোৰে একেজন ব্যক্তিক ঋণত আবদ্ধ কৰে আৰু তেওঁলোকক ব্লেকমেইল কৰা আৰম্ভ কৰে (loan apps blackmailing) । যাৰ ফলত গ্ৰাহকসকলে আত্মহত্যা কৰিবলৈ বাধ্য হয় ।

অৱশ্যে ভাৰতত চলি থকা এনে ধৰণৰ প্ৰায় 1200 এপৰ ভিতৰত ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে স্বীকাৰ কৰিছিল যে ইয়াৰে প্ৰায় 600 টা অবৈধ আছিল (RBI acknowledged 600 illegal app) । যোৱা কেইবছৰমানত এই এপবোৰে ভাৰতৰ বাহিৰত প্ৰায় 500 কোটি টকা আত্মসাৎ কৰা বুলি কংগ্ৰেছ নেতাসকলে কয় ।

"চাওক, মোডী চৰকাৰৰ ডিজিটেল ইণ্ডিয়া শ্লোগান কেৱল ভাষণত ব্যৱহাৰৰ বাবে (Modi government Digital India slogan) । তৃণমূলত বহুতো সমস্যা আছে । আমি জানো যে এনে ধৰণৰ অবৈধ চীনা এপসমূহ কিছু বছৰ ধৰি দেশখনত চলি আছে । কিন্তু সেইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই ।" এআইচিচিৰ সচিব বি এম সন্দীপে এনেদৰে কয় (AICC Secretary questioned central Govt) ।

তেওঁ লগতে লাডাখ আৰু অৰুণাচল প্ৰদেশত ভাৰতীয় সীমাৰ ওপৰেৰে চীনা অনুপ্ৰৱেশ (Chinese intrusion across Indian borders) সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি কয় যে চৰকাৰে আগতে চীনক 'ৰঙা চকু' দেখুওৱাৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু বৃহত্তৰ চুবুৰীয়াৰ ভাবুকিৰ মোকাবিলা কৰিবলৈ একো কৰা নাই । "চৰকাৰে এতিয়া চীনলৈ কিয় ৰঙা চকু দেখুওৱা নাই । তেওঁলোকে আমাৰ সীমাৰ ভিতৰত প্ৰৱেশ কৰিছে । তেওঁলোকে আমাৰ সৈনিকসকলক হত্যা কৰিছিল ।" সন্দীপে লগতে কয় ।

তেওঁ কয়, "চৰকাৰে প্ৰথমতে কিছুমান চীনা এপ নিষিদ্ধ কৰিছিল (government banned Chinese apps) যাতে চৰকাৰখনে কিবা কৰি থকা বুলি দেখুৱাব পাৰে । কিন্তু তাৰ পিছৰ পৰা নীৰৱ দৰ্শক হৈ আছে ।" আনহাতে, এআইচিচিৰ সম্পাদক চেতন চৌহানে কয় যে চৰকাৰৰ দ্বাৰা প্ৰস্তুত কৰা বহুতো শ্লোগানৰ মাজত আন এটা শ্লোগান ডিজিটেল ইণ্ডিয়া ব্যৰ্থ হিচাপে প্ৰমাণিত হৈছে, যি গ্ৰাম্য অঞ্চলৰ সংযোগ সমস্যাৰ বিষয়ে অৱগত নহয় ।

"ডিজিটেল ইণ্ডিয়া কেৱল কাগজৰ বাঘ । দেশৰ গ্ৰামাঞ্চলত ইণ্টাৰনেট সংযোগৰ বহুতো সমস্যা আছে । মই জানো যে বিহাৰ, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানৰ কৃষকসকলে, যিসকলে তেওঁলোকৰ শস্যৰ অনলাইন পৰিশোধৰ বাবে চৰকাৰী কৰ্তৃপক্ষৰ সৈতে পঞ্জীয়ন কৰে, তেওঁলোক যথেষ্ট সমস্যাৰ সন্মুখীন হয় ।" চৌহানে এনেদৰে কয় ।

"কংগ্ৰেছে আমাৰ সীমান্তত আৰু চীনৰ পৰা অনলাইন প্লেটফৰ্মৰ জৰিয়তে হোৱা দুয়োটা ভাবুকিৰ ওপৰত আলোকপাত কৰি আহিছে । বিতৰ্কিত পেগাচাছ ছফ্টৱেৰৰ (controversial Pegasus software) দৰে চীনেও ভাৰতীয়সকলৰ ওপৰত চোৰাংচোৱাৰ বাবে এনে সঁজুলি ব্যৱহাৰ কৰিব পাৰে আৰু আমাৰ অৰ্থনীতিৰ ক্ষতি কৰিব পাৰে (China to spy on Indians) । চৰকাৰে এনে ধৰণৰ ভাবুকিৰ মোকাবিলা কৰিবলৈ কাম কৰা উচিত ।" তেওঁ লগতে কয় । ইয়াৰ উপৰি কংগ্ৰেছৰ মুখপাত্ৰ অধ্যাপক গৌৰৱ বল্লভৰ মতে, চীনা ঋণ এপসমূহে ঋণৰ জালপাতি ষড়যন্ত্ৰৰ জৰিয়তে লাখ লাখ ভাৰতীয়ক প্ৰতাৰণা কৰাৰ বাতৰি প্ৰকাশ পোৱাৰ দুবছৰ হ'ল । কিন্তু বিষয়টোত কোনো ব্যৱস্থা লোৱা হোৱা নাই (Congress highlighting threats on borders) ।

