ETV Bharat / bharat

Congress presidential election result 2022 : আজি কংগ্ৰেছে পাব নতুন সভাপতি

author img

By

Published : Oct 19, 2022, 10:09 AM IST

Congress
কংগ্ৰেছে পাব নতুন সভাপতি

বুধবাৰে ঘোষণা হ'ব কংগ্ৰেছৰ নতুন সভাপতিৰ নাম । সোমবাৰে অনুষ্ঠিত হৈছিল সভাপতি পদৰ বাবে নিৰ্বাচন (Congress presidential polls)। সভাপতি পদৰ প্ৰাৰ্থী হৈছে মল্লিকাৰ্জুন খাৰ্গে আৰু শশী থাৰুৰ । আজি পুৱা ১০ বজাৰ পৰা সভাপতি পদৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে ।

নেশ্যনেল ডেস্ক,১৯ অক্টোবৰ : সুদীৰ্ঘ ২৪ বছৰৰ অন্তত অগান্ধী পৰিয়ালৰ লোকে নেতৃত্ব দিব নিখিল ভাৰত কংগ্ৰেছ কমিটিক (Congress new president)। বুধবাৰে ঘোষণা হ'ব এআইচিচিৰ সভাপতিৰ নাম । বুধবাৰে পুৱা ১০ বজাৰ পৰা সভাপতি পদৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে (Congress presidential election vote counting) আৰু ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে ।

দলটোৰ সূত্ৰই জনোৱা মতে দেশৰ সকলো ভোটকেন্দ্ৰৰ পৰা বেলট বাকচ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়লৈ অনা হৈছে । সেইবোৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ ভিতৰত তীক্ষ্ণ নজৰত পৃথক কোঠাত ৰখা হৈছে । যিহেতু ভোটগণনা দলৰ মুখ্য কাৰ্যালয়তে অনুষ্ঠিত হ'ব । আশা কৰা হৈছে দুয়োগৰাকী প্ৰাৰ্থীৰ এজেণ্টৰ উপৰিও, তেওঁলোকৰ সমৰ্থকসকলে গণনা উপলক্ষে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ'ব ।

উল্লেখ্য যে কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী আৰু আন কেইবাজনো জ্যেষ্ঠ নেতাকে ধৰি প্ৰায় ৯,৫০০ প্ৰতিনিধিয়ে সোমবাৰে নতুন দলৰ সভাপতি নিৰ্বাচনৰ বাবে ভোটদান কৰে (Congress presidential election)। কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচন কৰ্তৃপক্ষৰ অধ্যক্ষ মধুসূদন মিস্ত্ৰীয়ে কয় যে প্ৰায় ৯৬ শতাংশ ভোটদান সম্পন্ন হৈছে । অৱশ্যে সম্পূৰ্ণ পৰিসংখ্যা প্ৰকাশ হোৱাৰ পাছত কিছু পৰিৱৰ্তন হ'ব পাৰে ।

আজি নিৰ্ণয় হ'ব মল্লিকাৰ্জুন খাৰ্গে আৰু শশী থাৰুৰৰ ভৱিষ্যৎ (Kharge vs Tharoor)। গান্ধী পৰিয়ালৰ ঘনিষ্ঠ বুলি জনাজাত আৰু বহুতো জ্যেষ্ঠ নেতাৰ সমৰ্থনৰ বাবে খাৰ্গেৰ পক্ষ অতি শক্তিশালী বুলি গণ্য কৰা হৈছে । ভোটগ্ৰহণৰ পূৰ্বে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ছোনিয়া গান্ধীয়ে কয় যে তেওঁ দীৰ্ঘদিনৰ পৰা এই দিনটোৰ বাবে অপেক্ষা কৰি আছিল । প্ৰায় ৯,৯০০ কংগ্ৰেছ প্ৰতিনিধিয়ে দলৰ মুৰব্বী নিৰ্বাচিত কৰিবলৈ ভোটদান কৰিছে । কংগ্ৰেছৰ মুখ্য কাৰ্যালয়কে ধৰি প্ৰায় ৬৮ টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল ।

কংগ্ৰেছ দলৰ ১৩৭ বছৰৰ ইতিহাসত এয়া ষষ্ঠবাৰৰ বাবে সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে । দলৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশৰ মতে, ১৯৩৯, ১৯৫০, ১৯৭৭, ১৯৯৭ আৰু ২০০০ চনত এতিয়ালৈকে সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে । এইবাৰ সম্পূৰ্ণ ২২ বছৰৰ অন্তত সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে ।

তেওঁ লগতে কয় যে এই নিৰ্বাচনৰ লগে লগে ২৪ বছৰ নেতৃত্বত থকা গান্ধী পৰিয়ালৰ বাহিৰৰ নেতা দেশৰ আটাইতকৈ পুৰণি দলৰ সভাপতি হিচাপে নিৰ্বাচিত হ'ব । ইয়াৰ পূৰ্বে, সীতাৰাম কেশৰী এগৰাকী অ-গান্ধী সভাপতি আছিল ।

প্ৰাৰ্থী থাৰুৰে নিৰ্বাচনৰ সময়ত কৈছিল যে তেওঁ যিবোৰ পৰিৱৰ্তনৰ কথা চিন্তা কৰিছে তাত দলৰ মূল্যবোধৰ কোনো পৰিৱৰ্তন নহয় কেৱল লক্ষ্যত উপনীত হোৱাৰ পথৰ সলনি কৰিব । আনহাতে নিৰ্বাচনৰ পূৰ্বে খাৰ্গে কৈছিল যে যদি তেওঁ সভাপতি হয়, তেন্তে তেওঁ দলীয় বিষয়ত গান্ধী পৰিয়ালৰ পৰামৰ্শ আৰু সহযোগিতা বিচাৰিবলৈ কেতিয়াও দ্বিধা নকৰিব কিয়নো পৰিয়ালটোৱে যথেষ্ট সংগ্ৰাম কৰিছে আৰু দলটোৰ উন্নয়নত যথেষ্ট অৰিহণা যোগাইছে ।

লগতে পঢ়ক:AICC President Election 2022 : গান্ধী পৰিয়ালৰ পৰা মুক্ত হ’ব কংগ্ৰেছৰ সভাপতি পদ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.