ETV Bharat / bharat

বিজেপিক পৰাজিত কৰিবলৈ সুৰমা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ নকৰে কংগ্ৰেছে

author img

By

Published : Jun 9, 2022, 1:33 PM IST

ত্ৰিপুৰাত ২৩ জুনত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনত বিজেপিক পৰাজিত কৰিবলৈ কংগ্ৰেছৰ নতুন সমীকৰণ(Congress leaves Surma seat for tactical alliance ) ৷ সুৰমা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপৰ পৰিবৰ্তে বিজেপিক পৰাস্ত কৰিব পৰা দলক সমৰ্থন জনোৱাৰ সিদ্ধান্ত লৈছে দলটোৱে ৷

New equation congress in Tripura
বিজেপিক পৰাজিত কৰিবলৈ সুৰমা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ নকৰে কংগ্ৰেছে

আগৰতলা, জুন ৯: ত্ৰিপুৰাত অহা ২৩ জুনত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনত বিজেপিক পৰাজিত কৰিবলৈ কংগ্ৰেছে নতুন সমীকৰণ আৰম্ভ কৰিছে। এইবাৰ বিজেপিক পৰাজিত কৰিবলৈ ৪৬-সুৰমা বিধানসভা সমষ্টিত কোনো প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দলটোৱে । তেওঁলোকে বিজেপিক পৰাস্ত কৰিব পৰা যিকোনো দলক সমষ্টিটোত সমৰ্থন জনোৱাৰ সিদ্ধান্ত লৈছে(Congress will support any party that can defeat BJP)। এআইচিচি ত্ৰিপুৰাৰ লগতে কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ দায়িত্বত থকা ড০ অজয় কুমাৰে ৬ জুনত এই ইংগিত দিয়ে ।

তেওঁলোকে ৪৬ সুৰমা বিধানসভা সমষ্টিত কোনো প্ৰাৰ্থী প্ৰদান নকৰে আৰু ২৩ জুনত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিব পৰা যিকোনো দলেক সমৰ্থন আগবঢ়াব বুলি উল্লেখ কৰি তেওঁ কয় যে শাসকীয় বিজেপিক আটাইতকৈ দুৰ্নীতিগ্ৰস্ত দল আৰু বন্দুকৰ প্ৰশিক্ষণ দিছে ৷ ড০ অজয়ে বিজেপিৰ প্ৰাক্তন মন্ত্ৰী সুদীপ ৰয় বৰ্মনকে ধৰি কংগ্ৰেছৰ দুজন প্ৰাৰ্থীৰ সৈতে এক নিৰ্বাচনী প্ৰচাৰ সভাতো অংশগ্ৰহণ কৰে ।

উল্লেখ্য় যে উপ-নিৰ্বাচনৰ বাবে সুদীপ ৰয় বৰ্মনে ৮-টাউন বৰদোৱালী বিধানসভা সমষ্টিৰ পৰা আৰু ৬-আগৰতলাৰ পৰা প্ৰাক্তন বিজেপি বিধায়ক আশীষ কুমাৰ সাহাৰ পৰা প্ৰতিদ্বন্দিতা কৰিব । এই দুখন আসনত কংগ্ৰেছ জিকিব আৰু জুবাৰাজনগৰ বিধানসভা সমষ্টিত কঠিন যুঁজ হ'ব বুলি তেওঁ দাবী কৰে।

বিজেপিক উৎখাত কৰিবলৈ সুৰমাত যিকোনো দলক সমৰ্থন জনাব বুলি উল্লেখ কৰি ত্ৰিপুৰাৰ পৰা বিজেপিক উৎখাত কৰাৰ স্বাৰ্থতে এই সিদ্ধান্ত লোৱা বুলি ড০ অজয়ে কয় । বিজেপিক আটাইতকৈ দুৰ্নীতিগ্ৰস্ত দল বুলি অভিহিত কৰি ড০ অজয়ে কয়, "সকলোৱে বিজেপিৰ অৱস্থা দেখিছে । নিৰ্বাচনৰ পূৰ্বে বিপ্লৱ কুমাৰ দেৱক মুখ্যমন্ত্ৰীৰ পদৰ পৰা আঁতৰাই দিয়া হৈছিল । কাৰণ তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ বহুতো অভিযোগ উত্থাপিত হৈছিল" ।

তেওঁ লগতে কয় যে, "আটাইতকৈ দুৰ্নীতিগ্ৰস্ত চৰকাৰ হৈছে বিজেপি (Bjp is the most corrupt government)। তেওঁলোকে আনকি মানুহৰ প্ৰতিশ্ৰুতিও পূৰণ কৰা নাছিল আৰু মানুহে তেওঁলোকক ৰাজ্যৰ পৰা উৎখাত কৰা উচিত । ভোটাৰসকলে তেওঁলোকক এটা কঠোৰ উত্তৰ দিয়া উচিত" । কংগ্ৰেছৰ প্ৰাৰ্থীসকলে এই দুখন আসনত জয়ী হ'ব আৰু বিজেপিৰ ড০ মানিক সাহা আৰু ড০ অশোক সিনহা এই নিৰ্বাচনত শোচনীয়ভাৱে পৰাজিত হ'ব বুলি তেওঁ কয় ।

লগতে পঢ়ক:ভালুকৰ সাঙীত পৰিণত মহানগৰীৰ বিদ্যুৎ শক্তি উৎপাদনৰ কোটি টকীয়া প্ৰকল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.