"২০২১ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ মাজভাগত কৰা এক অনুসন্ধানত অনলাইন প্লে ষ্টোৰত ১১০০ তকৈও অধিক ডিজিটেল ঋণ এপ উপলব্ধ পোৱা গৈছে । আৰবিআইয়ে স্বীকাৰ কৰিছিল যে কমেও ৬০০ টা এনে এপে অবৈধভাৱে কাম কৰি আছিল । ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ মতে, 2017 ৰ পৰা 2020 চনৰ ভিতৰত ডিজিটেল প্লেটফৰ্মত ঋণ 12 গুণ বৃদ্ধি হৈছিল । এতিয়ালৈকে আমাৰ দেশৰ 52 জন ব্যক্তিয়ে এই ঋণ এপবোৰৰ দ্বাৰা ব্লেকমেইল কৰাৰ বাবে আত্মহত্যা কৰিছে ।" অধ্যাপক বল্লভে কয় ।

কংগ্ৰেছ নেতাসকলৰ মতে, মোডী চৰকাৰে ভাৰতীয় অৰ্থনীতিক দুৰ্বল কৰি তুলিছে (Congress blamed Modi weakened Indian economy) । লাখ লাখ লোকক দৰিদ্ৰতাৰ ফালে ঠেলি দিছে । "নিম্ন আৰু মধ্য উপাৰ্জনৰ গোটবোৰে এনে ধৰণৰ ঋণৰ প্ৰস্তাৱ গ্ৰহণৰ বাবে বাধ্য হোৱাৰ এইটো এটা মুখ্য কাৰণ । আনটো কাৰণ হ'ল, কেন্দ্ৰীয় সংস্থাসমূহৰ বাবে মনোযোগৰ ডাঙৰ ভুল দিশ । তেওঁলোকৰ সম্পদবোৰক আমাক প্ৰভাৱিত কৰা গুৰুতৰ সমস্যাৰ মোকাবিলা কৰাৰ পৰিৱৰ্তে বিৰোধীক আক্ৰমণ কৰিবলৈহে নিৰ্দেশ দিয়া হৈছে ।" অধ্যাপক বল্লভে কয় ।

এনে ভুৱা ঋণ এপৰ (fake loan apps) কাৰ্যপ্ৰণালী ব্যাখ্যা কৰি কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে কয়, ব্যৱহাৰকাৰীয়ে এপ ষ্টোৰৰ পৰা বা পোনপটীয়া বাৰ্তাৰ জৰিয়তে চীনা এপসমূহ ইনষ্টল কৰে । ইনষ্টলেশ্বনৰ সময়ত এপবোৰে ব্যৱহাৰকাৰীৰ ফোন বুক, ফটো গেলেৰী, মেছেজ আদিৰ প্ৰৱেশাধিকাৰ বিচাৰে, যাৰ অবিহনে এপবোৰ ইনষ্টল কৰা নহ'ব । ব্যৱহাৰকাৰীক কেৱাইচি উদ্দেশ্যৰ বাবে আধাৰ বা পেন কাৰ্ডৰ বিৱৰণ প্ৰদান কৰিবলৈ কোৱা হয় ।

ব্যৱহাৰকাৰীক দুগুণ পৰিমাণে পৰিশোধ কৰাৰ বাবে সাত দিনৰ সময় দিয়া হয় । কিন্তু ব্যৱহাৰকাৰীসকলে পাঁচ দিনৰ পিছত ফোন কল লাভ কৰা আৰম্ভ কৰে । আনকি ব্যৱহাৰকাৰীয়ে তেওঁৰ প্ৰয়োজন নোহোৱাকৈ সম্পূৰ্ণ পৰিমাণটো পৰিশোধ কৰিলেও তেওঁৰ একাউণ্টত আৰু কিছু ধন স্থানান্তৰ কৰা হয় বা পৰিশোধ আপডেট কৰা নহয় । যাৰ ফলত ব্যৱহাৰকাৰীয়ে পলমকৈ পৰিশোধ কৰাৰ বাবে জৰিমনা পৰিশোধ কৰিবলৈ বাধ্য হয় ।

যদি ব্যৱহাৰকাৰীয়ে পৰিশোধ কৰিব নোৱাৰে, তেন্তে তেওঁৰ সম্পাদনা কৰা ছবিখন তেওঁৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰা হয় । যদি এই প্ৰক্ৰিয়াই কামত নিদিয়ে, তেন্তে কল চেণ্টাৰ ব্যৱহাৰ কৰি তেওঁলোকে ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ নগ্ন ফটো শ্বেয়াৰ কৰাৰ সতৰ্কবাণীৰে হাৰাশাস্তি কৰে ।

"কেন্দ্ৰীয় চৰকাৰ আৰু সংস্থাসমূহৰ অযোগ্যতাৰ ফলত এনে ধৰণৰ ঋণৰ ফান্দত পৰি একাধিক আত্মহত্যাৰ ঘটনা ঘটিছে । চীনা ঋণ এপ কোম্পানীবোৰে হাৱালা পথৰ (hawala route) জৰিয়তে ভাৰতৰ পৰা ৫০০ কোটি টকা আত্মসাৎ কৰিছে । অগ্ৰাধিকাৰ মূল্যায়নত মোডী চৰকাৰৰ কোনো ৰণনীতি নাই, কোনো গুৰুত্ব দিয়া হোৱা নাই । ২০২০ চনত কিছুমান চীনা এপ নিষিদ্ধ কৰা হৈছিল । কিন্তু এনে এপসমূহৰ ওপৰত পদক্ষেপ কম আছিল ।" অধ্যাপক বল্লভে লগতে কয় ।

লগতে পঢ়ক :বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত তৃতীয় স্থানত গৌতম আদানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.